টাটা পৰিয়াল
৫ প্ৰবন্ধ
-
ৰতন টাটা
ৰতন নৱাল টাটা, (Ratan Naval Tata; ২৮ ডিচেম্বৰ ১৯৩৭ – ৯ অক্টোবৰ ২০২৪) হৈছে ভাৰতৰ এজন উল্লেখযোগ্য উদ্যোগপতি আৰু দানবীৰ,। ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ "ডাইৰেক্টৰ" হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৯১ চনত টাটা গ্ৰুপৰ "চেয়াৰমেন" পদত ৰতন টাটাক নিযুক্তি দিয়া হৈছিল।
-
জাহাংগীৰ ৰতনজী দাদাভাই টাটা
জাহাংগীৰ ৰতনজী দাদাভাই টাটা চমুকৈ জে আৰ ডি টাটা (২৯ জুলাই ১৯০৪ – ২৯ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় উদ্যোগপতি, উদ্যমী, উৰাজাহাজ উদ্যোগী টাটা গ্ৰুপৰ অধ্যক্ষ আৰু টাটা চনছ্ৰ অংশীদাৰ আছিল। টাটা পৰিয়ালত জন্মগ্ৰহণ কৰা জাহাংগীৰ বিখ্যাত ব্যৱসায়ী ৰতনজী দাদাভাই টাটা আৰু সুজেইন "চনী" ব্ৰিয়েৰৰ সন্তান আছিল।
-
জামছেদজী টাটা
জামছেটজী নুছেৰৱানজী টাটা (জন্ম, ৩ মাৰ্চ ১৮৩৯ – মৃত্যু, ১৯ মে' ১৯০৪) ভাৰতৰ সৰ্ববৃহৎ সংঘবদ্ধ টাটা গ্ৰুপ প্ৰতিষ্ঠা কৰা এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ। তেওঁ জামছেদপুৰ নগৰ প্ৰতিষ্ঠা কৰিছিল। নৱছাৰীত পাৰ্চী পুৰোহিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
-
ডোৰাবজী টাটা
ছাৰ ডোৰাবজী টাটা ( জন্ম,২৭ আগষ্ট ১৮৫৯ – মৃত্যু,৩ জুন ১৯৩২) ব্ৰিটিছ ৰাজৰ সময়ত এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ, আৰু টাটা গোটৰ ইতিহাস আৰু বিকাশৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল। বৃটিছ ভাৰতৰ উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯১০ চনত তেওঁক নাইট পদবী দিয়া হয়।
-
নৱাল টাটা
নৱাল টাটা এগৰাকী প্ৰখ্যাত ভাৰতীয় উদ্যোগপতি আছিল। ভাৰতৰ বিখ্যাত টাটা গ্ৰুপৰ এজন উল্লেখযোগ্য সদস্য। তেওঁ ৰতন টাটা, জিম্মী টাটা আৰু নৱেল টাটাৰ পিতৃ।