জ্যোতিপ্ৰসাদ আগৰৱালা
১১ প্ৰবন্ধ
-
জয়মতী (১৯৩৫ চলচ্চিত্ৰ)
জয়মতী (১৯৩৫) অসমীয়া ভাষাৰ প্ৰথম কথাছবি আৰু অসমৰ বুৰঞ্জী-সমল আধাৰিত চলচ্চিত্ৰচৰ্চাৰ এটা পথপ্ৰদৰ্শক কৃতি। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰযোজনা-পৰিচালনাত, লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকৰ আধাৰত নিৰ্মিত এই ছবিখনে ঐতিহাসিক কাহিনীক সমকালীন ৰাজনৈতিক ইঙ্গিতৰ সৈতে জোৰা দিয়াৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিছে।
-
শিল্পী দিৱস
শিল্পী দিৱস প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদ্যাপন কৰা হয়। এই দিনটোতে মহান শিল্পীগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সুঁৱৰি এই দিৱস উদ্যাপন কৰা হৈছিল।
-
শোণিত কুঁৱৰী
শোণিত কুঁৱৰী এখন মূলতঃ এখনি পৌৰাণিক আখ্যানমূলক ৰোমাণ্টিক নাট। এইখন জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত প্ৰথম পূৰ্ণাংগ নাট। ১৯১৭ চনত চৈধ্য বছৰ বয়সত লিখি উলিওৱা এই নাটকখনত মুঠ পাঁচটা অংক আছে।
-
কাৰেঙৰ লিগিৰী
কাৰেঙৰ লিগিৰী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত দ্বিতীয়খন নাটক। তেখেতে ১৯২৫ চনত নাটকখন লিখা আৰম্ভ কৰি ইংলেণ্ডত থকা সময়ত (প্ৰায় ১৯২৭ চনত) সম্পূৰ্ণ কৰিছে। কাৰেঙৰ লিগিৰীৰ প্ৰথম প্ৰকাশ হয় ১৯৩৭ চনত। প্ৰথম সংস্কৰণৰ প্ৰণেতাৰ কথাত নাট্যকাৰে নাটখন প্ৰায় ১০ বছৰ আগতে লিখা বুলি উল্লেখ কৰিছে।
-
ইন্দ্ৰমালতী (চলচ্চিত্ৰ)
ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ। প্ৰথম অসমীয়া কথাছবি 'জয়মতী'ৰ ব্যৱসায়িক বিপৰ্য্যয়ৰ পাছত কম খৰচতে এই ছবিখন নিৰ্মাণ কৰা হৈছিল। ঘাইকৈ জয়মতীত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ কৰা হৈছিল।
-
জ্যোতি সংগীত
জ্যোতি সংগীত বুলিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত অসমীয়া গীতসমূহক বুজা যায়। জ্যোতিপ্ৰসাদৰ হাততে অসমীয়া গীতি-সাহিত্যই পাশ্চাত্য আৰু শাস্ত্ৰীয় প্ৰভাৱৰ পৰা আঁতৰি আহি অসমৰ থলুৱা সুৰ-লয়ক আঁকোৱালি লয়।
-
ৰূপালীম
ৰূপালীম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত তৃতীয়খন সম্পূৰ্ণ নাটক। ১৯৩৬ চনত ৰচিত এই নাটখনিত সাতটাকৈ অংক আছে। ১৯৩৭ চনত এই নাটখন প্ৰথমতে তেজপুৰৰ বাণ ৰঙ্গমঞ্চত মঞ্চস্থ কৰা হয়। কিছু সংশোধনৰ পিছত এই নাটখন ডিব্ৰুগড়ৰ ড্ৰামাটিক আৰ্ট ছোছাইটীয়ে ডিব্ৰুগড়ত দুবাৰকৈ অভিনয় কৰে।
-
লভিতা
লভিতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত চতুৰ্থখন সম্পূৰ্ণ নাট। ই এখন সামাজিক নাটক। ১৯৪৭ চনত ৰচিত এই নাটকখনত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি বৈ যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাৰ এক চিত্ৰ ৰূপায়ণ কৰা হৈছে।
-
নিমাতী কইনা
নিমাতী কইনা হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত এখনি লিৰিকধৰ্মী কাব্য-নাট। ১৯৩৬ চনত তেঁও এই নাটখনি ৰচনা কৰিছিল। নিমাতী কইনা নামৰ লক্ষ্মীনাথ বেজবৰুৱাৰ এটি বেলাড জাতীয় কবিতাৰ ওপৰত এই নাটখনি প্ৰতিষ্ঠিত।
-
খনিকৰ (নাট)
খনিকৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এখন পূৰ্ণাংগ অসমীয়া নাটক। ১৯২৮ চনত লিখিবলৈ আৰম্ভ কৰা নাটখনি ১৯৪০ চনত লিখা সম্পূৰ্ণ হয়। এই নাটখনিত শিল্প-ভাস্কৰ্যৰ প্ৰতি অনুৰক্ত নবীন নামৰ এজন ডেকাল'ৰাই বিভিন্ন প্ৰতিকূলতা নেওচি বিলাতলৈ গৈ এজন প্ৰখ্যাত শিল্পকাৰ হৈ উঠাৰ কাহিনী বৰ্ণনা কৰা হৈছে।
-
জ্যোতিপ্ৰসাদ এজ্ এ ফিল্ম মেকাৰ
জ্যোতিপ্ৰসাদ এছ এ ফিল্ম মেকাৰ (Jyotiprasad as a Film Maker) গৌহাটী চাইন ক্লাবৰ সৌজন্যত প্ৰকাশিত অপূৰ্ব শৰ্মাৰ দ্বাৰা ৰচিত আৰু আদি পাব্লিকেশ্যনছৰ ৰাজীৱ বৰুৱাৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থ৷ এই গ্ৰন্থখনে ২০০৫ চনৰ ১৭ জুনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিৱস, শিল্পী দিৱসৰ দিনাখনত মুক্তি পাইছিল৷ গ্ৰন্থখনত…