চলচ্চিত্ৰ প্ৰযোজক
৯৩ প্ৰবন্ধ
-
হিমাংশু ৰায়
হিমাংশু ৰায় ( Himanshu Rai; জন্ম: ১৮৯২ – ১৬ মে ১৯৪০), ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ এগৰাকী বাটকটীয়া আৰু ফিল্ম ষ্টুডিঅ’ৰ প্ৰতিষ্ঠাতা ৰূপে সৰ্বজনবিদিত। ১৯৩৪ চনত, তেওঁ প্ৰখ্যাত অভিনেত্ৰী আৰু পত্নী দেৱিকা ৰাণীৰ সৈতে লগ-লাগি বম্বে টকীজ প্ৰতিষ্ঠা কৰিছিল।
-
ৰামিন বাহৰানী
ৰামিন বাহৰানী (ফাৰ্চী: رامین بحرانی; জন্ম: ২০ জানুৱাৰী, ১৯৭৫) এজন আমেৰিকান পৰিচালক আৰু চিত্ৰনাট্যকাৰ। চলচ্চিত্ৰ সমালোচক ৰজাৰ ইবাৰ্টে বাহৰানীৰ চপ শ্বপ (২০০৭) ছবিখনক ২০০০ দশকৰ ষষ্ঠ শ্ৰেষ্ঠ ছবি হিচাপে স্থান দিছিল আৰু তেওঁক দশকটোৰ নতুন পৰিচালক বুলি অভিহিত কৰিছিল।
-
ৰেজা ডৰমিচিয়ান
ৰেজা ডৰমিচিয়ান (ফাৰ্চী: رضا درمیشیان; জন্ম ৬ নৱেম্বৰ, ১৯৮১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দাৰিউচ মেহৰ্জুই, ফেৰেইডুন জেৰানী আৰু আলীৰেজা ডাভুদ নেজাদৰ দৰে বিশিষ্ট পৰিচালকসকলৰ সৈতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।