ওড়িয়া ভাষা
৪ প্ৰবন্ধ
-
ওড়িয়া ভাষা
ওড়িয়া বা উৰিয়া (ଓଡ଼ିଆ) ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটি ভাষা। অসমীয়া আৰু বাংলা ভাষাৰ লগত এই ভাষাটোৰ যথেষ্ট মিল আছে। এই ভাষাটো প্ৰায় ৩ কোটি ১০ লাখ (১৯৯৬ চনৰ হিচাব অনুযায়ী) লোকৰ মাতৃভাষা, যাৰ ভিতৰত অধিকাংশই ওড়িশা ৰাজ্যৰ অধিবাসী।
-
ওড়িয়া লিপি
ওড়িয়া লিপি হ'ল এক ব্ৰাহ্মিক লিপি যি মূলতঃ ওড়িয়া ভাষা আৰু সংস্কৃত আৰু অন্যান্য আঞ্চলিক ভাষাসমূহ লিখিবলৈ ব্যৱহাৰ কৰা হয়। ই ভাৰতীয় গণৰাজ্যৰ চৰকাৰী লিপিৰ ভিতৰত অন্যতম।
-
ওড়িয়া ৱিকিপিডিয়া
ওড়িয়া ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওড়িয়া সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।
-
ৰেৱতী (চুটিগল্প)
ৰেবতী (ওড়িয়া: ରେବତୀ) হ'ল ওড়িয়া সাহিত্যিক ফকীৰ মোহন সেনাপতিৰ দ্বাৰা ৰচিত আৰু ১৮৯৮ চনত প্ৰকাশিত চুটিগল্প। সেই বছৰৰে অক্টোবৰ মাহত উৎকল সাহিত্য পত্ৰিকাৰ দ্বিতীয় বৰ্ষ দশম (কাৰ্ত্তিক ১৩০৬) সংখ্যাত প্ৰথম প্ৰকাশিত হৈছিল। ফকীৰ মোহনে এই পত্ৰিকাত শ্ৰী ধুৰ্জটি ছদ্ম নামেৰে এহি গল্পটো লিখিছিল।