আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক
৫ প্ৰবন্ধ
-
ব্ৰিক্ছ
ব্ৰিক্ছ (BRICS) হৈছে এঘাৰখন দেশক লৈ গঠিত আন্তঃচৰকাৰী সংস্থা; যিসমূহ হৈছে ব্ৰাজিল, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিওপিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহী।
-
অৰ্থনৈতিক একত্ৰীকৰণ
অৰ্থনৈতিক একত্ৰিকৰণ হৈছে একাধিক ৰাষ্ট্ৰৰ অৰ্থনৈতিক নীতিসমূহৰ সমন্বিত বা একত্ৰিত ব্যৱস্থা। এই ব্যৱস্থাত একত্ৰিকৰণৰ পূৰ্বে অন্তৰ্ভুক্ত দেশসমূহে নিজৰ মাজত বিভিন্ন আমদানি শুল্ক আৰু অশুল্ক নিষেধসমূহ কিছু পৰিমাণে বা সম্পূৰ্ণভাৱে উঠাই লয়।
-
ইৰাণ-ইজৰাইলৰ সংঘাত
ইৰাণ–ইজৰাইল প্ৰক্সি সংঘাত, যাক ইৰাণ–ইজৰাইল প্ৰক্সি যুদ্ধ বা ইৰাণ–ইজৰাইল শীতল যুদ্ধ (Iran–Israel proxy conflict) বুলিও কোৱা হয়৷ ই হৈছে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা প্ৰক্সি সংঘাত। ইজৰাইল–লেবাননৰ সংঘাতত ইৰাণে লেবাননৰ ছিয়া সামৰিক বাহিনীক সমৰ্থন কৰিছিল, বিশেষকৈ হিজবুল্লাহক।
-
ইৰান জৰ্জিয়াৰ সম্পৰ্ক
ইৰাণ বা পূৰ্বৰ পাৰস্য আৰু জৰ্জিয়াৰ মাজৰ সম্পৰ্ক হাজাৰ হাজাৰ বছৰ আগৰ যদিও ২০ শতিকাত, ১৯৯২ চনৰ ১৫ মে'ত দুয়োখন দেশৰ মাজত আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হৈছিল। তেহৰাণত থকা জৰ্জিয়াৰ দূতাবাসে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ইৰাণৰ দূতাবাস টিবিলিচিত।
-
জি৭
গ্ৰুপ অৱ চেভেন (Group of 7) বা সাতখন দেশৰ গোট হৈছে কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰে গঠিত এক আন্তঃচৰকাৰী ৰাজনৈতিক আৰু অৰ্থনৈতিক মঞ্চ৷ ইয়াৰ উপৰি ইউৰোপীয় সংঘ (ইউৰোপীয় সংঘ) ইয়াৰ এক "গণনাবিহীন সদস্য"।