অসমৰ অসামৰিক সন্মান
৫ প্ৰবন্ধ
-
অসম গৌৰৱ বঁটা
অসম গৌৰৱ অসম চৰকাৰে ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। তিনি লাখ টকা আৰু গায়ন-বায়ন অংকিত পদকযুক্ত এই বঁটাই কৃষক, শিল্পী, খেলুৱৈ, স্বাস্থ্যকৰ্মী, উদ্যোগী আৰু সংৰক্ষণকৰ্মীৰ দৰে তৃণমূল পৰ্যায়ৰ নায়কসকলক স্বীকৃতি দিয়ে।
-
অসম সৌৰভ বঁটা
অসম সৌৰভ অসম চৰকাৰে ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। চাৰি লাখ টকা আৰু শৰাই অংকিত পদকযুক্ত এই বঁটা বিজ্ঞান, ক্ৰীড়া, কলা, সংগীত আৰু লোকসেৱাৰ বহু কৃতী লোকে লাভ কৰিছে।
-
অসম ৰত্ন
অসম ৰত্ন অসম চৰকাৰে ২০০৮ বৰ্ষৰ পৰা প্ৰদান কৰা ৰাজ্যিক অসামৰিক সন্মান, যিটো দীৰ্ঘদিন ধৰি অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে গণ্য হৈছিল। ইয়াৰ তিনিজন প্ৰাপক হ'ল ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামী আৰু জিতেন্দ্ৰনাথ গোস্বামী।
-
অসম বৈভৱ বঁটা
অসম বৈভৱ অসম চৰকাৰে ২০২১ চনৰ পৰা প্ৰদান কৰা ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাধাৰণতে বছৰি এগৰাকী ব্যক্তিক দিয়া এই বঁটাত পাঁচ লাখ টকা, প্ৰশস্তিপত্ৰ আৰু হোলোং পাতত জাপি অংকিত পদক থাকে। প্ৰথম প্ৰাপক ৰতন টাটা।
-
বীৰাঙ্গনা মূলাগাভৰু বঁটা
জনজাতীয় সংগঠন টাই আহোম যুৱ পৰিষদ অসম(চমুকৈ টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে আহোম কুঁৱৰী তথা মহীয়সী আহোম যুঁজাৰু মহিলা ফ্ৰাচেংমু'ঙ বৰগোহাঁইৰ পত্নী বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মৰ্যাদাৰে সুঁৱৰি ২০১৩ বৰ্ষৰ পৰা বীৰাংগনা মূলাগাভৰু স্মৃতি বঁটা প্ৰদান কৰি…