বতৰ বিজ্ঞানত হেঙুলীয়া ৰহণ এক আলোকীয় পৰিঘটনা, সাধাৰণতে সূৰ্যাস্তৰ পিছত গধূলিৰ আকাশত বগা বা গোলাপী ৰঙৰ সূৰ্য্যৰ পোহৰৰ বহল আভাক বুজায়, যিটো বেঙুনীয়া ৰঙৰ পোহৰ আৰু উজ্জ্বল অংশৰে গঠিত। ই কেইবাটাও বায়ুমণ্ডলীয় আলোকীয় পৰিঘটনাৰে গঠিত।১২ বেঙুনীয়া ৰঙৰ পোহৰ প্ৰধানকৈ তেতিয়া হয় যেতিয়া সূৰ্য্য দিগন্তৰপৰা ২–৬° তলত থাকে, মুনিচুনি সময়ত (সূৰ্যাস্তৰপৰা আন্ধাৰ গভীৰ হোৱালৈ), আনহাতে উজ্জ্বল অংশটো সন্ধ্যাৰ শেষলৈকে থাকে।৩৪ একেদৰে সূৰ্য্য উদয়ৰ আগতে দোকমোকালি আকাশত বগা বা গোলাপী ৰঙৰ সূৰ্য্যৰ পোহৰৰ বহল তোৰণক ফ’ৰগ্লো বোলে, যিটো বেঙুনীয়া ৰঙৰ পোহৰ আৰু উজ্জ্বল অংশৰে গঠিত।
আগ্নেয়গিৰি উদ্গীৰণত হেঙুলীয়া ৰহণ প্ৰায়ে দেখা যায়,৫ য'ত বেঙুনীয়া ৰঙৰ পোহৰক আগ্নেয়গিৰিৰ বেঙুনীয়া পোহৰ বুলিও কোৱা হ'ব পাৰে।৬ বিশেষকৈ আগ্নেয়গিৰিৰ সংঘটনত বায়ুমণ্ডলত ওলমি থকা ধূলিৰ দৰে মিহি কণাবোৰে পোহৰ বিকিৰিত কৰে।৬ হেঙুলীয়া ৰহণে সূৰ্যাস্ত আৰু সূৰ্য্য উদয়ৰপৰা আলপেংল’ক (শুকুৰ বেল্টৰ দৰে) আকাশত প্ৰতিফলিত হোৱা সোণালী ৰঙা জিলিকি থকা পোহৰক বুজাব পাৰে৭ আৰু বিশেষকৈ ইয়াৰ শেষ পৰ্যায়ৰ বাবে, যেতিয়া বেঙুনীয়া ৰঙৰ পোহৰ প্ৰতিফলিত হয়।২১
সোণালী ঘণ্টাত (সূৰ্যাস্তৰ আগতে বা সূৰ্য্য উদয়ৰ পিছত) সূৰ্যৰ পোহৰ কোমল আৰু কম কম্পাঙ্ক ৰঙা উপাদানত তীব্ৰভাৱে পৃথিৱীলৈ যায়। ছয়াময়া সময়ছোৱাত (সূৰ্যাস্তৰ পিছত বা সূৰ্য্য উদয়ৰ আগতে) ৰঙা সূৰ্য্যৰ পোহৰ বতাহত থকা কণিকাৰ মাজেৰে সিঁচৰতি হৈ দৃশ্যমান হৈ থাকে। পাহাৰীয়া অঞ্চলত ডাৱৰ বা উচ্চ বৰফৰ পথাৰত প্ৰতিফলিত হোৱাৰ পিছত সম্ভৱতঃ পিছলৈ বিকিৰণে ৰঙাৰপৰা গোলাপী ৰঙৰ পোহৰৰ সৃষ্টি কৰে। তাৰ ওপৰত নীলাৰফালে পোহৰৰ উচ্চ শক্তি আৰু উচ্চ কম্পাঙ্ক উপাদানসমূহ বহলভাৱে সিঁচৰতি হৈ থাকে, যাৰ ফলত ছয়াময়া সময়ত ৰঙা পোহৰৰ আগতে বা পিছত মুনিচুনি সময়ৰ বহল নীলা পোহৰ উৎপন্ন হয়, আনহাতে ৰঙা পোহৰৰ সৈতে মিলি বেঙুনীয়া পোহৰ উৎপন্ন হয়।৫ নীলা আধিপত্যৰ এই সময়ছোৱাক নীলা ঘণ্টা বুলি কোৱা হয় আৰু ইয়াক সোণালী ঘণ্টাৰ দৰেই ফটোগ্ৰাফাৰ আৰু চিত্ৰকৰসকলে বহুলভাৱে মূল্যৱান বুলি গণ্য কৰে।
ইতিহাস
১৮৮৩ চনত ক্ৰাকাটোয়া আগ্নেয়গিৰিৰ বিস্ফোৰণৰ পিছত সমগ্ৰ বিশ্বতে ৰঙা সূৰ্যাস্তৰ এক উল্লেখযোগ্য শৃংখলা দেখা দিয়ে। আগ্নেয়গিৰিটোৰ বিস্ফোৰণে বিপুল পৰিমাণৰ অতি মিহি ধূলি বহু উচ্চতালৈ উৰুৱাই নিছিল, আৰু তাৰ পিছত বায়ুমণ্ডলৰ উচ্চ বতাহৰ ফলত বিশ্বজুৰি বিয়পি পৰিছিল। এডভাৰ্ড মাঞ্চৰ চিত্ৰ দ্য স্ক্ৰিমত সম্ভৱতঃ এই সময়ছোৱাত হোৱা এটা হেঙুলীয়া ৰহণৰ চিত্ৰণ কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ (2015-10-05). afterglow. AMS Glossary. American Meteorological Society
- ↑ (2022-01-14). Full text of 'Weather Glossary'. Internet Archive. The Formula
- ↑ purple light. AMS Glossary. American Meteorological Society
- ↑ bright segment. AMS Glossary. American Meteorological Society
- ↑ Corfidi, Stephen F. The Colors of Twilight and Sunset. NOAA/NWS Storm Prediction Center
- ↑ Lee, Raymond L.; Hernández-Andrés, Javier. (2003-01-20). Measuring and modeling twilight's purple light. Applied Optics. The Optical Society. পৃ. 445–457
- ↑ Powell, Jonathan. (2018). The Patrick Moore Practical Astronomy Series. Springer International Publishing. পৃ. 105–130. ISBN 978-3319977003
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেঙুলীয়া ৰহণ” প্ৰবন্ধৰ সংশোধন ৬১৬২৯৫ (৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।