ষ্ট্ৰেট’প’জ (পূৰ্বতে মেছ’পিক বুলি কোৱা হৈছিল) বায়ুমণ্ডলৰ এটা স্তৰ, যিটো ষ্ট্ৰেট’স্ফিয়াৰ আৰু মেছ’স্ফিয়াৰ স্তৰৰ মাজৰ সীমা। ষ্ট্ৰেট’স্ফিয়াৰত উচ্চতাৰ লগে লগে উষ্ণতা বৃদ্ধি পায় আৰু ষ্ট্ৰেট’প’জ হৈছে সেই অঞ্চল য’ত উষ্ণতা সৰ্বোচ্চ হয়। এই বায়ুমণ্ডলীয় বৈশিষ্ট্য কেৱল পৃথিৱীৰ বাবে নহয়, কিন্তু বায়ুমণ্ডল থকা আন যিকোনো গ্ৰহ বা চন্দ্ৰতো দেখা যায়।১ জেমছ কাষ্টিঙৰ মতে, যিবোৰ গ্ৰহৰ বায়ুমণ্ডলে চুটি তৰংগৰ সূৰ্যৰ পোহৰ শোষণ নকৰে, যেনে শুক্ৰ আৰু মংগল, সেইবোৰ গ্ৰহত ষ্ট্ৰেট’স্ফিয়াৰ নাথাকে আৰু সেয়েহে ষ্ট্ৰেট’প’জ নাথাকে।২
পৃথিৱীত ষ্ট্ৰেট’প’জ সমুদ্ৰপৃষ্ঠৰপৰা প্ৰায় ৫০ কিলোমিটাৰ (৩১ মাইল) ওপৰত।৩ বায়ুমণ্ডলৰ চাপ সমুদ্ৰপৃষ্ঠৰ চাপৰ প্ৰায় ১⁄১০০০।৪ ষ্ট্ৰেট'পজত উষ্ণতা −২.৫ °C (২৭.৫ °F)।৫
তথ্যসূত্ৰ
- ↑ What is the Stratopause. Actforlibraries.org
- ↑ Catling, David C.; Kasting, James F. (2017). Atmospheric Evolution on Inhabited and Lifeless Worlds
- ↑ Andrews, David G. (2000). An Introduction to Atmospheric Physics. International geophysics series. Cambridge University Press. পৃ. 9. ISBN 9780521629584
- ↑ Schmunk, Robert B. (April 3, 2025). Introduction to Clouds. NASA
- ↑ stratopause · meteorology. Encyclopedia Britannica
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্ট্ৰেট’প’জ” প্ৰবন্ধৰ সংশোধন ৬২২৫৯০ (২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।