‘’’শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰ’’’ (Shriram Bharatiya Kala Kendra; সংক্ষিপ্ত ৰূপ: SBKK) ১ এটা ভাৰতীয় সাংস্কৃতিক প্ৰতিষ্ঠান। ১৯৫২ চনত সুমিত্ৰা চৰত ৰামে প্ৰতিষ্ঠা কৰা এই প্ৰতিষ্ঠানটোৱে নতুন দিল্লীত সংগীত, নৃত্য আৰু পৰিবেশ্য কলাৰ এখন বিদ্যালয় চলায়। ই ভাৰতীয় শাস্ত্ৰীয় নৃত্য শৈলী আৰু সংগীতৰ প্ৰশিক্ষণ প্ৰদান কৰে, য'ত আছে কথক, ভাৰত নাট্যম, ওডিছি, ছৌ, গায়ন আৰু বাদ্য দুয়োটাৰ সৈতে হিন্দুস্তানী শাস্ত্ৰীয় সংগীত। ইয়াৰ সংশ্লিষ্ট সংস্থা হৈছে দিল্লীৰ সাংস্কৃতিক কেন্দ্ৰ মাণ্ডী হাউচ অঞ্চলৰ চফদৰ হাছমি মাৰ্গত ‘শ্ৰী ৰাম চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছ’।২ এই কেন্দ্ৰত পৰিবেশ্য কলাৰ বাবে এটা থিয়েটাৰ, এটা থিয়েটাৰ ৰেপাৰ্টৰী কোম্পানী আৰু এটা অভিনয় বিদ্যালয় অন্তৰ্ভুক্ত হৈ আছে।৩
সততে ‘’’ভাৰতীয় কলা কেন্দ্ৰ’’’ বুলি উল্লেখ কৰা প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ সঞ্চালক হৈছে ইয়াৰ প্ৰতিষ্ঠাপক সুমিত্ৰা চৰত ৰামৰ কন্যা শোভা দীপক সিং। বৰ্তমান ই বাৰ্ষিক ৰামলীলাৰ বাবে জনা যায়, যি ১০ দিনীয়া দশহৰা উৎসৱৰ সময়ত ৰামৰ জীৱনৰ মঞ্চন হয়। ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে এই কেন্দ্ৰত আৰম্ভ হোৱা ৰামলীলাই পিছৰ কিছু বছৰত সতেজ নৃত্য প্ৰদৰ্শন কৰিবলৈ লোক আৰু ভাৰতীয় শাস্ত্ৰীয় নৃত্য দুয়োটাকে অন্তৰ্ভূক্ত কৰিবলৈ বিভিন্ন নৃত্য পৰিচালক আৰু শৈলীৰ ব্যৱহাৰ কৰিছে।৪৫
ইতিহাস
শাস্ত্ৰীয় সংগীত আৰু নৃত্যক উদগনি দিবলৈ ১৯৪৭ চনত শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰৰ জন্ম ঝংকাৰ নামৰ এটা সংস্থাৰ পৰা হৈছিল। লাহে লাহে ই সংগীত আৰু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰে আৰু ভাৰতীয় কলা কেন্দ্ৰ নামেৰে পৰিচিত হয়। পিছলৈ ইয়াৰ কাৰ্যালয় কপাৰনিকাছ মাৰ্গলৈ স্থানান্তৰিত কৰা হয় আৰু শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰলৈ নাম সলনি কৰা হয়। ১৯৫২ চনত ১৮৬০ চনৰ সমবায় সমিতি পঞ্জীয়ন আইন XXI ৰ অধীনত এই নতুন নামেৰে পঞ্জীয়ন কৰা হয়। এতিয়া ইয়াৰ দুটা শাখা আছে, সংগীত আৰু নৃত্য মহাবিদ্যালয় আৰু পৰিবেশ্য কলা অনুভাগ।৬ পিছলৈ নেইনা দেৱী নামেৰে পৰিচিত বিখ্যাত শাস্ত্ৰীয় গায়িকা নিলিনা ৰিপজিৎ সিং ইয়াৰ সঞ্চালক আছিল।৭৮
সিদ্ধেশ্বৰী দেৱী,৯ শম্ভু মহাৰাজ, বীৰজু মহাৰাজ, মুন্না শুক্লা আৰু লীলা চেমচনকে ধৰি সেই যুগৰ বিখ্যাত সংগীতজ্ঞ, গায়ক আৰু নৃত্য গুৰুসকলে এই কেন্দ্ৰত সেৱা আগবঢ়াইছিল। সংগীত নাটক অকাডেমীৰ প্ৰথম সম্পাদিকা নিৰ্মলা যোশীৰ প্ৰচেষ্টাত, শ্ৰীৰাম গ্ৰুপৰ উদ্যোগপতি লালা চৰত ৰামৰ পত্নী সুমিত্ৰা চৰত ৰামৰ পৃষ্ঠপোষকতাত প্ৰথমে শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰৰ কথক শাখা হিচাপে কথক কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল। ইয়াত বিশিষ্ট কথক গুৰু শম্ভু মহাৰাজ আৰু তেওঁৰ ভতিজাক বীৰজু মহাৰাজে শিক্ষাদান কৰিছিল। পিছলৈ ইয়াক সংগীত নাটক অকাডেমীয়ে অধিগ্ৰহণ কৰি ওচৰৰ মাণ্ডী হাউচলৈ স্থানান্তৰিত কৰে আৰু ৰাষ্ট্ৰীয় কথক নৃত্য প্ৰতিষ্ঠানলৈ পৰিবৰ্তিত কৰা হয়।১০ প্ৰতিষ্ঠাপক সঞ্চালক সুমিত্ৰা চৰত ৰামক পিছলৈ ১৯৬৬ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰে। ১৯৯৯ চনত তেওঁৰ কন্যা আৰু বৰ্তমানৰ সঞ্চালক শোভা দীপক সিঙকো পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।১১
বহু বছৰ ধৰি কেন্দ্ৰৰ নিজা পুতলা দল আছে, যাক ৰাহী আৰু কেশৱ কোথাৰীয়ে পৰিচালনা কৰে। আনহাতে কেন্দ্ৰৰ পুতলা শাখাই বছৰ বছৰ ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তুতি মঞ্চস্থ কৰি আহিছে, য’ত ‘’ধোলা মাৰু’’, ‘’ঝান্সী কী ৰাণী’’ আৰু ‘’পৃথ্বিৰাজ-সংযুক্তা’’ আদিও আছিল। উদয়পুৰৰ পুতলা উৎসৱত কেন্দ্ৰৰ পুতলা শাখাই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। দিল্লীত আধুনিক পুতলা শিল্প প্ৰতিষ্ঠা কৰাত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।১২ প্ৰতিষ্ঠানটোৰ ভূমি মহলাত এটা আৰ্ট গেলেৰী আৰু ইয়াৰ পুথিভঁৰালত কিতাপ, অডিঅ’ আৰু ভিজুৱেল ৰেকৰ্ডিং আৰু ব্যপক অভিলেখাগাৰৰ এক বৃহৎ আৰু বিৰল সংগ্ৰহ আছে।
প্ৰতিষ্ঠাপক সুমিত্ৰা চৰত ৰামৰ ২০১১ চনৰ ৮ আগষ্টত নতুন দিল্লীত ৯৬ বছৰ বয়সত মৃত্যু হয়।১৩
উৎসৱ
- শ্ৰীৰাম শংকৰলাল সংগীতোৎসৱ
- কেন্দ্ৰ নৃত্য উৎসৱ
- হোলী উৎসৱ
অধিক পঠন
- Khokar, Ashish; Sumitra Charat Ram. (1998). Shriram Bharatiya Kala Kendra: a history: Sumitra Charat Ram reminisces. Lustre Press. ISBN 8174360433
প্ৰসংগ
- Massey, Reginald. (1999). India's kathak dance, past present, future. Abhinav Publications. ISBN 8170173744
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (English: Shriram Bhartiya Centre for Arts)
- ↑ (25 September 2002). Mandi House. The Times of India
- ↑ (7 June 2005). Shriram Bharatiya Kala Kendra. India9
- ↑ (8 November 2010). Ram in Special Effects. The Pioneer
- ↑ Chaitanya, Krishna. (1987). Arts of India. Abhinav Publications. পৃ. 85. ISBN 8170172098
- ↑ S.Sahaya Ranjit. (11 September 2006). Melody masters: Visiting the best Indian classical music schools in town to see the guru-shishya parampara at work. Living Media India Limited
- ↑ Ashish Khokar. (1 January 1998). Shriram Bharatiya Kala Kendra: a history: Sumitra Charat Ram reminisces. Lustre Press. পৃ. 52. ISBN 978-81-7436-043-4
- ↑ (11 March 2012). A Tale Of Two Women: In search of their own songs. The Telegraph
- ↑ Devi, Savita; Vibha Singh Chauhan. (2000). Maa-- Siddheshwari. Lotus Collection. পৃ. 90. ISBN 81-7436-121-9
- ↑ Massey, p. 29
- ↑ Padma Awards. Ministry of Communications and Information Technology
- ↑ Ghosh, Sampa; Utpal Kumar Banerjee. (2006). Indian puppets. Abhinav Publications. ISBN 81-7017-435-X
- ↑ (9 August 2011). Sumitra Charat Ram passes away. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯৬৫০ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।