যোনিৰ আঘাত (Vaginal trauma) হৈছে স্ত্ৰী জনন অংগত হোৱা আঘাত। এয়া সন্তান জন্ম, যৌন আক্ৰমণ যেনে বলপূৰ্বক যৌন সম্পৰ্ক, ধৰ্ষণ, আৰু দুৰ্ঘটনাজনিত ঘটনাৰ সময়ত হ'ব পাৰে। প্ৰাপ্তবয়স্কলোকৰ ক্ষেত্ৰত, মন্স পিউবি আৰু লেবিয়া মেজৰাৰ সুৰক্ষামূলক কাৰ্যৰ বাবে যোনি মুখ্যতঃ আঘাতৰ পৰা সুৰক্ষিত থাকে। যিসকল লোকৰ যোনিত সুৰক্ষামূলক চৰ্বি স্তৰৰ অভাৱ সেইসকল লোক সাধাৰণতে এই দুৰ্ঘটনা মূলক আঘাতৰ সন্মুখীন হ'ব লগাত পৰে। যোনিত যিকোনো আপত্তি জনক বস্তু সুমুৱাই দিলে যোনিৰ আঘাত হ'ব পাৰে, উদাহৰণ স্বৰূপে, কোনো তীক্ষ্ণ ধাৰ থকা বস্তুৱে যোনিৰ প্ৰৱেশদ্বাৰত আঘাত হানিব পাৰে।১ বেদনাদায়ক যৌন অভিজ্ঞতা বা যৌন উৎপীড়নৰ ফলত যোনিৰ আঘাত হ'ব পাৰে২ শিশোৱে দ্ব্যৰ্থক স্থিতিৰে উঠা বহা কৰাৰ ফলত যোনি আঘাত প্ৰাপ্ত হয়। অৱশ্যে শিশুৰ ক্ষেত্ৰত এইবোৰৰ বেছিভাগেই দুখদায়ক হ'লেও গুৰুতৰ আঘাত নহয়। অৱশ্যে, গুৰুতৰ আঘাতৰ ক্ষেত্ৰত তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন হয়। বিশেষকৈ যদিহে ৰক্তক্ষৰণ বন্ধ নহয়।৩৪'এপিচিঅ'টমী'৫ আৰু যোনিৰে প্ৰসৱৰ সময়তো যোনি আঘাত প্ৰাপ্ত হয়। সন্তান জন্মৰ সময়ত যোনিৰ আঘাত পৰিহাৰ কৰিব পৰিলে মাতৃৰ হতাশা, দুৰ্ভাগ্যজনক ভাৱে চিকিৎসালয়ত পুনঃ ভৰ্ত্তি কৰোৱাৰ আশংকা, আৰু পেৰিনিয়াল বিষ আদি প্ৰতিহত কৰাত সহায় হয়।৫৬
লক্ষণসমূহ
যোনি আঘাত প্ৰাপ্ত হোৱাৰ ফলত হ'ব পৰা শাৰীৰিক অসুবিধা সমূহৰ লক্ষণবোৰৰ ভিতৰত পেটৰ বিষ, ৰক্তক্ষৰণ, আঘাত, মূৰ্ছা যোৱা, যোনিত অনুবিদ্ধ বস্তু, যৌনাঙ্গৰ বিষ, যৌনাংগ ফুলা, বমি হোৱা, প্ৰস্ৰাৱ কৰোঁতে বিষ অনুভৱ, প্ৰস্ৰাৱ কৰিবলৈ অক্ষম হোৱা, আঘাতৰ উপস্থিতি, যৌন উৎপীড়নৰ প্ৰতিবেদনৰ বাবে হোৱা হতাশা, আৰু প্ৰস্ৰাৱত তেজ যোৱা আদি। ৭ যোনিৰ আঘাতৰ পিছত যোনিত বা ইয়াৰ পাৰ্শ্ববৰ্তী অংশত মৰা তেজৰ দমলা উঠিব পাৰে। চিকিৎসা সম্বন্ধীয় ইমেজিঙে অস্পষ্টকৈ জমা হোৱা তেজৰ উপস্থিতিক চিনাক্ত কৰিব পাৰে। ৮
কাৰণ
গৰ্ভধাৰণ সম্পৰ্কীয়
সন্তান জন্মৰ সময়ত, যোনি বা গ্ৰীৱাৰ আঘাত হ'ব পাৰে আৰু সেইবোৰ সংশোধন কৰিবলৈ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে।৯ প্ৰসৱৰ সময়ত যোনি কেতিয়াবা আঘাতপ্ৰাপ্ত হয় আৰু পেৰিনিয়াল তৰল যোনিৰ পৰা পেৰিনিয়ামৰ বিভিন্ন বিন্দুলৈ বিয়পি যায়।
গৰ্ভধাৰণ নকৰা সম্পৰ্কীয়
অনা-প্ৰসূতি মূলক কাৰণবোৰৰ ভিতৰত আছে: যৌন আক্ৰমণ,১০পৰস্পৰৰ বুজা-বুজিৰ মাজেৰে হোৱা যৌন সম্ভোগ,১১ শ্ৰোণীৰ হাড় ভঙা, উত্তেজনাৰ বাবে যোনিত সুমুৱাই দিয়া চেক্স টয়ৰ আঘাত, ১২ 'জেট স্কি' আৰু 'ৱাটাৰ-স্কিয়িং' দুৰ্ঘটনা১৩ বা খেলৰ সময়ত দলিয়োৱা যাঠি, গধুৰ বল, আদিৰ আঘাত।
বিপদাশংকাৰ কাৰকসমূহ
বিপদাশংকাৰ কাৰকবোৰৰ ভিতৰত আছে: সন্মতিপূৰ্ণ সহবাসৰ প্ৰথম পৰ্যায়,৬ স্তন্যপান কৰাই থকাৰ সময়ত শিশুৰ ভৰিৰ দ্বাৰা অসাৱধানত হোৱা আঘাত, ৰজোনিবৃত্তি, আৰু ঔষধৰ পাৰ্শ্বক্ৰিয়া। ১৩
যৌন উৎপীড়ণৰ ফলত হোৱা আঘাত
বাহ্যিক আৰু অভ্যন্তৰীণ দুয়োধৰণৰ যৌনাঙ্গৰ আঘাত চিনাক্ত কৰাৰ বাবে কলপস্কোপীৰ ব্যৱহাৰ সাধাৰণতে আটাইতকৈ সংবেদনশীল পৰীক্ষা পদ্ধতি বুলি স্বীকাৰ কৰা হয়। ১৪
বাহ্যিক আঘাত
যৌন আক্ৰমণৰ সময়ত আটাইতকৈ বেছি আঘাত প্ৰাপ্ত এনাটমিক স্থানবোৰৰ ভিতৰত আছে বাহ্যিক জননাংগৰ উপাদান। সাধাৰণতে আঘাত প্ৰাপ্ত হোৱা যোনিৰ পশ্চাৎ কমিচ্যুৰ অংশটো হৈছে কলাৰ এক উত্তেজনাপূৰ্ণ বেণ্ড যি লেবিয়া মাইনোৰাৰ পিছফালৰ মুৰ দুটা সংযোগ কৰে। এইটো নিম্ন কলা ৰিজ হিচাপে কমকৈ প্ৰসাৰিত হয়। এ.এম.এ. যৌন উৎপীড়নৰ নিৰ্দেশনাৱলীয়ে পোষ্টেৰীয়ৰ ফৰচেট পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, উল্লেখ্য যে যৌন আক্ৰমণৰ ফলত যোনিৰ আঘাতৰ সৈতে সাধাৰণতে এই অংশত তৰলৰ সৈতে বিষ বা ৰক্তক্ষৰণ হয়, আৰু এৰিথেমা, ঘঁহনি, বা আঘাত হয়। লেবিয়া মাইনোৰাৰো আঘাতৰ হাৰ তুলনামূলকভাৱে উচ্চ। লেবিয়া মাইনোৰা হৈছে লেবিয়া মেজৰাৰ মাজত থকা কোষকলাৰ দুটা ভাঁজ। লেবিয়া মেজৰাত ছাল আৰু এডিপোজ কলাৰ দুটা ভাঁজ থাকে যি ভালভৰ পাৰ্শ্বীয় সীমা গঠন কৰে। লেবিয়া মাইনাৰে ভেষ্টিবিউলটো আৱৰি ৰাখে, যি হৈছে পোষ্টেৰীয়ৰ ফৰচেটৰ ওপৰৰ আৰু ভগাঙ্কুৰ অংশৰ তলত বাদামৰ আকৃতিৰ এলেকা। বাহ্যিক মূত্ৰনলীৰ মাংস (প্ৰস্ৰাৱৰ পথ) ভেষ্টিবিউলৰ ভিতৰত অৱস্থিত। প্ৰায়ে আঘাতপ্ৰাপ্ত হোৱা আন এলেকাবোৰ হৈছে হাইমেন আৰু ফচা নেভিকুলাৰিছ আদি।১৫
অভ্যন্তৰীণ অংশ
যদিও বাহ্যিক জননাংগৰ আঘাতৰ দৰে সচৰাচৰ অভ্যন্তৰীণ অংশ আঘাতপ্ৰাপ্ত নহয়। এটা গৱেষকৰ দলে জনাইছে যে ৩১১ গৰাকী কিশোৰী আৰু মহিলাৰ ক্ষেত্ৰত, ১৩% লোকৰ গ্ৰীবাসংবন্ধীয় আঘাত আৰু ১১% লোকৰ যোনিৰ আঘাত আছিল। ইয়াৰে বেছিভাগ অভ্যন্তৰীণ আঘাত তুলনামূলকভাৱে সামান্য আৰু চিকিৎসা সেৱাৰ প্ৰয়োজন হোৱা নাছিল, অৱশ্যে প্ৰায় ১% ৰ পৰা ৩% মহিলাৰ ক্ষেত্ৰত আভ্যন্তৰৰ গভীৰ আঘাতৰ বাবে চিকিৎসালয়ত ভৰ্তি হয় আৰু অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা সম্পন্ন কৰিব লগাত পৰে।
প্ৰতিৰোধ
যিকোনো আঘাতহানিব পৰা সৰু সৰু বস্তুবোৰ শিশুৰ পৰা নিলগত ৰাখি এটা সুস্থ আৰু দুৰ্ঘটনা সচেতন পৰিৱেশ সৃষ্টি কৰিব পাৰি।৭১৬
চিকিৎসা
চিকিৎসা সাধাৰণতে এক পুংখানুপুংখ মূল্যায়নৰ সৈতে আৰম্ভ হয়। পৰীক্ষাৰ সময়ত ৰোগী গৰাকীৰ সমৰ্থনৰ হেতু কাৰোবাৰ উপস্থিতি অতি লাভজনক। ১৩ যৌন নিৰ্যাতনৰ ফলত যোনিৰ আঘাতৰ ক্ষেত্ৰত এনে সমৰ্থনক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হয়। এজন সমৰ্থকে ভুক্তভোগীক আৱেগিক সমৰ্থন প্ৰদান কৰে আৰু পুনৰ আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে।১৭১৮ ভুক্তভোগীসকলৰ চিকিৎসা কৰা সকলে ধৰ্ষণ বা যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা লোকসকলৰ যত্ন লোৱাৰ বাবে নিৰ্দিষ্ট প্ৰশিক্ষণৰ সৈতে যৌন নিৰ্যাতনৰ নাৰ্চ/ফৰেনচিক পৰীক্ষক (এছএএন/এফই) নিয়োগ কৰে। তেওঁলোকে এক কেন্দ্ৰীভূত চিকিৎসা-আইনী পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম হয়। যদি এনে এজন প্ৰশিক্ষিত চিকিৎসক উপলব্ধ নহয়, জৰুৰীকালীন বিভাগৰ এটা যৌন নিৰ্যাতন প্ৰটোকল আছে যাক চিকিৎসা আৰু প্ৰমাণ সংগ্ৰহৰ বাবে স্থাপন কৰা হৈছে।১০
তথ্যসূত্ৰ
- ↑ Hoffman, Barbara L. (2011). Williams Gynecology. McGraw-Hill Medical. ISBN 9780071716727
- ↑ Vagina: What's normal, what's not. Mayo Clinic
- ↑ Vaginal Trauma: You Fell On What? · Texas Children's Hospital. www.texaschildrens.org
- ↑ Genital Injury - Female. www.seattlechildrens.org
- ↑ Minimizing Genital Tract Trauma and Related Pain Following Spontaneous Vaginal Birth. www.medscape.com
- ↑ 2018 ICD-10-CM Diagnosis Code S30.23XA: Contusion of vagina and vulva, initial encounter. www.icd10data.com
- ↑ Genital injury: MedlinePlus Medical Encyclopedia. medlineplus.gov
- ↑ Shobeiri, S. Abbas; Rostaminia, Ghazaleh; White, Dena. (2013-08-01). Evaluation of Vaginal Cysts and Masses by 3-Dimensional Endovaginal and Endoanal Sonography. Journal of Ultrasound in Medicine. পৃ. 1499–1507
- ↑ Vaginal and cervical trauma. stratog.rcog.org.uk
- ↑ McInerny, Thomas K. (2017). Textbook of Pediatric Care - 2nd Edition. American Academy of Pediatrics. ISBN 978-1-58110-966-5 STAT! Ref Online Electronic Medical Library[subscription required]
- ↑ Genital Findings of Women After Consensual and Nonconsensual Intercourse - Journal of Forensic Nursing
- ↑ Schorge, John O.; Halvorson, Lisa M.; Schaffer, Joseph I. (2016-04-22). Williams gynecology. পৃ. 101. ISBN 9780071849081
- ↑ Olsen, Martin E.; Keder, Lisa. (2018-02-15). Gynecologic Care. Cambridge University Press. ISBN 9781107197633
- ↑ DEFINING PATTERNS OF GENITAL INJURY FROM SEXUAL ASSAULT. HHS Public Access
- ↑ Marilyn Sawyer Sommers, PhD, RN, FAAN; Carol Buschur, RN, SANE. Injury in Women Who Are Raped
- ↑ (2016-12-14). Making your home safe for baby · womenshealth.gov. womenshealth.gov
- ↑ VictimLaw - Victims Right. www.victimlaw.org
- ↑ What is a Victim Advocate-. victimsofcrime.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোনিৰ আঘাত” প্ৰবন্ধৰ সংশোধন ৬৩১২৩৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।