মাতংগী (मातङ्गी, ) এগৰাকী হিন্দু দেৱী। তেওঁ মহাবিদ্যাৰ ভিতৰত এগৰাকী, দহগৰাকী তান্ত্ৰিক দেৱী আৰু হিন্দু ঐশ্বৰিক মাতৃৰ এটা ৰূপ। সংগীত আৰু বিদ্যাৰ দেৱী সৰস্বতীৰ তান্ত্ৰিক ৰূপ বুলি গণ্য কৰা হয়। মাতংগীয়ে বাক্য, সংগীত, জ্ঞান আৰু কলাক নিয়ন্ত্ৰণ কৰে। বিশেষকৈ শত্ৰুৰ ওপৰত নিয়ন্ত্ৰণ লাভ, মানুহক নিজৰ প্ৰতি আকৰ্ষণ, কলাত নিপুণতা অৰ্জন আৰু পৰম জ্ঞান লাভৰ বাবে তেওঁৰ পূজা নিৰ্ধাৰিত।
মাতংগীক প্ৰায়ে প্ৰদূষণ, অশুভতা আৰু হিন্দু সমাজৰ পৰিসীমাৰ সৈতে জড়িত কৰা হয়, যিটো তেওঁৰ আটাইতকৈ জনপ্ৰিয় ৰূপত মূৰ্ত হৈ থাকে আৰু যাক উচ্চিষ্ট-চণ্ডলিনী বা উচ্চিষ্ট-মাতংগিনী বুলি জনা যায়। তেওঁক এক বহিষ্কৃতৰ (চণ্ডলিনী) ৰূপত বৰ্ণনা কৰা হৈছে। তেওঁক হাত নুধুৱাকৈ খোৱা খাদ্য আৰু খোৱাৰ পিছত বাচি যোৱা বা আংশিকভাৱে খোৱা খাদ্য (উচ্চিষ্ট) আগবঢ়োৱা হয়, য’ত দুয়োটাকে ধ্ৰুপদী হিন্দু ধৰ্মত অশুদ্ধ বুলি গণ্য কৰা হয়।
মাতংগীক পান্না সেউজীয়া ৰঙৰ ৰূপত বৰ্ণনা কৰা হৈছে। উচ্চিষ্ট-মাতংগিনীয়ে ফান্দ, তৰোৱাল, গদা, লাঠি কঢ়িয়াই লৈ ফুৰাৰ বিপৰীতে তেওঁৰ আন এটা সুপৰিচিত ৰূপ ৰাজা-মাতংগীয়ে বীণা বজায় আৰু প্ৰায়ে কপৌৰ সৈতে চিত্ৰিত কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাতংগী” প্ৰবন্ধৰ সংশোধন ৪৭৮৬২১ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।