অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

মাইকেলচন-ম'ৰ্লি পৰীক্ষা

মাইকেলচন-ম'ৰ্লি পৰীক্ষা (Michelson-Morley experiment) আছিল মহাকাশত ইথাৰৰ উপস্থিতি ধৰা পেলাবলৈ কৰা এক পৰীক্ষা। এই পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হয় যে মহাবিশ্বত ইথাৰৰ কোনো অস্তিত্ব নাই।

হালনাগাদ: ২৯ অক্টোবৰ ২০২৩ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

মাইকেলচন-ম'ৰ্লি পৰীক্ষা (Michelson-Morley experiment) আছিল মহাকাশত ইথাৰৰ১ উপস্থিতি ধৰা পেলাবলৈ কৰা এক পৰীক্ষা। এই পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হয় যে মহাবিশ্বত ইথাৰৰ কোনো অস্তিত্ব নাই। ১৮৮৭ চনত এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত আমেৰিকান পদাৰ্থ বিজ্ঞানী এলবাৰ্ট এ মাইকেলচন আৰু এডৱাৰ্ড ডব্লিউ ম'ৰ্লিয়ে যুটীয়াকৈ বৰ্তমানৰ কে'ছ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ ইউনিভাৰ্ছিটিত ইথাৰ চিনাক্তকৰণৰ উদ্দেশ্য এলানি পৰীক্ষা সম্পন্ন কৰিছিল আৰু সেই একেটা বছৰৰে নৱেম্বৰ মাহত পৰীক্ষাৰ ফলাফলসমূহ আমেৰিকান জাৰ্ণেল অৱ ছায়েন্সত প্ৰকাশ কৰে।২ মাইকেলচন-ম'ৰ্লিৰ এই পৰীক্ষাই ইথাৰ তত্ত্বৰ ভেটি শিথিল কৰি তোলে। তদুপৰি এই পৰীক্ষাই গৱেষণাৰ অন্য এক পথ মুকলি কৰি দিয়ে যাৰ ফলস্বৰূপে বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ জন্ম হয়।৩

মাইকেলচন-ম'ৰ্লি ধৰণৰ পৰীক্ষা সংবেদনশীলতা বৃদ্ধি কৰি বহুবাৰলৈ সম্পন্ন কৰা হৈছে। ইয়াৰ ভিতৰত ১৯০২ চনৰ পৰা ১৯০৫ চনলৈ কৰা পৰীক্ষাসমূহ আৰু ১৯২০ দশকত কৰা শৃংখলাবদ্ধ পৰীক্ষাসমূহ অন্যতম। ২০০৯ চনত সম্পন্ন কৰা অপটিকেল ৰেজোনেটৰ পৰীক্ষাই ১০−১৭ স্তৰত ইথাৰ বতাহৰ অনুপস্থিতি নিশ্চিত কৰে।৪৫ ইভ্‌ছ-ষ্টিলৱেল আৰু কেনেডী-থৰ্ণডাইক পৰীক্ষাকে ধৰি মাইকেলচন-ম'ৰ্লি ধৰণৰ পৰীক্ষাসমূহ বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ বুনিয়াদী পৰীক্ষাসমূহৰ ভিতৰত অন্যতম।৬

তথ্যসূত্ৰ

  1. ↑ ইথাৰ হৈছে মহাকাশ বিয়পি থকা এক মাধ্যম যাক এসময়ত পোহৰ তৰঙ্গৰ বাহক বুলি ভবা হৈছিল।
  2. ↑ Michelson, Albert A.; Morley, Edward W. (1887). On the relative motion of the Earth and the luminiferous ether. American Journal of Science. পৃ. 333-345
  3. ↑ বৰ্মন, শিৱনাথ. (১৯৭৬). আইনষ্টাইন আৰু পদাৰ্থ জগত. অসম প্ৰকাশন পৰিষদ. পৃ. ১৬
  4. ↑ Eisele, Ch.; Nevsky, A. Yu.; Schiller, S. (2009). Laboratory Test of the Isotropy of Light Propagation at the 10−17 Level. Physical Review Letters. পৃ. 090401
  5. ↑ Herrmann, S.; Senger, A.; Möhle, K.; Nagel, M.; Kovalchuk, E. V.; Peters, A. (2009). Rotating optical cavity experiment testing Lorentz invariance at the 10−17 level. Physical Review D. পৃ. 105011
  6. ↑ Robertson, H. P. (1949). Postulate versus Observation in the Special Theory of Relativity. Review of Modern Physics. পৃ. 378-382

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইকেলচন-ম'ৰ্লি পৰীক্ষা” প্ৰবন্ধৰ সংশোধন ৩৮৯৩৭০ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।