অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰত ভৱন

ভাৰত ভৱন ভাৰতৰ ভূপালত অৱস্থিত এক স্বায়ত্বশাসিত বহু-কলা কেন্দ্ৰ আৰু সংগ্ৰহালয়। মধ্যপ্ৰদেশ চৰকাৰৰ দ্বাৰা স্থাপিত আৰু পুঁজি সাহায্য প্ৰাপ্ত এই ভৱনটোৰ স্থপতিবিদ আছিল চাৰ্লচ কোৰিয়া।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ৪৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ভাৰত ভৱন ভাৰতৰ ভূপালত অৱস্থিত এক স্বায়ত্বশাসিত বহু-কলা কেন্দ্ৰ আৰু সংগ্ৰহালয়। মধ্য প্ৰদেশ চৰকাৰৰ দ্বাৰা স্থাপিত আৰু পুঁজি সাহায্য প্ৰাপ্ত এই ভৱনটোৰ স্থপতিবিদ আছিল চাৰ্লচ কোৰিয়া। ১৯৮২ চনত ভূপালৰ আপাৰ লেকৰ পাৰত মুকলি কৰা এই কমপ্লেক্সটোত একাধিক কলা বীথিকা (আৰ্ট গেলেৰী), এটা গ্ৰাফিক প্ৰিণ্টিং কৰ্মশালা, এটা চিৰামিক কৰ্মশালা, এটা মুকলি আকাশৰ তলৰ থিয়েটাৰ, এটা ষ্টুডিঅ’ থিয়েটাৰ, এটা প্ৰেক্ষাগৃহ, জনজাতীয় আৰু লোক কলাৰ সংগ্ৰহালয় আৰু ভাৰতীয় কবিতা, শাস্ত্ৰীয় সংগীত আৰু লোক সংগীতৰ পুথিভঁৰাল আছে।

ইয়াৰ ৩৮তম প্ৰতিষ্ঠা দিৱসত (১৩ ফেব্ৰুৱাৰী ২০২০) অনুষ্ঠান পৰিৱেশন কৰি থকা পণ্ডিত ৰাজন আৰু সাজন মিশ্ৰ
ইয়াৰ ৩৮তম প্ৰতিষ্ঠা দিৱসত (১৩ ফেব্ৰুৱাৰী ২০২০) অনুষ্ঠান পৰিৱেশন কৰি থকা পণ্ডিত ৰাজন আৰু সাজন মিশ্ৰছবি: Suyash Dwivedi · CC BY-SA 4.0
উত্তৰ প্ৰদেশ মহোৎসৱত (জুলাই ২০১৫) অনুষ্ঠান পৰিৱেশন কৰি থকা গিৰিজা দেৱী
উত্তৰ প্ৰদেশ মহোৎসৱত (জুলাই ২০১৫) অনুষ্ঠান পৰিৱেশন কৰি থকা গিৰিজা দেৱীছবি: Suyash.dwivedi · CC BY-SA 4.0
মোহন ৰাকেশৰ দ্বাৰা ৰচিত ‘আধে আধুৰে’ নাটকত অভিনয় কৰি থকা মোহন আগাশে আৰু লিলেট ডুবে
মোহন ৰাকেশৰ দ্বাৰা ৰচিত ‘আধে আধুৰে’ নাটকত অভিনয় কৰি থকা মোহন আগাশে আৰু লিলেট ডুবেছবি: Suyash Dwivedi · CC BY-SA 4.0

ইতিহাস

বস্তৰ জিলাৰ এটা জনজাতীয় কলাৰ বাঘৰ ভাস্কৰ্য, ভাৰত ভৱনৰ সংগ্ৰহ
বস্তৰ জিলাৰ এটা জনজাতীয় কলাৰ বাঘৰ ভাস্কৰ্য, ভাৰত ভৱনৰ সংগ্ৰহছবি: dalbera from Paris, France · CC BY 2.0

১৯৮০ চনৰ আৰম্ভণিতে ভাৰতীয় শিল্পকলাৰ ব্যাপক উত্থান ঘটিছিল আৰু চৰকাৰে ৰাজ্যৰ ৰাজধানীসমূহত আঞ্চলিক কলা কেন্দ্ৰ স্থাপনৰ জৰিয়তে দেশজুৰি কলাৰ বিকাশৰ ওপৰত পুনৰ গুৰুত্ব দিছিল। মধ্যপ্ৰদেশত এই পদক্ষেপটো সাংস্কৃতিক প্ৰশাসক অশোক বাজপেয়ীৰ জৰিয়তে বাস্তৱায়িত হৈছিল। বাজপেয়ী আছিল ৰাজ্যিক শিক্ষা মন্ত্ৰালয়ৰ (১৯৬৬-১৯৯২) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। ১৯৮৩ চনত উজ্জয়িনীত সাহিত্যিক সংগঠন ‘কালিদাস একাডেমী’ স্থাপনৰ নেপথ্যতো তেওঁৰ ভূমিকা আছিল। ভাৰতৰ বহু ঠাইত কিছুমান সাংস্কৃতিক পদক্ষেপ স্থবিৰ হৈ পৰিলেও ভূপালৰ ভাৰত ভৱন (India House) প্ৰকল্পটো সফলতাৰে গঢ়ি উঠিল।১২৩

১৯৮২ চনৰ ১৩ ফেব্ৰুৱাৰীত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই প্ৰতিষ্ঠানটো উদ্বোধন কৰিছিল।৪ ই মধ্যপ্ৰদেশ চৰকাৰৰ সংস্কৃতি বিভাগৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু পুঁজি সাহায্য প্ৰাপ্ত।৫ অৱশ্যে ১২ জনীয়া সদস্যৰে গঠিত এক স্বায়ত্বশাসিত ‘ভাৰত ভৱন ট্ৰাষ্ট’ৰ দ্বাৰা ই পৰিচালিত হয়।৬ পৰৱৰ্তী দশকত ইন্দোৰ, জবলপুৰ, মুম্বাই, কলকাতা আৰু আনকি বিদেশী ৰাষ্ট্ৰৰ শিল্পী, পণ্ডিত, ছাত্ৰ-ছাত্ৰী আৰু দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই কেন্দ্ৰটো ভাৰতৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰতিষ্ঠান হৈ পৰিল।১২

ইয়াৰ গঠনমূলক বছৰবোৰত নাট্য ব্যক্তিত্ব বি. ভি. কাৰান্থে ‘ৰংগমণ্ডল’ নামৰ নাট্যগোষ্ঠীটোৰ নেতৃত্ব দিছিল। তেওঁ এই অঞ্চলৰ লোক শৈলীসমূহক নিজৰ কামত অন্তৰ্ভুক্ত কৰিছিল আৰু ভাৰত ভৱনত থকাৰ সময়ছোৱাত বহুতো হিন্দী নাটক মঞ্চস্থ কৰিছিল।৭৮ ১৯৮৬ চনৰ পৰা ‘ভাৰত ভৱন সমসাময়িক ভাৰতীয় কলাৰ দ্বিবৰ্ষীয় প্ৰদৰ্শনী’ আৰু ১৯৮৯ চনৰ পৰা ‘ভাৰত ভৱন আন্তঃৰাষ্ট্ৰীয় প্ৰিণ্ট দ্বিবৰ্ষীয় প্ৰদৰ্শনী’ আৰম্ভ হয়। এই কমপ্লেক্সটো ইয়াৰ কলা সংগ্ৰহালয় ‘ৰূপংকৰ’ৰ বাবে আটাইতকৈ বেছি পৰিচিত। ইয়াত জগদীশ স্বামীনাথনে সংগ্ৰহ কৰা জনজাতীয় কলাৰ এক স্থায়ী সংগ্ৰহ আছে, যিবোৰক ভাৰতৰ জনজাতীয় কলাৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে গণ্য কৰা হয়।৪

হিন্দী কবিতা আৰু সাহিত্যৰ কেন্দ্ৰ ‘ৱাগাৰ্থ’ত ভাৰতীয় কবিতা, শাস্ত্ৰীয় সংগীত আৰু লোক সংগীতৰ এটা পুথিভঁৰাল আৰু আৰ্কাইভ আছে।৯ ই হিন্দী সাহিত্যৰ ওপৰত ‘কথা প্ৰসংগ’ নামৰ মহোৎসৱ আয়োজন কৰে।১০

অৱলোকন

এই কমপ্লেক্সত ভাৰতীয় চিত্ৰকলা আৰু ভাস্কৰ্যৰ এক কলা বীথিকা, ললিত কলা কৰ্মশালা, এখন মুকলি আকাশৰ তলৰ প্ৰেক্ষাগৃহ ("বহিৰংগ"), এটা ষ্টুডিঅ’ থিয়েটাৰ ("অভিৰংগ"), এটা প্ৰেক্ষাগৃহ ("অন্তৰংগ"), জনজাতীয় আৰু লোক কলাৰ সংগ্ৰহালয় আৰু ভাৰতীয় কবিতা, শাস্ত্ৰীয় সংগীত তথা লোক সংগীতৰ পুথিভঁৰাল আছে। ইয়াৰ উপৰিও, ভাৰত ভৱনে ইয়াৰ "আশ্ৰম"ত শিল্পী আৰু লেখকসকলক 'আৰ্টিষ্ট-ইন-ৰেচিডেন্স' কাৰ্যসূচীৰ অধীনত আতিথ্য প্ৰদান কৰে।২৫ বছৰ বছৰ ধৰি ই এক জনপ্ৰিয় পৰ্যটন আকৰ্ষণ হিচাপেও গঢ়ি উঠিছে।১১

ইয়াৰ কেইটামান উল্লেখযোগ্য শাখা হ’ল:৫

  • ৰূপংকৰ - ললিত কলা সংগ্ৰহালয়: সমসাময়িক, লোক আৰু জনজাতীয় কলাৰ বীথিকা আৰু এটা আধুনিক কলা বীথিকা, এটা গ্ৰাফিক আৰ্ট কৰ্মশালা আৰু এটা চিৰামিক আৰ্ট কৰ্মশালা।
  • ৰংগমণ্ডল - নাট্যগোষ্ঠী।
  • ৱাগাৰ্থ - ভাৰতীয় কবিতাৰ কেন্দ্ৰ, পুথিভঁৰাল, আৰ্কাইভ আৰু অনুবাদ কেন্দ্ৰ।
  • অনহদ - শাস্ত্ৰীয় আৰু লোক সংগীতৰ পুথিভঁৰাল, অডিঅ’ আৰু ভিডিঅ’ আৰ্কাইভ; ই নৃত্য প্ৰদৰ্শন আৰু শাস্ত্ৰীয় সংগীতৰ শৃংখলা যেনে— 'পৰম্পৰা' আৰু 'সপ্তক' আয়োজন কৰে।
  • ছবি - শাস্ত্ৰীয় চিনেমাৰ কেন্দ্ৰ।
  • নিৰালা সৃজনপীঠ - মধ্যপ্ৰদেশ চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত সৃজনশীল লিখনৰ চকী (Chair)।১২
ভূপালৰ ভাৰত ভৱনৰ ভিতৰৰ দৃশ্য-১
ভূপালৰ ভাৰত ভৱনৰ ভিতৰৰ দৃশ্য-১ছবি: Suyash Dwivedi · CC BY-SA 4.0
ভূপালৰ ভাৰত ভৱনৰ ভিতৰৰ দৃশ্য-২
ভূপালৰ ভাৰত ভৱনৰ ভিতৰৰ দৃশ্য-২ছবি: Suyash Dwivedi · CC BY-SA 4.0

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Raza. p. 92
  2. ↑ Abram, p. 385
  3. ↑ Sahni, p. 87
  4. ↑ Verma, p. 225
  5. ↑ Bharat Bhawan. Department of Culture, Government of Madhya Pradesh
  6. ↑ (1 September 2007). Power struggle on at Bhopal's Bharat Bhavan. Indian Express
  7. ↑ Rubin, p. 200
  8. ↑ (15 September 2002). The genius of Karanth. The Hindu
  9. ↑ Bharat Bhavan (Bhopal, India). Digital South Asia Library
  10. ↑ (22 March 2013). 'Katha Prasang' continues at Bharat Bhavan. Daily Pioneer
  11. ↑ Bharat Bhavan. Lonely Planet
  12. ↑ Nirala Srijanpeeth. Bharat Bhavan

সম্পৰ্কিত শ্ৰেণী

ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত ভৱন” প্ৰবন্ধৰ সংশোধন ৫৯৬১১৮ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।