অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ব'ন চাইনা

হাড়ৰ ছাই, ফিল্ডছ্‌পাৰ আৰু কেঅ'লিনেৰে তৈয়াৰী এবিধ কোমল পে'ষ্টৰ চীনামাটিক ব'ন চাইনা বোলা হয়। সংজ্ঞা অনুসৰি ই জন্তুৰ হাড়ৰ উৎসৰ ন্যূনতম ৩০% ফছ্‌ফেট আৰু নিৰ্দিষ্ট পৰিমাণৰ কেল্‌চিয়াম ফছ্‌ফেট থকা অস্বচ্ছ পাত্ৰ। শক্তি আৰু ভঙা প্ৰতিৰোধক্ষমতাৰ দিশৰ পৰা ব'ন চাইনা সকলোতকৈ শক্তিশালী চীনামাটি।

হালনাগাদ: ১৮ জুলাই ২০২২ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ
ষ্টেফ'ৰ্ডশ্বায়াৰ ব'না চাইনাৰ চকলেট পিয়লা c. ১৮১৫-২০, ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়
ষ্টেফ'ৰ্ডশ্বায়াৰ ব'না চাইনাৰ চকলেট পিয়লা c. ১৮১৫-২০, ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ছবি: David Jackson · CC BY-SA 2.0 uk

হাড়ৰ ছাই, ফিল্ডছ্‌পাৰ আৰু কেঅ'লিনেৰে তৈয়াৰী এবিধ কোমল পে'ষ্টৰ চীনামাটিক ব'ন চাইনা বোলা হয়। সংজ্ঞা অনুসৰি ই জন্তুৰ হাড়ৰ উৎসৰ ন্যূনতম ৩০% ফছ্‌ফেট আৰু নিৰ্দিষ্ট পৰিমাণৰ কেল্‌চিয়াম ফছ্‌ফেট থকা অস্বচ্ছ পাত্ৰ।১ শক্তি আৰু ভঙা প্ৰতিৰোধক্ষমতাৰ দিশৰ পৰা ব'ন চাইনা সকলোতকৈ শক্তিশালী চীনামাটি। উচ্চ মাত্ৰাৰ বগা বৰণ আৰু অস্বচ্ছতাৰ বাবে ই প্ৰখ্যাত।২৩ জোৰ বেছি বাবে আন চীনামাটিতকৈ ইয়াক পাতলকৈ গঢ়িব পাৰি।২ আন পোৰামাটিৰ দৰে ইয়ো কাচসদৃশ হৈ পৰে, কিন্তু আন খনিজাত বৈশিষ্ট্যৰ বাবে ই অস্বচ্ছ।৪

১৭৯০ দশকৰ আৰম্ভণিতে ইংৰাজ কুমাৰ জ'ছিয়া স্পডে ব্যৱসায়িকভাৱে প্ৰথম ব'ন চাইনাৰ বিকাশ কৰে। প্ৰাৰম্ভিক বিকাশৰ পৰা বিংশ শতিকাৰ শেষলৈকে ব'ন চাইনা প্ৰায় একচেতিয়াকৈ ইংৰাজ সামগ্ৰী আছিল। বেছিভাগ বস্তুৰ উৎপাদন ষ্ট'ক-অন-ট্ৰেণ্ট নাম ঠাইত হৈছিল।৫ ফ'ৰ্টনাম আৰু মেচন, মিল্টন, ক'লপ'ৰ্ট, স্পড, ৰয়েল ক্ৰাউন ডাৰ্বী আদি বেছিভাগ ডাঙৰ ইংৰাজ কোম্পানীয়ে এতিয়াও ব'ন চাইনা সামগ্ৰীৰ উৎপাদন কৰে।

তথ্যসূত্ৰ

  1. ↑ By The British Pottery Manufacturers' Federation, and quoted in Dictionary Of Ceramics. Arthur Dodd & David Murfin. 3rd edition. The Institute Of Minerals. 1994
  2. ↑ Ozgundogdu, Feyza Cakir. “Bone China from Turkey” Ceramics Technical; May2005, Issue 20, p29-32
  3. ↑ 'Trading Places.' R.Ware. Asian Ceramics. November,2009, p.35,37-39
  4. ↑ What is China? As with stoneware, the body becomes vitrified; which means the body fuses, becomes nonabsorbent, and very strong. Unlike stoneware, china becomes very white and translucent.
  5. ↑ 'Trading Places.' R.Ware. Asian Ceramics. November,2009, p.35,37-39

সম্পৰ্কিত শ্ৰেণী

মৃৎ শিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব'ন চাইনা” প্ৰবন্ধৰ সংশোধন ৩২৮১৭৯ (১৮ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।