বেক্টেৰিয়াফেজ f2 ইস্কেৰচিয়া কলাৰে বেক্টেৰিয়াক সংক্ৰমিত কৰা এটা আইকোছাহেড্ৰল, ধনাত্মকধৰণৰ একক ডালযুক্ত আৰ এন এ ভাইৰাছ।১ ই বেক্টেৰিয়াফেজ MS2 ৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু একে প্ৰজাতিৰ লগত সংযুক্ত।২
ইতিহাস
f2 আছিল প্ৰথমটো পৃথক কৰা আৰ এন এ যুক্ত বেক্টেৰিয়াফেজ, যিটো ১৯৬১ চনত ৰিপৰ্ট কৰা হৈছিল।৩ টিম ল’ব আৰু নৰ্টন জিণ্ডাৰে নিউয়ৰ্ক চহৰৰ কেঁচা নলাৰ ফিল্টাৰ কৰা নমুনাত দুটা ফেজ চিনাক্ত কৰিছিল যিবোৰ পুৰুষ ই কলাইৰ ওপৰত বৃদ্ধি হৈছিল (F+) কিন্তু মাইকী (F−) ই.কলাইৰ ওপৰত নহয়। প্ৰথম ফেজ f1 য়ে ধূসৰ ভাইৰেল প্লেক উৎপন্ন কৰিছিল আৰু দ্বিতীয় ফেজ f2 য়ে স্পষ্ট প্লেক উৎপন্ন কৰিছিল।১
তথ্যসূত্ৰ
- ↑ van Duin, J.; Tsareva, N. (2006). The Bacteriophages. Oxford University Press. পৃ. 175–196. ISBN 0195148509
- ↑ (2005). The Positive Sense Single Stranded RNA Viruses. Virus Taxonomy. পৃ. 739–1128. ISBN 9780122499517
- ↑ Loeb, T.; Zinder, N. D. (1961). A bacteriophage containing RNA. Proc. Natl. Acad. Sci. USA. পৃ. 282–289
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেক্টেৰিয়াফেজ f2” প্ৰবন্ধৰ সংশোধন ৬৩৪০৫৯ (২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।