অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বৃহৎ হেড্ৰ'ন সংঘৰ্ষক

বৃহৎ হেড্ৰ'ন সংঘৰ্ষক (The Large Hadron Collider; চমুকৈ LHC) হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী 'কণা সংঘৰ্ষক' (Particle Collider)। ১৯৯৮ৰ পৰা ২০০৮ চনৰ মাজভাগত প্ৰায় ১০,০০০ বিজ্ঞানী আৰু ১০০খন দেশৰ অভিযন্তা লগতে বহুকেইখন বিশ্ববিদ্যালয় আৰু পৰীক্ষাগাৰৰ সহযোগিতাত নিউক্লীয় গৱেষণাৰ ইউৰোপিয়ান সংঘই…

হালনাগাদ: ১৬ মে’ ২০২৬ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

বৃহৎ হেড্ৰ'ন সংঘৰ্ষক (The Large Hadron Collider; চমুকৈ LHC) হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী 'কণা সংঘৰ্ষক' (Particle Collider)।১ ১৯৯৮ৰ পৰা ২০০৮ চনৰ মাজভাগত প্ৰায় ১০,০০০ বিজ্ঞানী আৰু ১০০খন দেশৰ অভিযন্তা লগতে বহুকেইখন বিশ্ববিদ্যালয় আৰু পৰীক্ষাগাৰৰ সহযোগিতাত নিউক্লীয় গৱেষণাৰ ইউৰোপিয়ান সংঘই (চাৰ্ণ) বৃহৎ হেড্ৰ'ন সংঘৰ্ষক নিৰ্মাণ কৰি উলিয়ায়।২ ২৭ কিলোমিটাৰ পৰিধিযুক্ত আৰু ১৭৫ মিটাৰ গভীৰ এই সংঘৰ্ষকটো ছুইজাৰলেণ্ডৰ জেনেভাৰ ওচৰৰ ফ্ৰাঞ্চ-ছুইজাৰলেণ্ড সীমান্তৰ তলত অৱস্থিত। ২০১০ চনৰ মাৰ্চ মাহৰ পৰা ২০১৩ চনৰ আগলৈ প্ৰতিবীমত ৩.৫-৪ টেৰাইলেক্ট্ৰনভল্টৰ (TeV) (মুঠ ৭-৮ TeV) শক্তি ব্যৱহাৰ কৰি ইয়াৰ প্ৰথমটো গৱেষণা আৰম্ভ কৰা হৈছিল।৩৪ তাৰ পাছত দুবছৰৰ বাবে সংঘৰ্ষকটোৰ উন্নয়ন কৰা হৈছিল। দ্বিতীয় গৱেষণা আৰম্ভ কৰিবলৈ ২০১৫ চনৰ আগছোৱাত সংঘৰ্ষকটো পুনৰ চলোৱা হয় আৰু এইবাৰ প্ৰতিবীমত ৬.৫ TeV (মুঠ ১৩ TeV) ব্যৱহাৰ কৰা হয়।৫৬৭৮

বৃহৎ হেড্ৰ'ন সংঘৰ্ষকৰ লক্ষ্য হ'ল কণা পদাৰ্থ বিজ্ঞানৰ বিভিন্ন তত্বসমূহৰ পূৰ্ব-সূচনাসমূহ পদাৰ্থ বিজ্ঞানীসকলক পৰীক্ষা কৰিবলৈ দিয়া।৯ ইয়াৰোপৰি হিগ্‌ছ ব'ছ'নৰ ধৰ্মসমূহৰ জোখমাখ আৰু ছুপাৰছিমেট্ৰিক তত্বসমূহৰ দ্বাৰা পূৰ্ব-সূচনা কৰা নতুন কণাসমূহৰ সন্ধান এই সংঘৰ্ষকৰ লক্ষ্য।১০

তথ্যসূত্ৰ

  1. ↑ The Large Hadron Collider. cern.ch
  2. ↑ Highfield, Roger. (16 September 2008). Large Hadron Collider: Thirteen ways to change the world. The Daily Telegraph
  3. ↑ (30 March 2010). CERN LHC sees high-energy success. BBC News
  4. ↑ CERN Press Office. (13 February 2012). LHC to run at 4 TeV per beam in 2012. CERN
  5. ↑ Jonathan Webb. (5 April 2015). Large Hadron collider restarts after pause. BBC
  6. ↑ O'Luanaigh, Cian. Proton beams are back in the LHC. CERN: Accelerating science. CERN
  7. ↑ Large Hadron Collider turns on 'data tap'. BBC News
  8. ↑ LHC smashes energy record with test collisions. BBC News
  9. ↑ (2008). Missing Higgs. CERN
  10. ↑ (2008). Towards a superforce. CERN

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃহৎ হেড্ৰ'ন সংঘৰ্ষক” প্ৰবন্ধৰ সংশোধন ৬০৬৫৯১ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।