চুতীয়া ৰাজবংশ
৬ প্ৰবন্ধ
-
সতী সাধনী
সতী সাধনী বা সাধনী নাৰায়ণ চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী আছিল। শেষৰজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ পুত্ৰ নাছিল। সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল। বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।
-
নীতিপাল
নীতিপাল চুতীয়া ৰাজবংশৰ শেষৰজন ৰজা আছিল। পূৰ্বতে তেওঁৰ নাম নিতাই আছিল। নিতাই এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা আছিল। অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপালে সাধনীক বিয়া দিবৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই চিন্তিত হৈ পৰিছিল। এদিন ৰজা ফুৰিবলৈ যাওঁতে ‘পাল শৱদিয়া মৈদাম’ৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে।
-
ৰত্নধ্বজপাল
ৰত্নধ্বজপাল চুতীয়া ৰজাসকলৰ মাজত এজন উল্লেখযোগ্য ৰজা আছিল। তেওঁ ৰজা হোৱাৰ সময় প্ৰায় ১২৪৪ খ্ৰীষ্টাব্দ। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক বীৰপালৰ ৰাণীয়ে ৰূপৱতীয়ে হেনো কুবেৰৰ পূজা কৰি এটি পুত্ৰ সন্তান লাভ কৰে। তেওঁৰ নাম গৌৰনাৰায়ণ আছিল।
-
ধীৰনাৰায়ণ
ধীৰনাৰায়ণ (Dhirnarayana) চুতীয়া ৰাজ্যৰ এজন ৰজা আছিল। তেওঁ আছিল চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা। পিতৃ পুৰন্দৰ পালৰ মত্যুৰ পিছত তেওঁৰ পুত্ৰ ধীৰনাৰায়ণে ১৫০০ খ্ৰীঃত সধয়াপুৰীৰ সিংহাসনত আৰোহণ কৰে ধীৰনাৰায়ণ এজন ন্যায় পৰায়ণ আৰু সাহসী ৰজা আছিল।
-
বীৰপাল
বীৰপাল চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা। তেওঁক ভীষ্মক ৰজাৰ বংশধৰ বুলি কোৱা হয়। ৰজা বীৰপালে সোৱনশিৰি নৈৰ কাষত থকা সোণাশিৰি পাহাৰত যাঠি ঘৰ চুতীয়া মানুহৰ ওপৰত ৰাজত্ব কৰিছিল। বীৰপালৰ ৰাণীৰ নাম আছিল ৰূপৱতী। বীৰপাল অপুত্ৰক আছিল। ৰাণী ৰূপবতীয়ে পুত্ৰসন্তান লাভ বাৰে ধনৰ দেৱতা কুবেৰক আৰাধনা কৰিছিল।
-
স্বধয়া পুৰীৰ লক্ষ্মীনাৰায়ণৰ তামৰ ফলি
স্বধয়া পুৰীৰ লক্ষ্মীনাৰায়ণৰ তামৰ ফলি হৈছে ১৩২৩ শকৰ তাম্ৰ ফলি য'ত ঘিলামৰা তামৰ ফলি আৰু ধেনুখনা তামৰ ফলি নামেৰে দুখন তামৰ ফলি অন্তৰ্ভুক্ত হৈ আছে। ইয়াত লক্ষ্মীনাৰায়ণ আৰু সত্যনাৰায়ণ ৰজাই বাসুদেৱৰ সেৱা-পূজাৰ উদ্দেশ্যে ভূমি দান দিয়াৰ কথা উল্লেখ আছে। লক্ষ্মীনাৰায়ণ আছিল চুতীয়া ৰজা।