অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ফেডৰ জেফটিচেউ

ফেডৰ এড্ৰিয়ানোভিচ জেফটিচেউ, জন্ম: ১৮৬৮ চন – মৃত্যু: ৩১ জানুৱাৰী, ১৯০৪ চন, যিয়ে জো-জো দ্য ডগ-ফেচড বয় (পিছলৈ জো-জো দ্য ডগ-ফেচড মেন) নামেৰে বেছি পৰিচিত, ৰাছিয়াৰ এজন বিখ্যাত চাইডশ্ব' অভিনেতা আছিল তেওঁৰ পিতৃ, যাৰ সৈতে ১৮৭৩ চনত তেওঁ ইউৰোপ ভ্ৰমণ কৰিছিল, ‘কোষ্ট্ৰমা অৰণ্যৰ পৰা বন্য মানুহ’ আৰু পিছত ১৮৮৪…

হালনাগাদ: ১৩ মাৰ্চ ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

ফেডৰ এড্ৰিয়ানোভিচ জেফটিচেউ, জন্ম: ১৮৬৮ চন – মৃত্যু: ৩১ জানুৱাৰী, ১৯০৪ চন, যিয়ে জো-জো দ্য ডগ-ফেচড বয় (পিছলৈ জো-জো দ্য ডগ-ফেচড মেন) নামেৰে বেছি পৰিচিত, ৰাছিয়াৰ এজন বিখ্যাত চাইডশ্ব' অভিনেতা আছিল তেওঁৰ পিতৃ, যাৰ সৈতে ১৮৭৩ চনত তেওঁ ইউৰোপ ভ্ৰমণ কৰিছিল, ‘কোষ্ট্ৰমা অৰণ্যৰ পৰা বন্য মানুহ’১ আৰু পিছত ১৮৮৪ চনত দ্বাৰা পি.টি. বাৰ্নামৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ অনা হয়।২

জীৱনী

১৮৬৮ চনত ইম্পেৰিয়েল ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গত জন্মগ্ৰহণ কৰা ফেডৰ জেফটিচেউ চিকিৎসাজনিত অৱস্থা হাইপাৰট্ৰাইক'ছিছত আক্ৰান্ত হৈছিল।২ তেওঁৰ পিতৃ এড্ৰিয়ান, যিজনো হাইপাৰট্ৰাইকটিক আছিল,২ তেওঁ ফৰাচী চাৰ্কাছত অনুষ্ঠান পৰিৱেশন কৰিছিল। ১৮৭৩ চনত এড্ৰিয়ানে তেওঁৰ পুত্ৰৰ সৈতে ইউৰোপীয় প্ৰদৰ্শনীত "কষ্ট্ৰমা বনাঞ্চলৰ বন্য মানুহ" হিচাপে অনুষ্ঠান পৰিৱেশন কৰে।২ দহ বছৰৰ পাছত ১৮৮৪ চনত, ফেডৰ "থিওডৰ পেট্ৰফ" হিচাপে ঘূৰি আহিল পি.টি বাৰ্নামৰ প্ৰতিনিধি হৈ আৰু আমেৰিকাত বাৰ্নামত "জো-জো দ্য ডগ-ফেচড বয়" হিচাপে যোগদান কৰে।২

বাৰ্নামে এটা কাহিনী সৃষ্টি কৰিছিল য'ত কষ্ট্ৰ'মাৰ এজন চিকাৰীয়ে ফেডৰ আৰু তেওঁৰ পিতৃক অনুসৰণ কৰি তেওঁলোকৰ গুহালৈ লৈ গৈছিল আৰু তেওঁলোকক বন্দী কৰিছিল। বাৰ্নামে এড্ৰিয়ানক সভ্য হ’ব নোৱাৰা বনৰীয়া বুলি বৰ্ণনা কৰিছিল। বাৰ্নামে ফেডৰৰ চেহেৰা কুকুৰৰ সৈতে থকা সাদৃশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ এটা কথা ক’লে, আৰু বুজাই দিলে যে যেতিয়া তেওঁ কিবা কথাত বিচলিত হয় তেতিয়া তেওঁ কুকুৰৰ দৰে ভৌ ভৌ কৰিব আৰু কুঁকুৱাব। শ্ব’টোত ফেডৰে তেনে কৰিবলৈ বাধ্য হৈছিল।

ফেডৰে ৰাছিয়ান, জাৰ্মান আৰু ইংৰাজী ভাষা ক’ব পাৰে আৰু ইউৰোপ আৰু আমেৰিকাত বহুলভাৱে ভ্ৰমণ কৰিছিল।

১৯০৪ চনৰ ৩১ জানুৱাৰীত তেতিয়াৰ অট্টোমান সাম্ৰাজ্যৰ অংশ গ্ৰীচৰ চেল’নিকাত নিউমোনিয়াত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Un monsieur de l'Orchestre, Les Coulisses de l'Homme-Chien, Le Figaro, no 290, 17 octobre 1873, page 3-4
  2. ↑ CandyGuy. (2006-07-17). Fedor Jefticheive – Jo-Jo the Dog-Faced Boy. The Human Marvels

সম্পৰ্কিত শ্ৰেণী

দাড়ি থকা নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেডৰ জেফটিচেউ” প্ৰবন্ধৰ সংশোধন ৫৮৭৮২৭ (১৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।