ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১২ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।
| # | শাখা | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
|---|---|---|---|---|---|
| ১ | পদাৰ্থ বিজ্ঞান | ছেৰ্গে হেৰোচি (Serge Haroche) | স্বতন্ত্ৰ কোৱাণ্টাম ব্যৱস্থাৰ মাপ আৰু পৰিচালনাৰ ক্ষেত্ৰত অনা বৈপ্লৱিক প্ৰায়োগিক পদ্ধতি (ground-breaking experimental methods that enable measuring and manipulation of individual quantum systems)"১ | ||
| ডেভিড জে. ৱাইনলেণ্ড (David J. Wineland) | |||||
| ২ | ৰসায়ন বিজ্ঞান | ৰবাৰ্ট জে. লেফ্ক'ৱিজ (Robert J. Lefkowitz) | G-প্ৰ'টিন একত্ৰিত ৰিচেপ্টৰ সম্বন্ধীয় গৱেষণা ("for studies of G-protein-coupled receptors")২ | ||
| ব্ৰায়ান কে. ক'বিল্কা (Brian K. Kobilka) | |||||
| ৩ | ফিজিঅ'লজী বা মেডিচিন | ছাৰ জন বি. গৰ্ডন (Sir John B. Gurdon) | এওঁলোকে আৱিষ্কাৰ কৰিছিল যে পৰিণত কোষকো পুনৰ প্ৰ'গ্ৰাম কৰি প্লুৰিপ'টেণ্ট কোষত পৰিণত কৰিব পৰা যায় ("for the discovery that mature cells can be reprogrammed to become pluripotent")৩ | ||
| শ্বিন্যা য়ামানাকা (Shinya Yamanaka) | |||||
| ৪ | সাহিত্য | মো য়ান (Mo Yan) | যিজনে দৃষ্টিভ্ৰমিত বাস্তৱতাৰে লোক-সাধু, বুৰঞ্জী আৰু সমসাময়িকক বান্ধি ৰাখিবলৈ সক্ষম ("who with hallucinatory realism merges folk tales, history and the contemporary").৪ | ||
| ৫ | শান্তিৰ ন'বেল বঁটা | ইউৰোপীয় সংঘ (European Union) | ছয় দশকতকৈও বেছি সময় ধৰি ইউৰোপত গণতন্ত্ৰ, মানৱ অধিকাৰ লগতে শান্তি আৰু সম্প্ৰীতি অটুট ৰখাৰ বাবে কাৰ্যৰত হৈ থকাৰ বাবে ("for over six decades contributed to the advancement of peace and reconciliation, democracy and human rights in Europe".)৫ | ||
| ৬ | অৰ্থনীতি | এলভিন ই. ৰথ (Alvin E. Roth) | সুস্থিৰ বণ্টন আৰু বজাৰ ৰূপাঙ্কনৰ আচৰণ তত্বৰ বাবে("for the theory of stable allocations and the practice of market design")৬ | ||
| লয়ড এছ. ছেপ্লী (Lloyd S. Shapley) |
বাহ্যিক সংযোগ
- Official website of the Royal Swedish Academy of Sciences
- Official website of the Nobel Foundation
- Downloadable Database of Nobel Laureates
তথ্যসূত্ৰ
- ↑ "The Nobel Prize in Physics 2012". Nobelprize.org. 11 Oct 2012 www.nobelprize.org/nobel_prizes/physics/laureate
- ↑ "The Nobel Prize in Chemistry 2012". Nobelprize.org. 11 Oct 2012 www.nobelprize.org/nobel_prizes/chemistry/laurea
- ↑ "The Nobel Prize in Physiology or Medicine 2012". Nobelprize.org. 11 Oct 2012 www.nobelprize.org/nobel_prizes/medicine/laureat
- ↑ "The Nobel Prize in Literature 2012". Nobelprize.org. 11 Oct 2012 www.nobelprize.org/nobel_prizes/literature/laure
- ↑ "The Nobel Peace Prize 2012". Nobelprize.org. 12 Oct 2012 www.nobelprize.org/nobel_prizes/peace/laureates/
- ↑ "The Prize in Economic Sciences 2012". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/economics/laurea
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০১২)” প্ৰবন্ধৰ সংশোধন ৫৬০৮৩০ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।