ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১১ বৰ্ষৰ এই বঁটা লাভ কৰা ব্যক্তিসকল হ'ল:
| # | শাখা | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
|---|---|---|---|---|---|
| ১ | পদাৰ্থ বিজ্ঞান | ছল পাৰ্লম্যুটাৰ (Saul Perlmutter) | এই বৰ্ষৰ বঁটাৰ অৰ্ধভাগ ছল পাৰ্লম্যুটাৰ-ক দিয়া হয়, বাকী অংশ ব্ৰায়ান পি. স্মিড্ট আৰু আডাম জি. ৰিছ-ৰ মাজত ভাগ কৰি দিয়া হয়। "দূৰৱৰ্তী ছুপাৰনোভাৰ পৰ্যবেক্ষণেৰে ব্ৰহ্মাণ্ডৰ ত্বৰিত প্ৰসাৰণ আৱিষ্কাৰ"ৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ("for the discovery of the accelerating expansion of the Universe through observations of distant supernovae").১ | ||
| ব্ৰায়ান পি. স্মিড্ট (Brian P. Schmidt) | |||||
| আডাম জি. ৰিছ (Adam G. Riess) | |||||
| ২ | ৰসায়ন বিজ্ঞান | ডেন স্বেখ্টমেন (Dan Shechtman) | "অৰ্দ্ধস্ফটিকৰ আৱিষ্কাৰৰ বাবে" ("for the discovery of quasicrystals".)২ | ||
| ৩ | ফিজিঅ'লজী বা মেডিচিন | ব্ৰুচ ই. বিউট্লাৰ (Bruce A. Beutler) | এই বৰ্ষৰ বঁটা দুভাগ কৰি এভাগ ব্ৰুচ বিউট্লাৰ আৰু জুল হফ্মেনলৈ দিয়া হয় তেওঁলোকৰ "জন্মগত প্ৰতিৰোধী ব্যৱস্থাৰ সক্ৰিয়কৰণ সম্পৰ্কীয় আৱিষ্কাৰ সমূহৰ বাবে" ("for their discoveries concerning the activation of innate immunity")। বঁটাৰ বাকী অংশ ৰাল্ফ ষ্টেইনমেনলৈ আগবঢ়োৱা হয়, "তেখেতে আৱিষ্কাৰ কৰা ডেনড্ৰাইটিক কোষ আৰু অভিযোজ্য প্ৰতিৰোধী ব্যৱস্থাত ইয়াৰ ভূমিকা সম্বন্ধীয় গৱেষণাৰ বাবে" ("for his discovery of the dendritic cell and its role in adaptive immunity".)৩ | ||
| জুল এ. হফ্মেন (Jules A. Hoffmann) | |||||
| ৰাল্ফ এম. ষ্টেইনমেন (Ralph M. Steinman) | |||||
| ৪ | সাহিত্য | টমাছ ট্ৰান্সট্ৰ'মাৰ (Tomas Tranströmer) | "কাৰণ তেখেতৰ পাৰদৰ্শী আৰু সংহত চিত্ৰকল্পই আমাৰ বাবে বাস্তৱৰ এক ন-দুৱাৰ মেলি দিয়ে" ("because, through his condensed, translucent images, he gives us fresh access to reality".)৪ | ||
| ৫ | শান্তিৰ ন'বেল বঁটা | ইলিন জনছন ছাৰ্লিফ (Ellen Johnson Sirleaf) | "নাৰীৰ নিৰাপত্তা আৰু অধিকাৰৰ বাবে অহিংস সংগ্ৰাম চলাই যোৱাৰ পৰা শান্তি প্ৰতিষ্ঠাৰ কাৰ্যত কৰা পূৰ্ণ অংশগ্ৰহনৰ বাবে" ("for their non-violent struggle for the safety of women and for women’s rights to full participation in peace-building work".)৫ | ||
| লিমা বয়ি (Leymah Gbowee) | |||||
| টৱাক্ক'ল কেৰমেন (Tawakkol Karman) | |||||
| ৬ | অৰ্থনীতি | টমাছ জে. ছাৰ্জেণ্ট (Thomas J. Sargent) | "বৃহৎ অৰ্থনীতিৰ কাৰক আৰু ফলাফল সম্বন্ধীয় প্ৰায়োগিক গৱেষণাৰ বাবে" ("for their empirical research on cause and effect in the macroeconomy")৬ | ||
| ক্ৰিষ্ট'ফাৰ এ. ছিম্ছ (Christopher A. Sims) |
বাহ্যিক সংযোগ
- Official website of the Royal Swedish Academy of Sciences
- Official website of the Nobel Foundation
- Downloadable Database of Nobel Laureates
তথ্যসূত্ৰ
- ↑ "The Nobel Prize in Physics 2011". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/physics/laureate
- ↑ "The Nobel Prize in Chemistry 2011". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/chemistry/laurea
- ↑ "The Nobel Prize in Physiology or Medicine 2011". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/medicine/laureat
- ↑ "The Nobel Prize in Literature 2011". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/literature/laure
- ↑ "The Nobel Peace Prize 2011". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/peace/laureates/
- ↑ "The Prize in Economic Sciences 2011". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/economics/laurea
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০১১)” প্ৰবন্ধৰ সংশোধন ৫৬০৮২৯ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।