নেন্সি গ্ৰেচ ৰোমান স্পে’চ টেলিস্কোপ (ইংৰাজী: Nancy Grace Roman Space Telescope; চমুকৈ ৰোমান স্পে’চ টেলিস্কোপ, Roman, বা RST) হৈছে নাছাৰ এটা ইনফ্ৰাৰেড মহাকাশ দূৰবীণ৷ ২০২৫ চনৰ ২৫ নৱেম্বৰত এই দূৰবীণটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল আৰু ২০২৬ চনৰ ৩০ আগষ্টত সূৰ্য্য–পৃথিৱী এল ২ কক্ষপথলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।১ নাছাৰ জ্যোতিৰ্বিজ্ঞানৰ প্ৰাক্তন মুৰব্বী নেন্সি গ্ৰেচ ৰোমানৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।২
ৰোমান মহাকাশ দূৰবীণটো ৰাষ্ট্ৰীয় গোপনীয়তা কাৰ্যালয়ে দান কৰা বৰ্তমানৰ ২.৪ মিটাৰ (৭.৯ ফুট) বহল দৃশ্যক্ষেত্ৰৰ প্ৰাথমিক দাপোনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে আৰু ইয়াত দুটা বৈজ্ঞানিক যন্ত্ৰ থাকিব। ৱাইড-ফিল্ড ইনষ্ট্ৰুমেণ্ট (WFI) হৈছে ৩০০.৮ মেগাপিক্সেলৰ মাল্টি-বেণ্ড দৃশ্যমান আৰু নিয়াৰ-ইনফ্ৰাৰেড কেমেৰা৷ হাবল স্পেচ টেলিস্কোপৰ ০.২৮ বৰ্গ ডিগ্ৰীৰ দৃষ্টিক্ষেত্ৰত লাভ কৰা ছবিৰ তুলনাত ইয়াৰ ছবি অধিক স্পষ্ট হ’ব৷ হাবলৰ ইমেজিং কেমেৰাতকৈ ইয়াৰ কেমেৰা ১০০ গুণ ডাঙৰ। ক'ৰ'নাগ্ৰাফ ইনষ্ট্ৰুমেণ্ট (CGI) হৈছে নতুন ষ্টাৰলাইট-চাপ্ৰেচন প্ৰযুক্তি ব্যৱহাৰ কৰি দৃশ্যমান আৰু নিয়াৰ-ইনফ্ৰাৰেড তৰংগদৈৰ্ঘ্য সামৰি লোৱা এটা উচ্চ কনট্ৰাষ্ট, সৰু ফিল্ড অৱ ভিউ কেমেৰা আৰু স্পেকট্ৰ'মিটাৰ।
এই দূৰবীণৰ উল্লেখিত উদ্দেশ্যসমূহৰ ভিতৰত আছে মহাকৰ্ষণীয় মাইক্ৰ'লেন্সিং ব্যৱহাৰ কৰি সৌৰজগতৰ বাহিৰৰ গ্ৰহসমূহৰ সন্ধান কৰা, বিশ্বব্ৰহ্মাণ্ডৰ কালক্ৰম আৰু মহাজাগতিক গঠনৰ বৃদ্ধিৰ অনুসন্ধান কৰা, ইয়াৰ অন্তিম লক্ষ্য হৈছে আন্ধাৰ শক্তিৰ প্ৰভাৱ, সাধাৰণ আপেক্ষিকতাৰ সামঞ্জস্যতা আৰু স্থানকালৰ বক্ৰতা জুখিব পৰা।
২০১০ চনত আমেৰিকাৰ ৰাষ্ট্ৰীয় গৱেষণা পৰিষদৰ ডেকাডেল ছাৰ্ভে কমিটিয়ে জ্যোতিৰ্বিজ্ঞানৰ পৰৱৰ্তী দশকৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ হিচাপে ৰোমানক পৰামৰ্শ দিছিল। ২০১৬ চনৰ ১৭ ফেব্ৰুৱাৰীত ইয়াৰ উন্নয়ন আৰু মুকলিৰ বাবে অনুমোদন দিয়া হয়।
তথ্যসূত্ৰ
- ↑ (2026-06-03). Hello, World! NASA Shares New Home for Roman Space Telescope Updates. NASA Jet Propulsion Laboratory
- ↑ (May 20, 2020). NASA Telescope Named For "Mother of Hubble" Nancy Grace Roman. NASA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেন্সি গ্ৰেচ ৰোমান স্পে’চ টেলিস্কোপ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩১২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।