অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নাৰী মুক্তি সংঘ

নাৰী মুক্তি সংঘ (ইংৰাজী: Nari Mukti Sangh; Women's Liberation Association) হৈছে ভাৰতৰ এটা মহিলা সংগঠন। এই সংগঠনটোৰ মূল কাৰ্যক্ষেত্ৰ হ’ল বিহাৰ আৰু ঝাৰখণ্ড।

হালনাগাদ: ১৯ মাৰ্চ ২০২৪ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নাৰী মুক্তি সংঘ (ইংৰাজী: Nari Mukti Sangh; Women's Liberation Association) হৈছে ভাৰতৰ এটা মহিলা সংগঠন। এই সংগঠনটোৰ মূল কাৰ্যক্ষেত্ৰ হ’ল বিহাৰ আৰু ঝাৰখণ্ড।১ ১৯৯০ চনৰ মাৰ্চ মাহত মহিলাসকলে সন্মুখীন হোৱা শোষণ, অত্যাচাৰ আৰু অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে গিৰিডিহৰ তালেকোচাত আয়োজন কৰা মহিলা সন্মিলনৰ সময়ত এই সংগঠনটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। সন্মিলনত সংগঠনটোৰ এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছিল। সেই সমিতিত সভাপতি, সম্পাদক আৰু এজন কোষাধ্যক্ষকে ধৰি সাতজন সদস্য আছিল।২ বৰ্তমান বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিম বংগ আৰু দিল্লী ৰাজ্যৰ পৰা যথেষ্ট লোকে নাৰী মুক্তি সংঘৰ সদস্য পদ গ্ৰহণ কৰিছে।২

ভাৰতৰ এই নাৰীবাদী সংগঠনটোৰ দৰে বাংলাদেশতো “নাৰী মুক্তি সংঘ” নামৰ এটা নাৰী সংগঠন আছে।৩

আদৰ্শ

নাৰী মুক্তি সংঘ “(বৈজ্ঞানিক) মাৰ্ক্সবাদ, লেনিনবাদ আৰু মাওবাদ”ৰ দ্বাৰা প্ৰভাৱিত, আৰু “মানুহৰ সংগ্ৰামৰ জৰিয়তে আৰু স্বাধীনতা, গণতন্ত্ৰ, সমতা, নাৰী মুক্তি আৰু সমাজবাদৰ ভিত্তিত জাতীয় সমস্যা সমাধান কৰিব পৰা যায় বুলি বিশ্বাস কৰে।”৪ নাৰী মুক্তি সংঘই ভাৰতক “অৰ্ধ-সামন্তীয়” দেশ হিচাপে বৰ্ণনা কৰিছে,৫ আৰু কয় যে “ৰাষ্ট্ৰৰ আমূল পৰিৱৰ্তন অবিহনে নাৰী মুক্তি সম্ভৱ নহয়।”৬ নাৰীয়ে সন্মুখীন হোৱা শোষণ, অত্যাচাৰ আৰু নিৰ্যাতনৰ বিৰুদ্ধে সংগ্ৰাম কৰায়েই হৈছে নাৰী মুক্তি সংঘৰ মূল উদ্দেশ্য।

লক্ষ্য আৰু কাৰ্য্য

নাৰী মুক্তি সংঘই “মহিলাৰ কণ্ঠৰ বাবে স্থান” সৃষ্টি কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকক “অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক কাৰ্যকলাপ আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া”ত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়ে।১ নাৰী মুক্তি সংঘৰ স্বেচ্ছাসেৱকসকলে বিহাৰ আৰু ঝাৰখণ্ডৰ গাঁৱে গাঁৱে যায়, আৰু স্থানীয় মহিলাসকলৰ সহযোগত “ৰাইজৰ আদালতৰ জৰিয়তে যৌন হিংসাৰ অপৰাধী”ক শাস্তি প্ৰদান কৰিবলৈ চেষ্টা কৰে, আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত হোৱা কাজিয়াক আন্তৰিকতাৰে সমাধান কৰাৰ প্ৰয়াস কৰে। ইয়াৰ উপৰিও নাৰীক শিক্ষাৰ উদ্দেশ্যে সংগঠনটোৱে "ক্ৰান্তি কা পাঠশালা"ৰ (বিপ্লৱৰ বিদ্যালয়) আয়োজন কৰিছে আৰু বৰ্তমানলৈকে হাজাৰ হাজাৰ মহিলাক শিক্ষিত কৰিবলৈ সক্ষম হৈছে।১

নাগপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট নাৰীবাদী কৰ্মী সোমা সেনে লিখিছে, “চিকিৎসক নথকা স্বাস্থ্য কেন্দ্ৰত, শিক্ষক অনুপস্থিত থকা বিদ্যালয়ত তলাবন্ধ কৰা, খাদ্য শস্যৰ ন্যায্য বিতৰণৰ বাবে যুঁজ দিয়া, উন্নত মজুৰি আৰু উন্নত পাৰিশ্ৰমিক মূল্যৰ বাবে মাত মতা, পুৰুষ-মহিলাৰ সমান কামৰ বাবে সমান মজুৰিৰ বাবে যুঁজ দিয়া আদি কৰ্মৰ জৰিয়তে এই জনজাতীয় মহিলা সংগঠনসমূহে [নাৰী মুক্তি সংঘ আৰু ক্ৰান্তিকাৰী আদিবাসী মহিলা সংগঠন] মহিলাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক কাৰ্য্যকলাপৰ প্ৰক্ৰিয়াসমূহ গণতান্ত্ৰিক কৰি তুলিছে, যাৰ ফলত মহিলাসকলৰ বাবে উন্নয়ন আৰু গণতন্ত্ৰ অধিক অৰ্থপূৰ্ণ হৈ উলিছে।”১

গিৰিডীহ জিলাৰ পিৰতাণ্ড বনাঞ্চলত গছ বচাবলৈ চলোৱা অভিযানৰ বাবে নাৰী মুক্তি সংঘ ঝাৰখণ্ডত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁলোকে গাঁৱৰ জনগণক মানুহ আৰু বন্যপ্ৰাণীৰ বাবে গছৰ তাৎপৰ্য্যৰ বিষয়ে বুজাবলৈ চেষ্টা কৰে, আৰু গছবোৰ জধেমধে অবিৰতভাৱে কাটি পেলোৱাৰ ফলত ভৱিষ্যতে হ’ব পৰা প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনাৰ বিষয়ে সচেতন কৰি তোলে। বনাঞ্চলত অবৈধভাবে গছ কটা অপৰাধীক ১০০০ টকাৰ জৰিমনা বিহা হ’ব নাইবা শাৰীৰিক শাস্তিৰ সন্মুখীন হ'ব বুলিও তেওঁলোকে ভয়ৰ সৃষ্টি কৰে।৭

নাৰী মুক্তি সংঘক গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ এটা "সন্মুখৰ সংগঠন" বুলি বিশ্বাস কৰে আৰু সংগঠনটোক মাওবাদী সমন্বয় কেন্দ্ৰৰ এটা শাখা হিচাপেও গণ্য কৰা হয়।৮

তথ্যসূত্ৰ

  1. ↑ Sen, Shoma. (3 November 2010). Contemporary anti-displacement struggles and women's resistance: a commentary. Sanhati
  2. ↑ Sheela. (October 2013). Unas palabras sobre la historia de mi vida política. Marxists Internet Archive
  3. ↑ Rout S; Iyengar S. (January 2008). Review of existing and emerging patterns of sex work in Bangladesh in the context of HIV and AIDS. AIDS Data Hub
  4. ↑ (2012). The Indian Political System. Pearson Education (Dorling Kindersley). ISBN 978-81-31761-24-3
  5. ↑ (2012). The Indian Political System. Pearson Education (Dorling Kindersley). ISBN 978-81-31761-24-3
  6. ↑ Sachchidananda; Niraj Kumar. (2005). Dalit Women on the Move: The Bihar Scenario. Serials. পৃ. 109. ISBN 978-81-86771-94-5
  7. ↑ Jaipuriar, Vishvendu. (31 August 2011). Red women on green rampage. The Telegraph
  8. ↑ Louis, Prakash. (2008). New Dimensions of Women Empowerment. Deep and Deep. পৃ. 444. ISBN 978-81-84500-89-9

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰী মুক্তি সংঘ” প্ৰবন্ধৰ সংশোধন ৪১৩০০২ (১৯ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।