অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

দ্বি জাতি তত্ত্ব

দ্বি জাতি তত্ত্ব (Two-nation theory) হৈছে এনে এক মতাদৰ্শ, য’ত ভাৰতীয় উপমহাদেশৰ মুছলমানসকলক মূলতঃ তেওঁলোকৰ ধৰ্মৰ জৰিয়তেহে চিনাক্ত কৰা হয়। ইয়াৰ যোগেদি ভাৰতীয় হিন্দু আৰু মুছলমানৰ বাবে দুটা পৃথক জাতীয়তা চিনাক্ত কৰা হ'ল। য'ত ভাষা, জাতি আৰু অন্যান্য বৈশিষ্ট্যতকৈ ধৰ্মক অধিক গুৰুত্ব দিয়া হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

দ্বি জাতি তত্ত্ব (Two-nation theory) হৈছে এনে এক মতাদৰ্শ, য’ত ভাৰতীয় উপমহাদেশৰ মুছলমানসকলক মূলতঃ তেওঁলোকৰ ধৰ্মৰ জৰিয়তেহে চিনাক্ত কৰা হয়।১ ইয়াৰ যোগেদি ভাৰতীয় হিন্দু আৰু মুছলমানৰ বাবে দুটা পৃথক জাতীয়তা চিনাক্ত কৰা হ'ল। য'ত ভাষা, জাতি আৰু অন্যান্য বৈশিষ্ট্যতকৈ ধৰ্মক অধিক গুৰুত্ব দিয়া হৈছিল। এই দুটা জাতিৰ তত্ত্বই ১৯৪৭ চনত পাকিস্তান আন্দোলন আৰু ভাৰত বিভাজনৰ অন্যতম কাৰণ আছিল।

ইতিহাস

দ্বিজাতি শব্দৰ অৰ্থ দুটা জাতি। ভাৰত উপমহাদেশক হিন্দু আৰু মুছলমান বুলি দুটা ভাগত বিভক্ত কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছিল আৰু ইয়াৰ মূল কাৰণ আছিল সেই সময়ত হিন্দু আৰু মুছলমানৰ মাজত থকা বহু সংঘাত আৰু বৈষম্য। ইয়াৰ পৰিপ্ৰেক্ষিতত ১৯৪০ চনৰ মাৰ্চ মাহত পঞ্জাৱৰ ৰাজধানী লাহোৰত অনুষ্ঠিত মুছলিম লীগৰ কাউন্সিল চেচনৰ প্ৰথম দিনাই হিন্দু আৰু মুছলমানক দুটা পৃথক জাতি আৰু ৰাজ্যত বিভক্ত কৰাৰ বাবে দুটা জাতি তত্ত্ব উপস্থাপন কৰা হৈছিল। আৰু এই তত্ত্বটো উপস্থাপন কৰাত মহম্মদ আলী জিন্নাই যথেষ্ট সহায় কৰিছিল। বহুতে বিশ্বাস কৰে যে মুহাম্মাদ আলী জিন্নাৰ দুটা জাতিৰ তত্ত্বৰ আধাৰত লাহোৰ প্ৰস্তাৱ দাখিল কৰা হৈছিল আৰু মুছলমান জাতীয়তাবাদে সম্পূৰ্ণ ৰূপ ধাৰণ কৰিছিল। ১৯৪০ চনৰ মাৰ্চ মাহত পঞ্জাৱৰ ৰাজধানী লাহোৰত অনুষ্ঠিত মুছলিম লীগৰ কাউন্সিল অধিবেশনৰ প্ৰথম দিনাই মহম্মদ আলী জিন্নাই এই বিখ্যাত দুটা জাতিৰ তত্ত্বৰ কথা ঘোষণা কৰে। উক্ত ঘোষণাত তেওঁ কয় যে ভাৰতৰ সমস্যা দুটা সম্প্ৰদায়ৰ মাজত নহয়, দুটা জাতিৰ মাজতহে। ইয়াৰ দ্বাৰা মূলতঃ ভাৰতৰ মুছলমান আৰু হিন্দুৰ মাজত থকা বৰ্ণগত পাৰ্থক্য আৰু বৈষম্যক বুজোৱা হৈছে।

তথ্যসূত্ৰ

  1. ↑ ভাৰতীয় ৰাজনীতিৰ গতিধাৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্বি জাতি তত্ত্ব” প্ৰবন্ধৰ সংশোধন ৩৮৫২৪৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।