অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

থাৰ্টিনথ মুন

থাৰ্টিনথ মুন (13th Moon) হৈছে ১৯৭৩ চনত এলেন মেৰী বিছাৰ্টে প্ৰতিষ্ঠা কৰা এখন আমেৰিকান নাৰীবাদী সাহিত্য আলোচনী। আলোচনীখনে কেৱল মহিলা লেখিকাৰ চুটি কল্পকাহিনী, ৰচনা আৰু পৰ্যালোচনা প্ৰদৰ্শন কৰিছিল।

হালনাগাদ: ২১ মাৰ্চ ২০২৬ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

থাৰ্টিনথ মুন (13th Moon) হৈছে ১৯৭৩ চনত এলেন মেৰী বিছাৰ্টে প্ৰতিষ্ঠা কৰা এখন আমেৰিকান নাৰীবাদী সাহিত্য আলোচনী। আলোচনীখনে কেৱল মহিলা লেখিকাৰ চুটি কল্পকাহিনী, ৰচনা আৰু পৰ্যালোচনা প্ৰদৰ্শন কৰিছিল।১

এই প্ৰকাশনত এড্ৰিয়েন ৰিচ, ইভ মেৰিয়াম, মাৰ্জ পিয়ৰ্চি, ৰচেল ওৱেন্স আৰু অড্ৰে লৰ্ডৰ দৰে বিশিষ্ট ব্যক্তিত্বৰ বিষয়ে উল্লেখ কৰা হৈছিল।২

আলোচনীখনৰ ৱেবছাইটত প্ৰকাশৰ সৈতে তেওঁলোকৰ মূল উদ্দেশ্য ব্যাখ্যা কৰা হৈছে:- “যিহেতু চাৰিওফালৰ সংস্কৃতিয়ে মহিলা লেখিকাক ইতিহাসৰ পৰা মচি পেলোৱাৰ প্ৰৱণতা দেখা গৈছে, সেয়েহে আমাৰ কামক প্ৰতিটো প্ৰজন্মৰ বাবে নতুনকৈ পুনৰ আৱিষ্কাৰ আৰু সংৰক্ষণৰ প্ৰয়োজন হৈছে।’’ পৰম্পৰাগত পদ্ধতিত মহিলাৰ লেখাৰ বৈশিষ্ট্য থকা বহুবোৰ পাৰ্থক্যক স্বকীয় মূল্যবোধ হিচাপে বুজাতকৈ প্ৰায়ে হয় আওকাণ কৰা হৈছে নহয় দোষ বা বিফলতা হিচাপে মচি পেলোৱা হৈছে। একে সময়তে, যিসকলে অড্ৰে লৰ্ডৰ সৈতে বিশ্বাস কৰে যে আমি “মাষ্টৰৰ সঁজুলিৰে মাষ্টৰৰ ঘৰ ভাঙিব নোৱাৰোঁ’’, প্ৰায়ে পুৰুষ প্ৰধান আভাংগাৰ্ডৰ পৰা বাদ দিয়া হয় বা পেৰিফেৰেল হৈ থাকে, সেই নীতিৰ লগত খাপ খুৱাই আমাৰ কামৰ পৰিৱৰ্তন কৰিব লাগে। থাৰ্টিনথ মুনে পৰম্পৰাগত আৰু আভাংগাৰ্ডৰ মাজৰ সংকুচিত বিভাজনক আওকাণ কৰে যিয়ে ২০ আৰু একবিংশ শতিকাৰ বহু সাহিত্যিক বিতৰ্কক চিহ্নিত কৰে। আমি বিশ্বাস কৰোঁ যে আমি এবাৰ নাৰীৰ কামক পৰম্পৰাগত বা উদ্ভাৱনীমূলক লেখাৰ ধৰণৰ কেন্দ্ৰত ৰাখিলে পৰম্পৰা আৰু উদ্ভাৱন দুয়োটাৰে সংজ্ঞা সলনি হ’ব লাগিব, নীতি-নিয়ম আৰু সীমা স্থানান্তৰিত হ’ব লাগিব, আৰু ইয়াৰ চাৰিওফালে সমালোচনাত্মক কথোপকথনৰ ৰূপান্তৰ হ’ব লাগিব। এই প্ৰশ্নসমূহৰ যিকোনো এটাৰ সৈতে জড়িত লেখা আৰু শিল্পক আমি আদৰণি জনাইছোঁ।’’৩

থাৰ্টিনথ মুনে "13th Moon, Inc" নামেৰে এটা প্ৰকাশন কোম্পানীত পৰিণত হয়। তেওঁলোকে প্ৰকাশ কৰা কিছুমান গ্ৰন্থৰ ভিতৰত আছে:৪

  • বিছাৰ্ট, এলেন মেৰী: The Immaculate Conception of the Blessed Virgin Dyke. ১৯৭৭ চনত প্ৰকাশিত। (ছিনিষ্টাৰ উইজডমত পৰ্যালোচনা কৰা হৈছে)
  • কোৱেল, পেট্টি: Women poets in pre-Revolutionary America, ১৬৫০-১৭৭৫. ১৯৭৭ চনত প্ৰকাশিত।
  • পিয়েৰ্চি, মাৰ্জ: Listening to a Speech. ১৯৮৩ চনত প্ৰকাশিত।

তথ্যসূত্ৰ

  1. ↑ 13th Moon, Digitized Archive. Internet Archive. voices.revealdigital.org/cgi-bin/independentvoic
  2. ↑ 13th Moon records. New York Public Library. archives.nypl.org/mss/1
  3. ↑ 13th Moon Press. "About". 13thmoon.net/html/about.html
  4. ↑ The Lesbian Poetry Archive. "13th Moon (Publisher)". www.lesbianpoetryarchive.org/node/196

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী সাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থাৰ্টিনথ মুন” প্ৰবন্ধৰ সংশোধন ৫৯১৮১২ (২১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।