অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

তাৰা (হিন্দু দেৱী)

তাৰা (সংস্কৃত: तारा) হিন্দু ধৰ্ম বিশ্বাসত সুখ আৰু ৰক্তক্ষৰণৰ দেৱী। নেপাল আৰু তিব্বতত তেওঁক "জ্ঞানৰ দেৱী" বুলি জনা যায়। তাৰা বৃহস্পতি গ্ৰহক প্ৰতিনিধিত্ব কৰা হিন্দু দেৱতা বৃহস্পতিৰ পত্নী।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৫ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

তাৰা (সংস্কৃত ভাষা: तारा) হিন্দু ধৰ্ম বিশ্বাসত সুখ আৰু ৰক্তক্ষৰণৰ দেৱী। নেপাল আৰু তিব্বতত তেওঁক "জ্ঞানৰ দেৱী" বুলি জনা যায়। তাৰা বৃহস্পতি গ্ৰহক প্ৰতিনিধিত্ব কৰা হিন্দু দেৱতা বৃহস্পতিৰ পত্নী। কিছুমান পুৰাণৰ মতে তাৰাই চন্দ্ৰৰ ঔৰসত বুধ গ্ৰহক প্ৰতিনিধিত্ব কৰা হিন্দু দেৱতা বুধ নামৰ এজন সন্তানৰ জন্ম দিছিল বা মাতৃ হৈছিল আৰু বৃহস্পতিৰ ঔৰসত কচ নামৰ এটি পুত্ৰ সন্তান জন্ম দিছিল।

কিংবদন্তি

তাৰা দেৱতাৰ গুৰু বৃহস্পতিৰ পত্নী। তেওঁৰ স্বামীয়ে বেছিভাগ সময় দেৱতাৰ সমস্যা আৰু কৰ্ম কৰি অতিবাহিত কৰিছিল সেয়ে তেওঁৰ পত্নী তাৰাই অনুভৱ কৰিছিল যে তেওঁক স্বামীয়ে আওকাণ কৰিছে। এদিন চন্দ্ৰৰ পতিনিধিত্বমূলক দেৱতা চন্দ্ৰদেৱ বৃহস্পতিৰ ঘৰলৈ আহিল। তাতে তেওঁ তাৰাক দেখি তেওঁৰ সৌন্দৰ্য্যত মোহিত হৈ পৰিল। চন্দ্ৰই তাৰাৰ ওপৰত সন্মোহনী বিদ্যা ব্যৱহাৰ কৰি তাৰাক প্ৰেমত আবদ্ধ কৰি লৈ যায়।১

এই কথাত বৃহস্পতি ক্ষুব্ধ হৈ চন্দ্ৰৰ ওচৰত পত্নী তাৰাক ঘূৰাই দিবলৈ দাবী জনায়। চন্দ্ৰই বৃহস্পতিক ক’লে যে তৰা তেওঁৰ সৈতে সুখী আৰু সন্তুষ্ট। তেওঁ প্ৰশ্ন কৰিলে যে এজন বুঢ়া দেৱতা কেনেকৈ এগৰাকী যুৱতীৰ স্বামী হ’ব পাৰে। ইয়াৰ ফলত বৃহস্পতি অধিক বিৰক্ত হৈছিল আৰু তেওঁ চন্দ্ৰক যুদ্ধৰ বাবে সকীয়াই দিছিল। ইন্দ্ৰ আৰু অন্যান্য দেৱতাসকলে যুদ্ধ কৰিবলৈ সমবেত হৈছিল। চন্দ্ৰই তাৰাক ঘূৰাই দিবলৈ সাজু হোৱা নাছিল আৰু তেওঁ অসুৰ আৰু তেওঁলোকৰ গুৰু শুক্ৰৰ পৰা সহায় লৈছিল। দেৱতাসকলক সহায় কৰিছিল শিৱ আৰু তেওঁৰ সঙ্গীসকলে। দেৱ আৰু অসুৰে যুদ্ধ কৰিবলৈ ওলাইছিল যদিও সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাই তেওঁলোকক বাধা দি চন্দ্ৰক তৰাক ঘূৰাই দিবলৈ সন্মত কৰে। কিছুমান সংস্কৰণৰ মতে এই সাম্ভাব্য যুদ্ধখন শিৱই বন্ধ কৰিছিল।২

কিছুসময়ৰ পাছত বৃহস্পতিয়ে তাৰাৰ গৰ্ভৱতী বুলি গম পাই শিশুটিৰ পিতৃ কোন বুলি প্ৰশ্ন কৰে। কিন্তু তাৰা নিমাত হৈ থাকিল। ল’ৰাটো জন্ম হোৱাৰ পিছত চন্দ্ৰ আৰু বৃহস্পতি দুয়োজনে নিজকে পিতৃ বুলি দাবী কৰিছিল। অৱশেষত তাৰাই প্ৰকাশ কৰে যে এয়া চন্দ্ৰৰ পুত্ৰ।৩ এই সন্তানটোৰ নাম বুধ ৰখা হয়।৪

তথ্যসূত্ৰ

  1. ↑ Patel, Utkarsh. (2020-06-05). Tara and Chandradev: If a Dissatisfied Partner Has An Affair, Who Is To Be Blamed?. Bonobology.com
  2. ↑ Mittal, J. P. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4
  3. ↑ (17 February 2016). Budha
  4. ↑ Agarwal, Himanshu. (2016-07-26). Mahabharata Retold: Part - 1. Notion Press. ISBN 978-93-86073-87-7

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰা (হিন্দু দেৱী)” প্ৰবন্ধৰ সংশোধন ৪৭৬৭২৫ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।