অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুৱেল টেইলৰ

জুৱেল চিয়ানে টেইলৰ (জন্ম হাৱাৰ্ড; জন্ম ১৭ জানুৱাৰী ১৯৬৩) লাইবেৰিয়াৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০১৮ চনৰপৰা ২০২৪ চনলৈকে লাইবেৰিয়াৰ ৩০সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

জুৱেল চিয়ানে টেইলৰ (জন্ম হাৱাৰ্ড; জন্ম ১৭ জানুৱাৰী ১৯৬৩) লাইবেৰিয়াৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০১৮ চনৰপৰা ২০২৪ চনলৈকে লাইবেৰিয়াৰ ৩০সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৭ চনৰপৰা ২০০৬ চনলৈকে তেওঁ দোষী সাব্যস্ত হোৱা যুদ্ধাধিপতি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি চাৰ্লছ টেইলৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত লাইবেৰিয়াৰ প্ৰথম মহিলা আছিল।১ ২০০৫ চনত জুৱেল টেইলৰে নেচনেল পেট্ৰিয়াটিক পাৰ্টিৰ সদস্য হিচাপে বং কাউণ্টিৰ বাবে লাইবেৰিয়াৰ চেনেটলৈ নিৰ্বাচিত হয়। তেওঁ লিংগ, মহিলা আৰু শিশুৰ ওপৰত চেনেটৰ স্বাস্থ্য আৰু সমাজ কল্যাণ সমিতিৰ অধ্যক্ষ আছিল।২

জীৱন আৰু কেৰিয়াৰ

জুৱেল টেইলৰ লাইবেৰিয়াৰ ক্পেলে জনগোষ্ঠীৰ সদস্য। স্বামী ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত টেইলৰে লাইবেৰিয়া চৰকাৰত কেইবাটাও চৰকাৰী পদত অধিষ্ঠিত হৈছিল, য'ত আছিল নেচনেল বেংক অৱ লাইবেৰিয়াৰ ডেপুটি গৱৰ্ণৰ (বৰ্তমানৰ চেণ্ট্ৰেল বেংক অৱ লাইবেৰিয়াৰ পূৰ্বসূৰী), এগ্ৰিকালচাৰ ক'অপাৰেটিভ এণ্ড ডেভেলপমেণ্ট বেংকৰ (এচিডিবি), আৰু ফাৰ্ষ্ট ইউনিয়ন নেচনেল বেংকৰ মৰ্গেজ ফাইনেন্সিং আণ্ডাৰৰাইটাৰ। ইয়াৰ উপৰি তেওঁ শৈক্ষিক, স্বাস্থ্য, আৰু সামাজিক প্ৰকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

টেইলৰে বেংকিঙত স্নাতক ডিগ্ৰী আৰু বেংকিং আৰু অৰ্থনীতিত দুটা স্নাতক ডিগ্ৰী লাভ কৰিছে। বৰ্তমান তেওঁ লাইবেৰিয়াৰ কাটিংটন বিশ্ববিদ্যালয়ত এম বি এ প্ৰগ্ৰেমত নামভৰ্তি কৰিছে। ২০১১ চনৰ ২১ ডিচেম্বৰত তেওঁ চৰকাৰী মালিকানাধীন লাইবেৰিয়া বিশ্ববিদ্যালয়ৰ লুইজ আৰ্থাৰ গ্ৰাইমছ স্কুল অৱ ল'ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৩ দুদিন পাছত বং কাউণ্টিত তেওঁক দিয়া বুলি অভিযোগ উত্থাপন কৰা সন্মানৰ সন্দৰ্ভত ৰাজহুৱা বিবাদৰ সৃষ্টি হয়; তেখেতক "মেডাম ছুয়াকোকো" উপাধিৰ নতুন ধাৰী হিচাপে ঘোষণা কৰা হয়,৪ ছুৱাকোকো জিলাৰ নামকৰণকাৰীক স্মৃতিত বং কাউণ্টিৰ সন্মানীয় উপাধি, কিন্তু কথিতভাৱে তেওঁক এই উপাধি প্ৰদান কৰা গোটৰ সদস্যসকলে অতি সোনকালেই এই বঁটাটো তেওঁলোকৰ গোটে দিয়া বুলি অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰে, আৰু কয় যে যিখন সভাত তেওঁক এই উপাধি প্ৰদান কৰা হৈছিল, সেইখন সভাখন কাউণ্টিৰ বাসিন্দাসকলক ৰাজনৈতিক প্ৰভেদ অতিক্ৰমৰ ক্ষেত্ৰত হোৱা সভাহে আছিল।৫

২০১২ চনৰ ফেব্ৰুৱাৰী মাহত টেইলৰে লাইবেৰিয়াৰ সংসদত এনে আইন প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰিছিল যিয়ে সমকামী কাৰ্যকলাপক প্ৰথম ডিগ্ৰীৰ অপৰাধ হিচাপে গঢ়ি তুলিছিল আৰু সৰ্বোচ্চ শাস্তি হিচাপে মৃত্যুদণ্ড বহন কৰিছিল। ৰাষ্ট্ৰপতি এলেন জনছন ছাৰলিফে এনে কোনো বিধেয়কত স্বাক্ষৰ নকৰে বুলি কোৱাৰ পিছত এই আইনখন গৃহীত হোৱা নাছিল।৬

২০১৭ চনত টেইলৰক জৰ্জ ৱেহে নতুনকৈ গঠন হোৱা ক’লিচন ফৰ ডেম’ক্ৰেটিক চেঞ্জৰ টিকটত ৰানিং মেট হিচাপে নিৰ্বাচিত কৰিছিল। ২০১৭ চনৰ শেষৰফালে অনুষ্ঠিত হোৱা দ্বিতীয় নিৰ্বাচনৰ পিছত তেওঁ লাইবেৰিয়াৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় যেতিয়া তেওঁৰ দলে নিৰ্বাচনত জয়লাভ কৰে।

২০২০ চনত ক'ভিড-১৯ত আক্ৰান্ত হোৱাত চিকিৎসাৰ বাবে ঘানালৈ বিমানেৰে লৈ যোৱা হয়।৭ ২০২৬ চনৰ ২০ জানুৱাৰীত টেইলৰৰ পুত্ৰ ফিলিপ টেইলৰৰ মৃত্যু হয়।৮

তথ্যসূত্ৰ

  1. ↑ Jewel Howard-Taylor on war, Weah and her agenda. www.aljazeera.com
  2. ↑ A Profile of Members of the 52nd Legislature of Liberia
  3. ↑ Alumni – Louis Arthur Grimes School of Law. www.lagsl.edu.lr
  4. ↑ "Madam Suakoko! Sen. Taylor Receives Traditional Honor". The Analyst 2011-12-29: 1, 2
  5. ↑ "Sen. Taylor's Traditional Honor Backfires ", The New Republic, 2012-01-20. Accessed 2013-01-13
  6. ↑ Liberia ex-first lady proposes anti-gay bill. Africa Review
  7. ↑ Liberia VP Jewel Howard-Taylor flown to Ghana for Covid-19 treatment. ca.news.yahoo.com
  8. ↑ (January 21, 2026). Liberia: Former VP Jewel Howard Taylor Mourns Death of Son Philip Taylor. FrontPage Africa

সম্পৰ্কিত শ্ৰেণী

মহিলা উপৰাষ্ট্ৰপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুৱেল টেইলৰ” প্ৰবন্ধৰ সংশোধন ৫৯৪৫০২ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।