ছিষ্টাৰ্ছ ইন ইছলাম (Sisters in Islam; SIS) ইছলাম আৰু সাৰ্বজনীন মানৱ অধিকাৰৰ পৰিসৰৰ ভিতৰত মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মালয়েছিয়াৰ এটা নাগৰিক সমাজৰ সংগঠন। কোৰাণে নিৰ্ধাৰিত কৰা সমতা, ন্যায় আৰু স্বাধীনতাৰ নীতিৰ ওপৰত ভিত্তি কৰি মুছলমান মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে সংগঠনটোৱে প্ৰচেষ্টা চলায়। সংগঠনটোৰ কাম-কাজে ইছলামৰ নামত মহিলাৰ বিৰুদ্ধে বৈষম্যমূলকভাবে তৈয়াৰ কৰ প্ৰত্যাহ্বানমূলক আইন আৰু নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেনেদৰে ই মালয়েছিয়াৰ ইছলামিক পৰিয়াল আৰু শ্বৰীয়ত আইনসমূহে সামৰি লোৱা বহুবিবাহ,১ বাল্যবিবাহ,২ মৰেল পুলিচিং,৩ ইছলামিক আইনী তত্ত্ব আৰু বিধিশাস্ত্ৰ, হিজাব আৰু বিনয়,৪ মহিলা বিৰুদ্ধে হিংসা, হুদুদ (অৰ্থাত ইছলামে নিৰ্ধাৰিত কৰা শাস্তি) আদি বিষয়সমূহৰ সৈতেও মোকাবিলা কৰে।৫ সংগঠনটো ইছলামিক নাৰীবাদৰ হৈ গৱেষণা আৰু ওকালতি কৰাৰ ক্ষেত্ৰত প্ৰখ্যাত।৬
ইতিহাস
১৯৮৮ চনত গঠন হোৱা এছ.আই.এছ, ১৯৯৩ চনত এছ আই এছ ফ’ৰাম মালয়েছিয়া নামেৰে বেচৰকাৰী সংস্থা হিচাপে পঞ্জীয়ন কৰা হয়। ছিষ্টাৰছ ইন ইছলামৰ সহ-প্ৰতিষ্ঠাপক আছিল সাতগৰাকী মহিলা- জেইনা আনোৱাৰ, আমিনা ৱাদুদ, আস্কিয়া আদম, নোৰানি ওচমান, ৰছিদা আব্দুল্লা, ৰোজ ইছমাইল আৰু শ্বৰীফা জুৰিয়া আলজেফ্ৰি। আন সদস্যসকলৰ ভিতৰত আছে টনি কাছিমৰ দৰে সমাজকৰ্মী।৭
কাৰ্য-কলাপ
"টেলেনিছা" হৈছে শ্বৰীয়ত ইছলামিক পৰিয়াল আইনৰ অধীনত মহিলা আৰু লগতে পুৰুষক সহায় কৰিবলৈ ফোন আৰু হোৱাটছএপৰ জৰিয়তে বিনামূলীয়া আইনী পৰামৰ্শ সেৱা।৮
এই কাৰ্য্যকলাপসমূহৰ এই দৃঢ় বিশ্বাস অন্তৰনিহিত হৈ আছিল যে, এখন উন্নত সমাজৰ দিশত কাম কৰা সংশ্লিষ্ট গোট হিচাপে এছ.আই.এছে দেশৰ বৃহত্তৰ মানৱ অধিকাৰ আৰু গণতান্ত্ৰিক আন্দোলনৰ পৰা নিজকে পৃথক কৰিব নোৱাৰে। লিংগ ন্যায়ৰ বাবে এটা আন্দোলন অৱশ্যেই বৃহত্তৰ মানৱ অধিকাৰ আন্দোলনৰ অংশ হ’ব লাগিব বা তাক ওলোটাকৈও কব পাৰি। গণতান্ত্ৰিক স্থানৰ সুৰক্ষা আৰু সম্প্ৰসাৰণে এখন নাগৰিক সমাজক "মালয়েছিয়াৰ সংবিধানৰ মৌলিক স্বাধীনতা বজাই ৰাখিবলৈ" সক্ষম কৰোৱাটো হৈছে সকলো নাগৰিকৰ দায়িত্ব, কিয়নো এই স্বাধীনতাবোৰেই এছ.আই.এছ.-ৰ দৰে গোটবোৰক অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম কৰিছে।৯
মুফাচিৰাহৰ দক্ষতাৰ জৰিয়তে (তাফছিৰ বিশেষজ্ঞ, বাখ্যাকাৰক) আমিনা ৱাদুদ গোটটোৱে কোৰনিক হাৰ্মেনিউটিকছৰ এক আৰ্হিৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল, যিয়ে সামগ্ৰিকভাৱে বিশেষকৈ কোৰানৰ ছূৰাবোৰৰ সামাজিক-ঐতিহাসিক প্ৰেক্ষাপট পৰীক্ষা কৰিছিল। গোটটোৱে পাঠৰ ভাষা আৰু ইয়াৰ বাক্য আৰু ব্যাকৰণগত গাঁথনি পৰীক্ষা কৰিছিল আৰু ই ইয়াৰ বৈশ্বিক দৃষ্টিভংগী বুজিবলৈ সামগ্ৰিকভাৱে পাঠটো চাইছিল।[11] তেওঁলোকৰ জ্ঞানৰ দ্বাৰা শক্তিশালী হৈ মহিলাসকলে, ইছলামে মহিলাৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ যি প্ৰভাৱশালী বিশ্বাস আছে, সেই বিশ্বাসক চূৰ্ণ-বিচূৰ্ণ কৰাৰ প্ৰসায়ত তেওঁলোকৰ তথ্যসমূহ ৰাইজৰ মাজলৈ লৈ গৈছিল।১০
সমালোচনা
২০১০ চনত মালয়েছিয়ান এছেম্বলি অফ মছকিউ য়ুথে (MAMY) ছিষ্টাৰ্ছৰ ইন ইছলামৰ বিৰুদ্ধে তেওঁলোকৰ নামত ইছলাম শব্দটোৰ অপব্যৱহাৰ কৰাৰ অভিযোগত গোচৰ তৰিছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে এই গোচৰ খাৰিজ কৰি দিয়ে।১১ ৰাজহুৱা স্থানত বিয়েৰ খোৱাৰ অপৰাধত এগৰাকী মহিলাক ছৰিয়া আইনৰ আধাৰত আদালতে বেত্ৰাঘাটৰ শাস্তি প্ৰদান কৰে। ছিষ্টাৰ্ছ ইন ইছলাম এই শাস্তি বন্ধ কৰাৰ প্ৰয়াস চলোৱাত ধৰ্মীয় নীতিৰ ভুল বাখ্যা আগবঢ়োৱা বুলি কিছুমান সোঁপন্থী গোটে অভিযোগ কৰে।১২
তথ্যসূত্ৰ
- ↑ Polygamy not a God-given right to Muslims
- ↑ Syariah court fails to protect and safeguard Muslim girls — Sisters in Islam
- ↑ Archives
- ↑ Sisters In Islam: News / Comments / Dress and Modesty in Islam
- ↑ Sisters In Islam: Sisters in Islam remains firmly opposed to the implementation of Hudud law for Malaysia
- ↑ Gürkan, Senem; Barut, Yaşar. (7 June 2021). Feminizmden Esinlenen İslami Bir Oluşum: Sisters in Islam (SIS). Ondokuz Mayıs University Journal of Women's and Family Studies. Ondokuz Mayıs University. পৃ. 41–53
- ↑ About usː Sisters in Islam. SIS official site
- ↑ Aiman, Ainaa. (2021-05-27). Domestic violence main cause of marriage breakdowns in 2020, says SiS. Free Malaysia Today (FMT)
- ↑ Sisters In Islam: The SIS Story
- ↑ Sisters In Islam: The SIS Story. www.sistersinislam.org.my
- ↑ Sisters in Islam get to keep name
- ↑ article in The Jakarta Post 22 March 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিষ্টাৰ্ছ ইন ইছলাম” প্ৰবন্ধৰ সংশোধন ৩৮০৯৩৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।