অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চেল ১৬

চেল ১৬ (ইংৰাজী: Cell 16; সক্ৰিয়তা: ১৯৬৮-১৯৭৩) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক প্ৰগতিশীল, উগ্ৰ নাৰীবাদী সংগঠন যি ইয়াৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ (বিশেষকৈ কেৰাটে) কাৰ্যসূচী, মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ বিৰোধিতা আৰু ডেটিং সংস্কৃতি, ৰাজনীতি আৰু ঘৰৰ অবৈতনিক শ্ৰমৰ অৰ্থনীতিত পুৰুষ-মহিলাৰ সম্পৰ্কৰ বিশ্লেষণৰ বাবে…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৮৩ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চেল ১৬ (ইংৰাজী ভাষা: Cell 16; সক্ৰিয়তা: ১৯৬৮-১৯৭৩) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক প্ৰগতিশীল, উগ্ৰ নাৰীবাদী সংগঠন যি ইয়াৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ (বিশেষকৈ কেৰাটে) কাৰ্যসূচী, মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ বিৰোধিতা আৰু ডেটিং সংস্কৃতি, ৰাজনীতি আৰু ঘৰৰ অবৈতনিক শ্ৰমৰ অৰ্থনীতিত পুৰুষ-মহিলাৰ সম্পৰ্কৰ বিশ্লেষণৰ বাবে পৰিচিত আছিল। ১৯৬৮ চনত ৰক্সেন ডানবাৰ আৰু ডানা ডেন্সম'ৰৰ দ্বাৰা সহ-প্ৰতিষ্ঠিত চেল ১৬-ৰ প্ৰাৰম্ভিক সদস্যসকলৰ ভিতৰত বেটসী ৱাৰিয়ৰ, অ্যাবি ৰকফেলাৰ আৰু জেন ৱেষ্ট অন্তৰ্ভুক্ত আছিল।১ চেল ১৬-ক কেতিয়াবা ব্ৰহ্মচৰ্য বা বিচ্ছিন্নতাবাদৰ পোষকতা কৰা বুলি ভুলকৈ চিহ্নিত কৰা হৈছিল, কিয়নো তেওঁলোকে পৰামৰ্শ দিছিল যে মহিলাসকলে পুৰুষৰ গোটৰ পৰা স্বায়ত্তশাসিত হৈ থকা উচিত আৰু পুৰুষ বা মহিলা কাৰোৰে সৈতে ৰোমান্টিক সম্পৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থকা উচিত, কিয়নো ই মহিলাৰ অধিকাৰৰ বাবে ব্যয় কৰিব পৰা সময় আৰু শক্তি কাঢ়ি লৈ যায়।২৩ সংগঠনটোৰ নো ম’ৰ ফান এণ্ড গেমচ নামৰ এখন আলোচনী আছিল, যিয়ে নাৰীবাদৰ দ্বিতীয় ঢৌৰ বিকাশত এক শক্তিশালী প্ৰভাৱ পেলাইছিল।৪

ইতিহাস

১৯৬৮ চনৰ গ্ৰীষ্মকালত ৰক্সেন ডানবাৰে মাছাচুচেটচৰ বষ্টনৰ এখন আণ্ডাৰগ্ৰাউণ্ড বাতৰি কাকতত এটা বিজ্ঞাপন দি "ফিমেইল লিবাৰেচন ফ্ৰণ্ট" গঠনৰ বাবে আহ্বান জনাইছিল। ইয়াৰ মূল সদস্যসকলৰ ভিতৰত আছিল হিলাৰী লেংহৰ্ষ্ট, চেণ্ডী বাৰ্নাৰ্ড, ডানা ডেন্সম'ৰ (ডোনা এলেনৰ কন্যা),৫ বেটসী ৱাৰিয়ৰ, এলেন অ’ডনেল, জেন ৱেষ্ট, মেৰী এন ৱেদাৰ্ছ, মৰিন মেইনছ, গেইল মাৰে আৰু অ্যাবি ৰকফেলাৰ।৬৭ গোটটোৰ নামটোৱে "তেওঁলোক যে এক জৈৱিক আন্দোলনৰ মাত্ৰ এটা চেল বা কোষ আছিল সেই কথাৰ ওপৰত গুৰুত্ব দিবলৈ" চেষ্টা কৰিছিল আৰু ই তেওঁলোকৰ সভা অনুষ্ঠিত হোৱা ঠিকনা ১৬ লেক্সিংটন এভিনিউকো সূচাইছিল।৮

১৯৭৩ চনত নো ম’ৰ ফান এণ্ড গেমচৰ প্ৰকাশ বন্ধ হয়।৯ একেদৰে ১৯৭৩ চনতে চেল ১৬ গোটটোও ভাঙি যায়।৭

মতাদৰ্শ

১৯৬৮ চনত ৰক্সেন ডানবাৰৰ দ্বাৰা প্ৰতিষ্ঠিত চেল ১৬-ক বিচ্ছিন্নতাবাদী নাৰীবাদৰ ধাৰণাটো আগবঢ়োৱা প্ৰথম সংগঠন হিচাপে গণ্য কৰা হয়।১০১১ সাংস্কৃতিক ইতিহাসবিদ এলিচ ইকোলে চেল ১৬-ক নাৰীবাদী বিষমকামী বিচ্ছিন্নতাবাদৰ এক উদাহৰণ হিচাপে উল্লেখ কৰিছে, কিয়নো এই গোটটোৱে কেতিয়াও সমকামিতাক এক ৰাজনৈতিক কৌশল হিচাপে সমৰ্থন কৰা নাছিল। ইকোলে চেল ১৬-ৰ কামক "লেচবিয়ান বিচ্ছিন্নতাবাদৰ বাবে তাত্ত্বিক ভেটি স্থাপনত সহায় কৰা" বুলি কৃতিত্ব দিয়ে।১০ সংগঠনটোৰ আলোচনী নো ম’ৰ ফান এণ্ড গেমচত ৰক্সেন ডানবাৰ আৰু লিছা লেঘৰ্ণে মহিলাসকলক "সচেতনভাৱে নাৰী মুক্তিৰ বাবে কাম নকৰা পুৰুষৰ পৰা পৃথক হ'বলৈ" পৰামৰ্শ দিছিল আৰু সমকামী সম্পৰ্কৰ পৰিৱৰ্তে ব্ৰহ্মচৰ্য পালন কৰিবলৈ কৈছিল, যাক কিছুমান সমকামী গোটে "কেৱল এক ব্যক্তিগত সমাধান" বুলি আখ্যা দিছিল।১২

ৰক্সেন ডানবাৰ-অৰ্টিজৰ কিতাপ আউটল’ ৱমেনত সদস্য ডানা ডেন্সম’ৰে লিখা "অন চেলিবাচি" (ব্ৰহ্মচৰ্য সন্দৰ্ভত) শীৰ্ষক এটা প্ৰবন্ধৰ কথা উল্লেখ কৰি ডানবাৰ-অৰ্টিজে ব্যাখ্যা কৰিছে যে, যিটো প্ৰবন্ধ নো ম’ৰ ফান এণ্ড গেমচৰ (১৯৭০) প্ৰথম সংখ্যাত প্ৰকাশ পাইছিল, "সেই প্ৰবন্ধটোৱে আমাৰ গোটটোক 'ব্ৰহ্মচৰ্যৰ ব্ৰত' গ্ৰহণ কৰা বুলি এক কাল্পনিক ৰূপ দিছিল।"১৩

বাহ্যিক সংযোগ

অধিক পঢ়ক

তথ্যসূত্ৰ

  1. ↑ Collier & Horowitz, Peter & David. (January 1, 1976). The Rockefellers: An American Dynasty. Holt, Rindhart and Winston. পৃ. 600. ISBN 0030083710
  2. ↑ DePauw, Emily. (March 26, 2019). Betsy Warrior: A True Warrior for Women
  3. ↑ FeministEconomics
  4. ↑ Cambridge Women's Heritage Project Database, W. www.cambridgema.gov
  5. ↑ Donna Allen, 78, a Feminist and an Organizer. The New York Times
  6. ↑ Endres and Lueck. Women's Periodicals in the United States: Social and Political Issues (1996)
  7. ↑ Echols, Alice. Daring to Be Bad: Radical Feminism in America, 1967-75, University of Minnesota Press, 1990
  8. ↑ Cambridge Women's Heritage Project
  9. ↑ No More Fun & Games: A Journal of Female Liberation. www.greenlion.com
  10. ↑ Echols, Alice. Daring to Be Bad: Radical Feminism in America, 1967-75, University of Minnesota Press, 1990,, p. 164
  11. ↑ Saulnier, Christine F. Feminist Theories and Social Work: Approaches and Applications, 1996
  12. ↑ Dunbar, Leghorn. The Man's Problem, from No More Fun and Games, November 1969, quoted in Echols, p. 165
  13. ↑ Dunbar-Ortiz, Roxanne. (2014). Outlaw Woman. University of Oklahoma. পৃ. 128. ISBN 978-0-8061-4479-5

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেল ১৬” প্ৰবন্ধৰ সংশোধন ৬৩২৪৩৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।