অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

খাণ্ডৱ বন

খাণ্ডৱ বন বা খাণ্ডৱ বনাঞ্চল (সংস্কৃত: खाव वन) বা খাণ্ডৱপ্ৰস্থ (সংস্কৃত:खाण्डवप्रस्‍थ) মহাভাৰত মহাকাব্যত উল্লেখ কৰা এখন অৰণ্য। ই যমুনা নদীৰ পশ্চিমে আছিল। পাণ্ডৱসকলে এই বনাঞ্চলখন পৰিষ্কাৰ কৰি ইন্দ্ৰপ্ৰস্থ নামৰ তেওঁলোকৰ ৰাজধানী চহৰখন নিৰ্মাণ কৰা বুলি বৰ্ণনা কৰা হৈছে।

হালনাগাদ: ৩ জানুৱাৰী ২০২৬ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

খাণ্ডৱ বন বা খাণ্ডৱ বনাঞ্চল (সংস্কৃত ভাষা: खाव वन) বা খাণ্ডৱপ্ৰস্থ (সংস্কৃত ভাষা:खाण्डवप्रस्‍थ) মহাভাৰত মহাকাব্যত উল্লেখ কৰা এখন অৰণ্য।১২ ই যমুনা নদীৰ পশ্চিমে আছিল। পাণ্ডৱসকলে এই বনাঞ্চলখন পৰিষ্কাৰ কৰি ইন্দ্ৰপ্ৰস্থ নামৰ তেওঁলোকৰ ৰাজধানী চহৰখন নিৰ্মাণ কৰা বুলি বৰ্ণনা কৰা হৈছে। এই অৰণ্যত পূৰ্বতে তক্ষক নামৰ এজন ৰজাৰ নেতৃত্বত নাগসকলে বাস কৰিছিল।৩

অৰ্জুন আৰু কৃষ্ণই এই অৰণ্যত জুই লগাই পৰিষ্কাৰ কৰা বুলি কোৱা হৈছে। এই অৰণ্যৰ বাসিন্দাসকল স্থানচ্যুত হৈছিল। ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ পৰা শাসন কৰা কুৰু ৰজাসকলৰ প্ৰতি নাগ তক্ষকৰ শত্ৰুতাৰ ই মূল কাৰণ আছিল।৩

কাহিনী

কিম্বদন্তি অনুসৰি দেৱতা অগ্নিয়ে নিজৰ ভোক নিবাৰণৰ বাবে অৰণ্যখন জ্বলাই দিয়াৰ প্ৰয়োজন বোধ কৰিছিল। আন একোৱেই তাৰ ভোক পূৰণ কৰিব পৰা নাছিল। মহাভাৰতত কোৱা হৈছে যে ইন্দ্ৰ খণ্ডৱ বনাঞ্চলৰ ৰক্ষক দেৱতা আছিল, যাৰ বাবে এই অঞ্চলক ইন্দ্ৰপ্ৰস্থ বুলি জনা গৈছিল।৪

কিন্তু অগ্নিয়ে প্ৰতিবাৰেই তাত জুই জ্বলাই দিলে ইন্দ্ৰই বৰষুণ দিয়ে আৰু জুই নুমুৱাই দিয়ে। গতিকে, অগ্নিয়ে ব্ৰাহ্মণৰ বেশ ধৰি কৃষ্ণ আৰু অৰ্জুনৰ কাষ চাপি আহি তেওঁলোকৰ সহায় বিচাৰিলে। অৰণ্য জ্বলি থকাৰ সময়ত ইন্দ্ৰই অৰ্জুনক নিজৰ বজ্ৰৰে আক্ৰমণ কৰি আহত কৰে।৫ কিন্তু অৰ্জুন আৰু কৃষ্ণই সেই তীব্ৰ যুদ্ধত সকলো দেৱ, গন্ধৰ্ব আৰু অসুৰক পৰাস্ত কৰি সমগ্ৰ অৰণ্য জ্বলাই দিলে।৬

সাতটা জীৱৰ বাহিৰে বাকী সকলো অগ্নিয়ে ভক্ষণ কৰিছিল। জুইৰ পৰা ৰক্ষা পোৱা সাতটা জীৱ-জন্তু আছিল, অশ্বসেনা (তক্ষকৰ পুত্ৰ) নামৰ এজন নাগ, ময়দানৱ আৰু পাঁচটা সাৰংগ (চৰাই)। পাঁচটা চৰাইৰ নাম আছিল জৰিতা (ঋষি মণ্ডপালৰ পত্নী) আৰু তেওঁলোকৰ চাৰিটা সন্তান আছিল জৰিতৰী, সৰিশ্ৰীক্কা, স্তম্ভমিত্ৰ, আৰু দ্ৰোণ।

পূৰ্বে পৰিয়াল পৰিত্যাগ কৰি খণ্ডৱ বনাঞ্চল এৰি দ্বিতীয় পত্নী লপিতাৰ সৈতে থাকিবলৈ যোৱা মণ্ডপালে অগ্নিক বিচ্ছিন্ন পৰিয়ালটোক অগ্নিকাণ্ডৰ পৰা বচাবলৈ পতিয়ন নিয়াবলৈ সহায় কৰিছিল। তক্ষকৰ পত্নীয়ে পুত্ৰ অশ্বসেনক বচাবলৈ প্ৰাণ আহুতি দিছিল, যিজনে পিছলৈ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত কৰ্ণৰ বিশেষ কাঁড়ৰ এটাত নিজকে ৰাখি অৰ্জুনক হত্যা কৰাৰ চেষ্টা কৰিছিল। পিছত তক্ষকে অৰ্জুনৰ নাতি পৰীক্ষিতৰ মৃত্যুৰ কাৰণ হৈ নিজৰ আত্মীয়ৰ মৃত্যুৰ প্ৰতিশোধ লয়।

তথ্যসূত্ৰ

  1. ↑ C. N. Nageswara Rao. (13 November 2015). Telling Tales: For Rising Stars. Partridge Publishing India. পৃ. 105–. ISBN 978-1-4828-5924-9
  2. ↑ Sir William Wilson Hunter. The Indian empire: its history, people and products. Trubner, 1882
  3. ↑ The Mahabharata, Book 1 of 18: Adi Parva. Forgotten Books. ISBN 978-1-60506-611-0
  4. ↑ Paryattan Kosh. Subodh Pocket Books. ISBN 978-81-7078-081-6
  5. ↑ Mahavir Prasad Dwivedi, Bhārata Yāyāvara. Mahavirprasad Dvivedi Rachnavli, Volume 12. Kitāba Ghara, 1995. ISBN 978-81-7016-259-9
  6. ↑ The Mahabharata, Book 1: Adi Parva: Khandava-daha Parva: Section CCXXX. sacred-texts.com

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাণ্ডৱ বন” প্ৰবন্ধৰ সংশোধন ৫৬৭৫৩৫ (৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।