অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

এলিজাবেথ উইণ্টাৰহল্টৰ

এলিজাবেথ হাৰ্মাইন উইণ্টাৰহল্টৰ (১৭ ডিচেম্বৰ ১৮৫৬, মিউনিখত – ১৩ ফেব্ৰুৱাৰী ১৯৫২, হফহাইম আম টাউনাছত) এগৰাকী জাৰ্মান স্ত্ৰীৰোগ বিশেষজ্ঞ, অস্ত্ৰোপচাৰ বিশেষজ্ঞ, নাৰীবাদী আৰু কলাৰ পৃষ্ঠপোষক আছিল। তেওঁ প্ৰথম মহিলা চিকিৎসকৰ ভিতৰত এগৰাকী আৰু জাৰ্মানীৰ প্ৰথম মহিলা অস্ত্ৰোপচাৰ বিশেষজ্ঞ আছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৪০৩ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এলিজাবেথ হাৰ্মাইন উইণ্টাৰহল্টৰ (১৭ ডিচেম্বৰ ১৮৫৬, মিউনিখত – ১৩ ফেব্ৰুৱাৰী ১৯৫২, হফহাইম আম টাউনাছত) এগৰাকী জাৰ্মান স্ত্ৰীৰোগ বিশেষজ্ঞ, অস্ত্ৰোপচাৰ বিশেষজ্ঞ, নাৰীবাদী আৰু কলাৰ পৃষ্ঠপোষক আছিল। তেওঁ প্ৰথম মহিলা চিকিৎসকৰ ভিতৰত এগৰাকী আৰু জাৰ্মানীৰ প্ৰথম মহিলা অস্ত্ৰোপচাৰ বিশেষজ্ঞ আছিল। চিত্ৰশিল্পী অটিলি ৰ’ডাৰষ্টেইন তেওঁৰ দীৰ্ঘদিনীয়া সংগী আছিল।

জীৱনী

জৰ্জ আৰু এলিজাবেথ উইণ্টাৰহালটাৰৰ তেৰসংখ্যক আৰু শেষ সন্তান আছিল, জন্ম নাম আছিল ভন গা। মাত্ৰ এঘাৰ বছৰ বয়সত তেওঁৰ পিতৃৰ মৃত্যু হয়।১ তেওঁ এজন ডাক্টৰ আছিল, লগতে তেওঁৰ ককাক, আজোককাক আৰু ডাঙৰ ভায়েক আছিল আৰু সৰুৰেপৰাই তেঁৱো ডাক্টৰ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই লক্ষ্যক তেওঁৰ পৰিয়ালে সমৰ্থন কৰা নাছিল।২ বৰঞ্চ বেউৰবাৰ্গ এবেৰ এখন বৰ্ডিং স্কুলত কিছুসময় পঢ়ি শিক্ষক প্ৰশিক্ষণ বিদ্যালয়লৈ পঠিওৱা হয় আৰু শ্বৱাবিঙত সহকাৰী শিক্ষয়িত্ৰীৰ পদ গ্ৰহণ কৰে।

১৮৮৬ত এলিজাবেথ
১৮৮৬ত এলিজাবেথছবি: Unknown author · Public domain

১৮৮৪ চনত মাকে তেওঁৰ ইচ্ছাৰ আগত সেও মানি চিকিৎসা বিজ্ঞানৰ পঢ়া-শুনাত সহায় কৰিবলৈ সন্মত হয়। সেই সময়ত জাৰ্মান সাম্ৰাজ্যৰ বিশ্ববিদ্যালয়ত মহিলাক পঢ়াৰ অনুমতি নাছিল, সেয়েহে তেওঁ জুৰিখ বিশ্ববিদ্যালয় আৰু বাৰ্ন বিশ্ববিদ্যালয়ত আবেদন কৰিছিল। ১৮৮৫ চনত চুইছ মাটুৰা পাছ কৰি জুৰিখত ভৰ্তি হয়।১ সেই গ্ৰীষ্মকালৰ শেষৰফালে বিশ্ববিদ্যালয়খনৰ চিনাকি লোকসকলৰ জৰিয়তে পেৰিছত বাস কৰা আৰু পৰিয়ালৰ সৈতে জুৰিখত গ্ৰীষ্মকাল কটোৱা প্ৰতিকৃতি চিত্ৰশিল্পী অটিলি ৰ’ডাৰষ্টেইনক লগ পায়। ১৮৮৭ চনলৈকে তেওঁলোক প্ৰেমিক হৈ পৰিছিল।৩

১৮৮৬ চনত ফিজিকুম [ডে] (মধ্যমীয়া পৰীক্ষা) আৰু ১৮৮৯ চনত ষ্টেটচেক্সেমেনত উত্তীৰ্ণ হয়। ইয়াৰ পিছত পেৰিছ আৰু মিউনিখৰ চাৰ্জিকেল ক্লিনিকত ইণ্টাৰশ্বিপ কৰা হয়। ষ্টকহোমত তেওঁ স্ত্ৰীৰোগ বিশেষজ্ঞৰ মালিচ শিকিছিল, ফিজিঅ’থেৰাপিষ্টৰ পৰা, থুৰে ব্ৰেণ্ড [sv]. ১৮৯০ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰি জুৰিখত প্ৰেকটিছ কৰে।১

চিকিৎসা কেৰিয়াৰ

পিছৰ বছৰত তেওঁ আৰু ৰ’ডাৰষ্টেইনে ফ্ৰেংকফৰ্ট এম্ মেইনলৈ গুচি যায়, য’ত ৰ’ডাৰষ্টেইনৰ বাবে কেৰিয়াৰৰ সুযোগ মুকলি হৈছিল। তাত ৱিণ্টাৰহাল্টাৰে ডি আৰ কে-শ্বৱেষ্টাৰনশ্বাফ্ট [ডে] (ৰেড ক্ৰছৰ এটা সংস্থা)ত প্ৰথমটো স্ত্ৰীৰোগ বিশেষজ্ঞৰ পলিক্লিনিক স্থাপন কৰাৰ সুযোগো পাইছিল। যদিও তেওঁ জাৰ্মান চিকিৎসাৰ অনুজ্ঞাপত্ৰ লাভ কৰিব নোৱাৰিলে, তথাপি তেওঁ স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু প্ৰসূতি বিশেষজ্ঞ হিচাপে সুনাম অৰ্জন কৰে আৰু ১৮৯৫ চনত জাৰ্মানীৰ লেপাৰ'টমী কৰা প্ৰথমগৰাকী মহিলা অস্ত্ৰোপচাৰ বিশেষজ্ঞ হিচাপে পৰিগণিত হয়।৪ ডা° লুডৱিগ এডিংগাৰৰ সৈতে মিলি অধ্যাপক কাৰ্ল ৱেইগাৰ্টৰ তত্ত্বাৱধানত তেওঁ গৱেষণা কৰে যাৰ ফলত ডিম্বাশয়ৰ গেংলিয়ন কোষ আৱিষ্কাৰ হয় আৰু ১৮৯৬ চনত এই বিষয়ত এখন ডাঙৰ গৱেষণা পত্ৰ প্ৰকাশ কৰে।৫

১৯০২ চনত জাৰ্মানীৰ মহিলাসকলে চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ অধিকাৰ লাভ কৰে। সেয়েহে সাতাল্লিছ বছৰ বয়সত তেওঁ ফিচিকম আৰু ষ্টেটচেক্সামেন গ্ৰহণ কৰে আৰু ১৯০৩ চনত জাৰ্মানীত চিকিৎসা বিজ্ঞানৰ অনুজ্ঞাপত্ৰ লাভ কৰে।৩

১৯০৭ চনত তেওঁ আৰু ৰ’ডাৰষ্টেইনে হফহেইম আম টাউনাছৰ ওচৰত কিছু মাটি কিনিছিল। ১৯০৯ চনলৈকে তেওঁলোকে তাত এখন ভিলা নিৰ্মাণ কৰিছিল। ১৯১১ চনলৈকে ৱিণ্টাৰহালটাৰে চিকিৎসা বিজ্ঞানৰ চৰ্চা অব্যাহত ৰাখিছিল আৰু স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰিবলগীয়া হৈছিল। তেতিয়াৰপৰাই তেওঁ নিজৰ সংগীৰ কেৰিয়াৰ, ঘৰুৱা বিত্তীয় সাহায্য, বাগিছাৰ কাম-কাজ আদিৰ বাবে নিজকে উৎসৰ্গা কৰিছিল। ইয়াৰ উপৰি তেওঁ পৌৰসভাৰ পুথিভঁৰাল এটাও সহ-প্ৰতিষ্ঠা কৰিছিল আৰু কেইবাটাও দাতব্য কামৰ সৈতে জড়িত হৈ পৰিছিল। এই কাৰ্য্যকলাপৰ বাবে তেওঁ আৰু ৰ’ডাৰষ্টেইনক হফহাইমত সন্মানীয় নাগৰিকত্ব প্ৰদান কৰা হয়।৩

নাজীৰ উত্থানৰ সময়ত তেওঁলোকক বহুলাংশে নিৰ্যাতন নকৰাকৈয়ে ৰখা হৈছিল, কিন্তু সামাজিকভাৱে ক্ৰমান্বয়ে আঁতৰি যোৱা হৈছিল। ১৯৩৭ চনত ৰ'ডাৰষ্টেইনৰ মৃত্যু হয় আৰু ৱিণ্টাৰহালটাৰে এটা যৌথ উত্তৰাধিকাৰ ৰ'ডাৰষ্টেইন-উইণ্টাৰহালটাৰ-ষ্টিফটুংৰ সৃষ্টি কৰে।৩

৯৫বছৰীয়া জন্মদিনত মহিলাসকলৰ বাবে চিকিৎসা বৃত্তি মুকলি কৰাৰ ক্ষেত্ৰত কৰা অগ্ৰণী কামৰ বাবে ৰাষ্ট্ৰপতি থিয়ডৰ হিউছে তেওঁক সন্মান জনায়। দুমাহৰ পিছত তেওঁৰ মৃত্যু হয় আৰু ৰ’ডাৰষ্টেইনৰ সৈতে একেলগে "এহৰেংগ্ৰাব"ত ৰখা হয়। ফ্ৰেংকফৰ্টৰ নিডাৰৰচেল জিলাৰ এটা ৰাস্তাৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।৩

তথ্যসূত্ৰ

  1. ↑ Ärztinnen im Kaiserreich. Institut für Geschichte der Medizin und Ethik in der Medizin der Charité
  2. ↑ Richard P. Tucker. (2013). Elisabeth H. Winterhalter (1856–1952): The Pioneer and her Eponymous Ovarian Ganglion. Journal of the History of the Neurosciences
  3. ↑ Dagmar Priepke, Karin Görner, Ottilie W. Roederstein und Elisabeth Winterhalter; Frankfurter Jahre 1891-1909, Historisches Museum Frankfurt, Heussenstamm-Stiftung 2018
  4. ↑ Ursula Kern. Frankfurter Frauenzimmer - Biografien
  5. ↑ Elisabeth H. Winterhalter. (1896). Ein sympathisches Ganglion im menschlichen Ovarium. Archiv für Gynaekologie

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিজাবেথ উইণ্টাৰহল্টৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯০৩৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।