<small>ইউ এছ অ’পেন টেনিছ চেম্পিয়নশ্বিপ হৈছে নিউয়ৰ্কৰ কুইন্স চহৰত প্ৰতি বছৰে অনুষ্ঠিত হোৱা হাৰ্ডক’ৰ্ট অৰ্থাৎ কঠিন খেলপথাৰত আয়োজন কৰা টেনিছ প্ৰতিযোগিতা। ১৯৮৭ চনৰ পৰা ইউ এছ অ’পেন কালক্ৰমিকভাৱে বছৰৰ চতুৰ্থ আৰু অন্তিম গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা। বাকী তিনিটা কালক্ৰম অনুসৰি অষ্ট্ৰেলিয়ান অ’পেন, ফ্ৰেঞ্চ অ’পেন আৰু উইম্বলডন টেনিছ প্ৰতিযোগিতা। আগষ্ট মাহৰ শেষ সোমবাৰৰ পৰা আৰম্ভ হোৱা ইউ এছ অ’পেন দুসপ্তাহলৈকে চলে আৰু মাজ সপ্তাহৰ শেষৰ দিনটো আমেৰিকাৰ শ্ৰমিক দিৱসৰ ছুটীৰ সৈতে মিলি যায়। এই প্ৰতিযোগিতাখন বিশ্বৰ অন্যতম পুৰণি টেনিছ চেম্পিয়নশ্বিপ। প্ৰথমে এই প্ৰতিযোগিতাখন ইউ.এছ.নেচনেল চেম্পিয়নশ্বিপ নামেৰে জনাজাত আছিল। প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধ বাতিলৰ ফলত প্ৰভাৱিত নোহোৱা আৰু লগতে ২০২০ চনত ক’ভিড-১৯ মহামাৰীত বাধাগ্ৰস্ত নোহোৱা একমাত্ৰ গ্ৰেণ্ড শ্লেম এইখনেই।
ইতিহাস
১৮৮১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখন ৰোড আইলেণ্ডৰ নিউপ’ৰ্টৰ নিউপ’ৰ্ট কেচিনোৰ ঘাঁহনিৰ ক’ৰ্টত (খেলপথাৰত) অনুষ্ঠিত হৈছিল, যিটোক বৰ্তমান আন্তঃৰাষ্ট্ৰীয় টেনিছ হল অৱ ফেম বোলা হয়। সেই বছৰ ইউনাইটেড ষ্টেটছ নেচনেল লন টেনিছ এছ'চিয়েচন (USNLTA)ৰ সদস্য ক্লাবসমূহকহে প্ৰৱেশৰ অনুমতি দিয়া হৈছিল।১ এই প্ৰতিযোগিতাত ৰিচাৰ্ড ছিয়াৰ্ছে পুৰুষৰ একক শাখাত জয়লাভ কৰে, যিটো তেওঁৰ একেৰাহে সাতটা একক খিতাপৰ ভিতৰত প্ৰথমটো আছিল।২ ১৮৮৪ চনৰ পৰা ১৯১১ চনলৈকে এই প্ৰতিযোগিতাত এনে এক প্ৰত্যাহ্বান ব্যৱস্থা কৰা হৈছিল য’ত ডিফেণ্ডিং চেম্পিয়নে স্বয়ংক্ৰিয়ভাৱে পৰৱৰ্তী বছৰৰ ফাইনেলত যোগ্যতা অৰ্জন কৰিছিল, য’ত তেওঁ প্ৰতিযোগিতাৰ বিজয়ী খেলুৱৈজনৰ সৈতে খেলিছিল। আমেৰিকাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ প্ৰথম বছৰবোৰত কেৱল পুৰুষেহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু এই প্ৰতিযোগিতাখনক পুৰুষৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰীয় একক চেম্পিয়নশ্বিপ বুলি জনা গৈছিল। ১৮৮৭ চনৰ ছেপ্টেম্বৰ মাহতফিলাডেলফিয়া ক্ৰিকেট ক্লাবত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ মহিলা ৰাষ্ট্ৰীয় একক চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। বিজয়ী আছিল ১৭ বছৰীয়া ফিলাডেলফিয়াৰ [[:en:Ellen Hansell]|এলেন হেনচেল]]।
খেলপথাৰ
বৰ্তমানৰ চেম্পিয়নসকল
| + |
তথ্যসূত্ৰ
- ↑ (July 14, 1881). National Lawn-Tennis Tournament. The New York Times
- ↑ Bud Collins. (2010). The Bud Collins History of Tennis. New Chapter Press. পৃ. 10, 452, 454. ISBN 978-0942257700
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউ এছ অ'পেন (টেনিছ)” প্ৰবন্ধৰ সংশোধন ৬৩১০২২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।