দক্ষিণ-পশ্চিম টাই ভাষা
৬ প্ৰবন্ধ
-
টাই-আহোম ভাষা
টাই-আহোম ভাষা অসম আৰু অৰুণাচল প্ৰদেশত টাই-আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ক্ৰা-দাই (টাই) ভাষা, যাৰ নিজা টাই-আহোম লিপি আছে। মধ্যযুগীয় আহোম ৰাজ্যত ই ৰাজভাষা আছিল আৰু আজিও সীমিত সংখ্যক ভাষাভাষীৰ মাজত তথা শিক্ষানুষ্ঠানীয় পাঠ্যক্ৰমৰ জৰিয়তে পুনৰুজ্জীৱনৰ প্ৰচেষ্টা চলি আছে।
-
আইটন ভাষা
টাই-আইটন ভাষা ((တႝ)ဢႝတွꩫ်) অসমৰ ধনশিৰি উপত্যকা আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত কোৱা এটা টাই ভাষা ৷ বৰ্তমান ইয়াক ভাবুকিৰ সন্মুখীন হোৱা ভাষা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, বিশ্বজুৰি ২০০০ তকৈও কম লোকে এই ভাষা কয়। ইয়াৰ আন নামসমূহৰ হৈছে আইটনিয়া আৰু চ্যাম দুৱানিয়া৷
-
খামটি ভাষা
টাই-খামটি ভাষা (খামটি:တဲးၵံးတီႈ) উত্তৰ-পূব ভাৰত আৰু মানদেশত বসবাস কৰা খামটি জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত এটা দক্ষিণ-পশ্চিমীয় টাই ভাষা। উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত খামটি ভাষী লোকসকলে বাস কৰে।
-
ছান ভাষা
ছান ভাষা, টাই-য়াই ভাষা বা টাই-লং ভাষা (ၵႂၢမ်းတႆး) হৈছে ছান জনগোষ্ঠীৰ স্থানীয় ভাষা যাক মূলতঃ ছান ৰাজ্য, ম্যানমাৰৰ আন কিছু অংশত, উত্তৰ থাইলেণ্ড, ইউন্নান, লাওচ, কম্বোডিয়া, ভিয়েটনাম, অসম আৰু মেঘালয়ত কোৱা হয়। ছান ভাষা হৈছে ক্ৰা–ডাই ভাষা পৰিয়ালৰ এটা সদস্য আৰু থাইৰ সৈতে সম্পৰ্কিত ভাষা।
-
খাময়াং ভাষা
খাময়াং ভাষা অসমৰ এক সংকটজনক টাই ভাষা, যিটো খাময়াং জনগোষ্ঠীয়ে কয় ৷ প্ৰায় পঞ্চাশজন লোকে এই ভাষা কয়; তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা সাত মাইল দূৰৈত অৱস্থিত পোৱাইমুখ গাঁৱত তেওঁলোকে বাস কৰে।
-
দক্ষিণ-পশ্চিম টাই ভাষা
দক্ষিণ-পশ্চিম টাই ভাষা দক্ষিণ-পূব এছিয়াৰ টাই ভাষাৰ এটা শাখা। ইয়াৰ ভাষাসমূহৰ ভিতৰত মধ্য থাই ভাষা (চিয়ামিজ), উত্তৰ থাই ভাষা (লান্না), লাও ভাষা ( ইছানকে ধৰি ), ছান ভাষা আদি ভাষা পৰে।