হৰম'ন
৪ প্ৰবন্ধ
-
হৰম'ন
হ'ৰমন হৈছে যিকোনো সংকেতবাহী অনু, যি বহুকোষী জীৱৰ গ্ৰন্থিত উৎপাদন হয় আৰু জীৱটোৰ শৰীৰতত্ত্ব আৰু আচৰণ নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট লক্ষ্য অংগলৈ সংবহন তন্ত্ৰৰ জৰিয়তে পৰিবাহিত হয়।
-
ইনছুলিন
ইনছুলিন (Latin insula-ৰ পৰা, অৰ্থ- দ্বীপ) অগ্ন্যাশয়ৰ বিটা কোষসমূহে তৈয়াৰ কৰা এক পেপ্টাইড হৰম'ন। ইয়াৰ দেহৰ প্ৰধান শক্তিদায়ক (anabolic) হৰম'ন হিচাপে গণ্য কৰা হয়। মূলতঃ গ্লুক'জক যকৃৎ, চৰ্বি আৰু মাংসপেশীলৈ শোষণ কৰি ই শৰ্কৰা, স্নেহ পদাৰ্থ আৰু প্ৰ'টিনৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।
-
অক্সিন
অক্সিন (ইংৰাজী: Auxin) উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা এক শ্ৰেণীৰ হৰম'ন। সাধাৰণতে ই গছৰ আগলি অংশত থাকে। অক্সিনে ঘাইকৈ গছৰ বৃদ্ধিৰ পৰিমাণ, ধৰণ আৰু দিশ নিৰূপন কৰে। সামান্য পৰিমাণৰ অক্সিন ব্যৱহাৰ কৰি উদ্ভিদ-জীৱকোষৰ বৃদ্ধি ঘটাব পাৰি। খেতি পথাৰৰ অপতৃণ ধ্বংসৰ বাবেও অক্সিনৰ ব্যৱহাৰ আছে।
-
থাইৰইড হৰম'ন
থাইৰইড হৰম'ন (Thyroid hormone) হ'ল মানৱ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় একপ্ৰকাৰৰ হৰম'ন। থাইৰয়ড নামৰ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে এই হৰম'ন নিঃসৃত কৰে। এই হৰম'নে আমাৰ শৰীৰৰ পৰিপুষ্টি আৰু বৰ্ধনকে (Growth and Development) ধৰি শৰীৰৰ অতিকে প্ৰয়োজনীয় কিছুমান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।