সাহিত্য অকাডেমি বঁটা বিজয়ী গ্ৰন্থ
৫ প্ৰবন্ধ
-
পাগলী, তোমাৰ সঙ্গে
পাগলী, তোমাৰ সঙ্গে হৈছে বঙালী কবি জয় গোস্বামীৰ ৪৩টা কবিতাৰ সংকলন, যি জানুৱাৰী ১৯৯৪-ত আনন্দ প্ৰকাশনদ্বাৰা প্ৰকাশিত হৈছিল। ২০০০ চনত, এইখন কাব্য সংকলনৰ বাবে জয় গোস্বামীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ
ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ হৈছে ২০১২ চনত প্ৰকাশ হোৱা, ইংৰাজী ভাষাৰ লেখক তথা নাট্যকাৰ চাইৰাছ মিষ্ট্ৰীৰ এখন ইংৰাজী ভাষাৰ উপন্যাস। এই গ্ৰন্থখনত লেখকে মৃতদেহ কঢ়িওৱা পাৰ্চী সম্প্ৰদায়ৰ বিষয়ে লিখিছে, যি সম্প্ৰদায়ে বম্বেত সমাধিস্থ কৰিবলৈ মৃতদেহসমূহ কঢ়িয়াই লৈ গৈছিল।
-
অৰণ্যেৰ অধিকাৰ
অৰণ্যেৰ অধিকাৰ (প্ৰথম প্ৰকাশ:১৯৭৭) হ'ল মহাশ্বেতা দেৱী ৰচিত বাংলা উপন্যাস। এইখন উপন্যাসৰ বাবে মহাশ্বেতা দেৱীয়ে ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনত ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী বিৰছা মুণ্ডাৰ জীৱন আৰু যুদ্ধৰ বৰ্ণনা কৰা হৈছে।
-
বেদনাৰ উল্কা
বেদনাৰ উল্কা হৈছে বিশিষ্ট অসমীয়া কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা সংকলন। এই গ্ৰন্থখন প্ৰথমবাৰৰ বাবে ১৯৬৪ চনত প্ৰকাশ পাইছিল।
-
সুদীৰ্ঘ দিন আৰু ঋতু
সুদীৰ্ঘ দিন আৰু ঋতু হৈছে ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা সংকলন, যাৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।