সংস্কৃত কবি
৫ প্ৰবন্ধ
-
বাল্মীকি
বাল্মীকি সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়চোৱাত লিখা হৈছিল। ৰামায়ণৰ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়। তেওঁক আদিকবি বুলিও জনা যায়। বাল্মীকিৰ মূল ৰামায়ণত মুঠ ২৩০০০টা শ্লোক আৰু উত্তৰাকাণ্ডকে ধৰি ৭টা কাণ্ড আছিল।
-
কালিদাস
কালিদাস (সংস্কৃত: कालिदासः) (অৰ্থ: কালি বা চিঞাহীৰ দাস বা উপাসক) আছিল এজন ধ্ৰুপদী সংস্কৃত ৰচয়িতা যাক সংস্কৃত ভাষাৰ শ্ৰেষ্ঠ কবি আৰু নাট্যকাৰ বুলিও গণ্য কৰা হয়। তেওঁৰ জীৱনকাল সম্বন্ধে অধিকাংশ তথ্যই অজ্ঞাত। মাত্ৰ তেওঁৰ কাব্য আৰু নাট্যৰ পৰা সামান্য পাঠোদ্ধাৰ সম্ভৱ।
-
বেদব্যাস
বেদব্যাস বা ব্যাসদেৱ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ প্ৰণেতা আৰু এজন বিখ্যাত ঋষি। তেওঁ ৰাঘৱ কুলৰ কুলগুৰু বশিষ্ঠৰ প্ৰপৌত্ৰ, শক্তিৰ পৌত্ৰ, ঋষি পৰাশৰ পুত্ৰ আৰু শুকদেৱৰ পিতৃ।
-
জয়দেৱ
জয়দেৱ দ্বাদশ শতিকাৰ সময়ছোৱাৰ এজন সংস্কৃত কবি। বসন্ত কালত গোপী ৰাধাৰ সৈতে কৃষ্ণৰ প্ৰেমৰ ওপৰত ভিত্তি কৰি লিখা তেওঁৰ মহাকাব্য গীতা গোবিন্দমৰ বাবে তেওঁ সু-পৰিচিত। ৰাধা কৃষ্ণতকৈ মহৎ বুলি মত উপস্থাপন কৰা এই মতাদৰ্শক হিন্দু ধৰ্মৰ ভক্তি আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে গণ্য কৰা হয়।
-
বিশাখদত্ত
বিশাখদত্ত (সংস্কৃত: विशाखदत्तः) এগৰাকী ভাৰতীয় সংস্কৃত কবি আৰু নাট্যকাৰ আছিল। বিশাখদত্তই তেওঁৰ ৰাজনৈতিক নাটক মুদ্ৰাৰাক্ষসত পিতৃ আৰু ককাকৰ নাম মহাৰাজ ভাস্কৰদত্ত আৰু মহাৰাজ বতেশ্বৰদত্ত বুলি উল্লেখ কৰিছে যদিও তেওঁৰ বিষয়ে আমি আন একো নাজানো।