মানৱ অধিকাৰ কৰ্মী
৩৪ প্ৰবন্ধ
-
ৰংগা লনি
ৰংগা লনি (Wranga Loni) হৈছে পাকিস্তানৰ উত্তৰ বেলুচিস্তানৰ সঞ্জাৱীৰ এজন পাকিস্তানী মানৱ অধিকাৰ কৰ্মী আৰু লেখিকা৷ তেওঁ পাষ্টুন তাহাফুজ আন্দোলন (PTM), আৰু পাষ্টুন মহিলাসকলৰ মাজত ৰাজনৈতিক সজাগতা অনাৰ লক্ষ্যৰে ৱাক আন্দোলনৰ সদস্য।
-
ৰয়া হেশমতী
ৰয়া হেশমতী (Roya Heshmati) (পাৰ্চী: رويا حشمتی )হৈছে ১৯৯০ চনত ইৰানৰ ছানন্দজত জন্মগ্ৰহণ কৰা এগৰাকী ইৰাণী কুৰ্দি মানৱ অধিকাৰ কৰ্মী, ইৰাণত বাধ্যতামূলক হিজাব নীতিৰ প্ৰতিৰোধৰ বাবে বেছিকৈ পৰিচিত।
-
ৰীমা চুলতানা ৰীমু
ৰীমা চুলতানা ৰীমু (Rima Sultana Rimu) এগৰাকী বাংলাদেশী মহিলা অধিকাৰ কৰ্মী আৰু কক্স বজাৰত লিংগৰ প্ৰতি সঁহাৰি জনাই আৰম্ভ কৰা মানৱতাবাদী সমাজকৰ্মৰ এগৰাকী গুৰি ধৰোঁতা। ২০২০ চনত তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।
-
ৰুবিনা ফিৰোজ ভাট্টী
ৰুবিনা ফিৰোজ ভাট্টী (Rubina Feroze Bhatti) এগৰাকী পাকিস্তানী মানৱ অধিকাৰ কৰ্মী,শান্তি কৰ্মী আৰু নেতৃত্বৰ পৰামৰ্শদাতা। দেশৰ ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য হিচাপে তেওঁ পঞ্জাব প্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল।