ভিছা
৬ প্ৰবন্ধ
-
ভিছা
ভিছা (Visa) বা প্ৰৱেশ পত্ৰ হৈছে এক চৰ্তসাপেক্ষ অনুমতি পত্ৰ যাক এখন দেশে কোনো বিদেশী নাগৰিকক সেইখন দেশত প্ৰৱেশ আৰু অৱস্থান কৰাৰ বাবে দিয়ে। ভিছা শব্দটো আহিছে লেটিন ভাষাৰ charta visa-ৰ পৰা, যাৰ অৰ্থ হৈছে "যিখন কাগজক চোৱা হৈছে"।
-
পাৰপত্ৰ
পাৰপত্ৰ বা পাচপোৰ্ট (Passport) হ'ল এক ভ্ৰমণৰ নথি, যিখনক সাধাৰণতে এখন দেশৰ চৰকাৰে ইয়াৰ নাগৰিকসকলৰ বাবে জাৰি কৰে, যাক মূলতঃ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ উদ্দেশ্যে ইয়াৰ ধাৰকজনৰ পৰিচয় আৰু ৰাষ্ট্ৰীয়তা প্ৰমাণ কৰে।
-
ভাৰতৰ ভিছা নীতি
ভাৰত দৰ্শনলৈ অহা দৰ্শকে ভিছা ৰেহাই পোৱা কোনো এখন দেশৰ পৰা নাহিলে ভিছা লব লাগিব। কিছুমান দেশৰ নাগৰিকে আগমনৰ সময়ত ভিছা বা ই-ভিছা অনলাইনত লাভ কৰিব পাৰে, আনহাতে আন কিছুমানে ভাৰতীয় কূটনৈতিক মিছনৰ পৰা ভিছা লাভ কৰিব লাগিব।
-
ইণ্ডোনেছিয়াৰ ভিছা নীতি
ইণ্ডোনেছিয়ালৈ অহা বেছিভাগ দৰ্শকে ইণ্ডোনেছিয়াত উপস্থিত হোৱাৰ লগে লগে ভিছা লাভ কৰিব পাৰে, যদিহে তেওঁলোক ভিছা ৰেহাই পোৱা দেশসমূহৰ কোনো এখনৰ নাগৰিক নহয়। অৱশ্যে কিছুমান দেশ ইণ্ডোনেছিয়াত প্ৰৱেশৰ অনুমতি দিয়াৰ পূৰ্বে ইণ্ডোনেছিয়াৰ কোনোবা এটা কূটনৈতিক মিছনৰ পৰা আগতীয়াকৈ ভিছা ল’ব লাগিব।
-
ইৰানৰ ভিছা নীতি
ইৰানৰ ভিছা নীতি ইৰাণলৈ অহা বেছিভাগ পৰ্য্যটকে ভিছা ৰেহাই পোৱা দেশ বা ই-ভিছাৰ বাবে যোগ্য নোহোৱা দেশৰ নাগৰিকৰ বাহিৰে ইৰানলৈ অহাৰ আগতে ইলেক্ট্ৰনিক ভিছা (ই-ভিছা) ল’ব লাগিব; এনে ক্ষেত্ৰত তেওঁলোকে বিশ্বজুৰি ইৰাণৰ যিকোনো কূটনৈতিক মিছনৰপৰা আগতীয়াকৈ ভিছা ল’ব লাগিব।
-
ভাৰতীয় নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তাসমূহ
ভাৰতীয় নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তাসমূহ হৈছে অন্য দেশৰ কৰ্তৃপক্ষই ভাৰতৰ নাগৰিকসকলৰ ওপৰত আৰোপ কৰা প্ৰশাসনিক প্ৰৱেশ প্ৰতিবন্ধকতা। ২০২৬ চনৰ তথ্য অনুসৰি, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মতে ভাৰতীয় নাগৰিকসকলৰ বাবে ২৭খন ভিছা-মুক্ত, ৪৭খন ভিছা-অন-এৰাইভেল (প্ৰৱেশ কৰাৰ পাছত ভিছা লাভ কৰা) আৰু…