ভাৰত চৰকাৰৰ আঁচনি
৬ প্ৰবন্ধ
-
ডিজিটেল ইণ্ডিয়া
ডিজিটেল ইণ্ডিয়া (Digital India) হৈছে ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অভিযান, যাৰ লক্ষ্য হৈছে ভাৰতক এক ডিজিটেলভাৱে শক্তিশালী সমাজ আৰু জ্ঞান-ভিত্তিক অৰ্থনীতি হিচাপে গঢ়ি তোলা। এই কাৰ্যসূচীটো ১ জুলাই ২০১৫ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা আৰম্ভ কৰা হৈছিল।
-
মধ্যাহ্ন ভোজন আঁচনি
মধ্যাহ্ন ভোজন আঁচনি (Midday Meal Scheme) হৈছে বিদ্যালয়ৰ এক ভোজন আঁচনি। সমগ্ৰ ভাৰত বৰ্ষৰ স্কুল পৰ্যায়ৰ শিশু সকলৰ পুষ্টিৰ মান উন্নত কৰাৰ উদ্দেশ্যে এই আচঁনিখন প্ৰস্তুত কৰা হৈছে।
-
কাৰিকৰী শিক্ষাত ছোৱালীৰ উন্নতিৰ বাবে সহায় প্ৰদান কৰা পদক্ষেপ বা প্ৰগতি
কাৰিকৰী শিক্ষাত ছোৱালীৰ উন্নতিৰ বাবে সহায় প্ৰদান কৰা পদক্ষেপ হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ 'অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন' (এআইচিটিই) ৰ আঁচনি যিয়ে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিবলৈ বছৰি ৬ লাখতকৈ কম আয়ৰ প্ৰতিটো পৰিয়ালত এগৰাকী ছোৱালী নিৰ্বাচন কৰি সুবিধা প্ৰদান কৰে।
-
দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল আঁচনি
গ্ৰামীণ কৌশল আঁচনি বা ডিডিইউ-জিকেৱাই হৈছে ভাৰত চৰকাৰৰ যুৱ নিয়োগ আঁচনি।
-
সংহত শিশু বিকাশ সেৱা
সংহত শিশু বিকাশ সেৱা (ICDS) হৈছে ভাৰতৰ এক চৰকাৰী কাৰ্যসূচী যিয়ে ৬ বছৰৰ তলৰ শিশু আৰু তেওঁলোকৰ মাতৃক পুষ্টিকৰ খাদ্য, প্ৰাক-বিদ্যালয় শিক্ষা, প্ৰাথমিক স্বাস্থ্যসেৱা, প্ৰতিষেধক, স্বাস্থ্য পৰীক্ষা, আৰু ৰেফাৰেল সেৱা প্ৰদান কৰে।
-
স্কিল ইণ্ডিয়া
স্কিল ইণ্ডিয়া (Skill India) হৈছে ভাৰত চৰকাৰৰ এক ৰাষ্ট্ৰীয় অভিযান, যাৰ উদ্দেশ্য দেশৰ যুৱ সমাজক বিভিন্ন ব্যৱসায়িক, কাৰিকৰী আৰু উদ্যোগমূলক দক্ষতাৰে প্ৰশিক্ষিত কৰি কৰ্মসংস্থান আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা। ২০১৫ চনৰ ১৫ জুলাইত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানৰ শুভাৰম্ভ কৰে।