বঙালী চলচ্চিত্ৰৰ সংগীত পৰিচালক
৫ প্ৰবন্ধ
-
ভূপেন হাজৰিকা
ভূপেন হাজৰিকা (১৯২৬–২০১১) অসম আৰু ভাৰতৰ বহুভাষিক কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু চলচ্চিত্ৰ-সংগীত পৰিচালক; তেখেত “সুধাকণ্ঠ” নামে ব্যাপক জনপ্ৰিয়। সংগীত-সাহিত্য-চলচ্চিত্ৰ-সাংস্কৃতিক নেতৃত্ব আৰু সীমিত ৰাজনৈতিক ভূমিকাৰ জৰিয়তে তেখেতে আধুনিক অসমীয়া সাংস্কৃতিক পৰিচয় গঢ়াত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
-
সলিল চৌধুৰী
সলিল চৌধুৰী এজন ভাৰতীয় সংগীত পৰিচালক। তেওঁ মূলতঃ বঙালী, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰত আদিকে ধৰি অন্যান্য আঞ্চলিক ভাষাৰ কথাছবি সমূহতো সংগীত পৰিচালনা কৰিছিল। ইয়াৰ বাদেও তেওঁ এজন কবি আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতৰ গুনগ্ৰাহীসকলৰ ওচৰত তেওঁ সলিলদা নামেৰে পৰিচিত আছিল।
-
সুধীন দাশগুপ্ত
সুধীন দাশগুপ্ত (Sudhin Dasgupta, ৯ অক্টোবৰ ১৯২৯ – ১০ জানুৱাৰী ১৯৮২) বিশিষ্ট বঙালী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী আছিল। তেওঁ হিন্দী, অসমীয়া, উৰিয়া আদি বিভিন্ন ভাৰতীয় ভাষাত অৱদান আগবঢ়াইছে। তেওঁ বাঙালী সংগীতৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা কৰিছিল।
-
শ্যামল মিত্ৰ
শ্যামল মিত্ৰ (Shyamal Mitra, ১৪ জানুৱাৰী ১৯২৯-১৫ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় বহুমুখী প্ৰতিভাৰ নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক আছিল। বঙালী সঙ্গীত উদ্যোগৰ সোণালী সময়চোৱাৰ তেওঁ প্ৰসিদ্ধ ব্যক্তিত্ব আছিল। তেওঁৰ বেৰিটোন কণ্ঠত বহুমাত্ৰিক আবেগৰ প্ৰতিফলন ঘটিছিল।
-
ৰাইচাঁদ বড়াল
ৰাইচাঁদ বড়াল ( Rai Chand Boral; ১৯ অক্টোবৰ ১৯০৩ – ২৫ নৱেম্বৰ ১৯৮১) এজন ভাৰতীয় সংগীতকাৰ। সংগীতৰ ৰসিকসকলে তেওঁক ভাৰতৰ চলচ্চিত্ৰীয় সংগীতৰ পিতৃ ভীষ্ম পিতামহ বুলি গণ্য কৰে। ১৯৭৮ চনত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা আৰু একে বছৰতে সংগীত নাটক একাডেমী বঁটাও লাভ কৰে।