ফিজিৰ শ্ৰুতিকথা
৫ প্ৰবন্ধ
-
ফিজিৰ শ্ৰুতিকথা
ফিজিৰ শ্ৰুতিকথা (ইংৰাজী: Fijian mythology) বা ফিজিৰ পৌৰাণিক কাহিনী হৈছে ফিজি দ্বীপৰ খিলঞ্জীয়া লোকসকলৰ মাজত প্ৰচলিত লোক বিশ্বাস, পৰম্পৰা, লোককথা আদিৰ সম্ভাৰ।
-
বুৰোটু
ফিজিৰ মেলানেছিয়ান পৌৰাণিক কাহিনীত বুৰোটু হৈছে সৰগীয়-পাতাল। নতুনকৈ মৃত আত্মাবোৰৰ বিচাৰ দেগেইয়ে কৰে আৰু কেইজনমানক বুৰোটুলৈ লৈ যায়। বাকীবোৰ মুৰিমুৰিয়ালৈ যায়।
-
মুৰিমুৰিয়া
প্ৰাক-খ্ৰীষ্টান ফিজিৰ পৌৰাণিক কাহিনীত মুৰিমুৰিয়া পাতালৰ অংশ। ফিজিৰ ধৰ্ম অনুসৰি মানুহৰ মৃত্যুৰ পিছত তেওঁৰ আত্মাক এজন অপ্সৰাই পানীৰ ওপৰেৰে লৈ আহে, আৰু আনফালে আত্মাৰ পথ (ছালা নি ইয়ালো)ৰ মাজেৰে গৈ বহু বিপদৰ সম্মুখীন হ’বলগীয়া হয়।
-
ডেগেই
ফিজিৰ পৌৰাণিক কাহিনীত সাপ হিচাপে সন্নিৱিষ্ট ডেগেই ফিজিৰ পৰম দেৱতা। তেওঁ (ফিজিৰ) জগত, ফল আৰু মানুহৰ সৃষ্টিকৰ্তা আৰু ফিজিৰ ৰাকিৰাকি জিলাৰ সৈতে বিশেষভাৱে জড়িত। তেওঁ নতুনকৈ মৃত আত্মাবোৰক দুটা গুহাৰ ভিতৰত এটা গুহাৰ মাজেৰে পাৰ হোৱাৰ পিছত বিচাৰ কৰে: চিবাচিবা বা ড্ৰাকুলু।
-
বুলু (ফিজিৰ কিংবদন্তি)
ফিজিৰ পৌৰাণিক কাহিনীত বুলু (উচ্চাৰণ: Mbúlu) ‘আত্মাৰ জগত’ (সম্ভৱতঃ পাতাল জগত)ৰ নাম। ৱুলা-ই-ৰাটুমাইবুলু নামৰ মাহত ব্ৰেডফ্ৰুট আৰু অন্যান্য ফলমূলৰ গছবোৰ ফুলি ফল দিবলৈ বুলু নামৰ আত্মাৰ জগতখনৰ পৰা ৰাটুমাইবুলু দেৱতা আহে। ৰাটুমাইবুলু এজন অতি গুৰুত্বপূৰ্ণ দেৱতা যিয়ে কৃষিৰ পৰিচালনা কৰে।