পোখালি (ধৰ্ম)
৭ প্ৰবন্ধ
-
পাৰ্বতী
পাৰ্বতী হিন্দু ধৰ্মৰ অন্যতম প্ৰধান দেৱী, শক্তি, শক্তি, পুষ্টি, সম্প্ৰীতি, প্ৰেম, সৌন্দৰ্য্য, ভক্তি, আৰু মাতৃত্বৰ দেৱী হিচাপে পূজনীয়। তেওঁ হিমালয়ৰ পুত্ৰী আৰু ভগৱান শিৱৰ পত্নী। পাৰ্বতীৰ মাতৃৰ নাম মেনকা আছিল। উমা, গৌৰী, অম্বিকা, ভৱানী আদি নামেৰেও এওঁক জনা যায়।
-
ব্ৰহ্মা
ব্ৰহ্মা (সংস্কৃত: ब्रह्मा; Brahmā) হিন্দুধৰ্মৰ সৃষ্টিৰ দেৱতা। বিষ্ণু আৰু শিৱৰ লগত ব্ৰহ্মদেৱকো ত্ৰিমূৰ্তিৰ মাজৰ এজন বুলি স্থান দিয়া হৈছে। . তেওঁ সৃষ্টি, জ্ঞান আৰু বেদৰ সৈতে জড়িত। সৃষ্টিৰ আখ্যানত ব্ৰহ্মৰ প্ৰধানকৈ উল্লেখ আছে।
-
লক্ষ্মী
লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী।
-
সৰস্বতী
সৰস্বতী (सरस्वती) হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী। তেখেত সৰস্বতী-লক্ষ্মী-পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা। সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋগ্বেদত।
-
শাক্তধৰ্ম
শাক্তধৰ্ম (সংস্কৃতত: शाक्तं, Śāktaṃ; আক্ষৰিক অৰ্থ শক্তিবাদ) হিন্দু ধৰ্মৰ এটা শাখাসম্প্ৰদায়। হিন্দু দিব্য মাতৃকা শক্তি বা দেৱী পৰম আৰু সৰ্বোচ্চ ঈশ্বৰ – এই মতবাদৰ ওপৰত ভিত্তি কৰিয়েই শাক্তধৰ্মৰ উদ্ভৱ হৈছে। এই ধৰ্মমতাৱলম্বীসকলৰ মতে শাক্ত (সংস্কৃত: शक्त, Śakta) নামে অভিহিত কৰা হয়।
-
কাৰ্তিক
কাৰ্তিক হিন্দুসকলৰ যুদ্ধদেৱতা। তেওঁ শিৱ আৰু পাৰ্বতীৰ কনিষ্ঠ সন্তান। কাৰ্তিক বৈদিক দেৱতা নহয়; তেওঁ পৌৰাণিক দেৱতা। প্ৰাচীন ভাৰতত সকলোতে কাৰ্তিক পূজা প্ৰচলিত আছিল। উত্তৰ ভাৰতত এওঁ এজন প্ৰাচীন দেৱতা ৰূপে পৰিগণিত। অন্যান্য হিন্দু দেৱদেৱীৰ দৰে কাৰ্তিককো একাধিক নামেৰে অভিহিত কৰা হয়।
-
অৰ্ধনাৰীশ্বৰ
অৰ্ধনাৰীশ্বৰ হৈছে হিন্দু ধৰ্মৰ দেৱতা শিৱ আৰু দেৱী পাৰ্বতীৰ মিশ্ৰিত শাৰিৰীক অবয়ব। অৰ্ধনাৰীশ্বৰক এটাই মানৱ শৰীৰৰ আধা অংশ পুৰুষ আৰু অংশ নাৰী হিচাপে বৰ্ণনা কৰা হয়। সাধাৰণতে অৰ্ধনাৰীশ্বৰৰ সোঁফালৰ আধা অংশ পুৰুষ আৰু বাওঁফালৰ আধা অংশ নাৰী হিচাপে বৰ্ণনা কৰা হয়।