ধৰ্মীয় স্থান
৫ প্ৰবন্ধ
-
শ্বাহ জালাল দৰগাহ
শ্বাহ জালাল দৰগাহ (শাহজালাল দরগাহ) হৈছে বাংলাদেশৰ চিলেটত অৱস্থিত চতুৰ্দশ শতিকাৰ মুছলমান সাধু শ্বাহ জালালৰ মাজাৰ আৰু সমাধিস্থল। দৰগাহ নামেৰে জনাজাত এই স্থানটো প্ৰথমে ১৫০০ চনত নিৰ্মাণ কৰা হৈছিল যদিও ইয়াৰ পিছৰ শতিকাবোৰত ইয়াৰ গঠনত বহু সংযোজন আৰু পৰিৱৰ্তন কৰা হয়।
-
নৱ বিহাৰ
নৱ বিহাৰ (পাৰ্চী: نوبهار; আক্ষৰিক অৰ্থ 'নতুন মঠ') আছিল উত্তৰ আফগানিস্তানৰ প্ৰাচীন বালখ চহৰৰ ওচৰত অৱস্থিত দুটা বৌদ্ধ মঠৰ এটা গোট। ঐতিহাসিক বিৱৰণীয়ে ইংগিত দিয়ে যে খ্ৰীষ্টীয় সপ্তম আৰু একাদশ শতিকাৰ ভিতৰত এই বিহাৰটো বৌদ্ধ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে বিকশিত হৈ উঠিছিল।
-
যমাই দেৱী
যমাই দেৱী মন্দিৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ আউন্ধ চহৰৰ এটা পাহাৰীয়া কমপ্লেক্সত অৱস্থিত। কোৱা হয় যে মহালক্ষ্মী দেৱতা, কোলহাপুৰৰ দেৱ জ্যোতিবা আৰু শ্ৰীৰাম(ভগৱান বিষ্ণু)দেৱে তেওঁক "Ye Mai" (মাৰাঠী ভাষাত) বুলি মাতিছিল যাৰ অৰ্থ অসমীয়াত “হে মা, আহা’’। সেয়েহে তেওঁক যমাই দেৱী বুলি জনা যায়।
-
আকাশ ভৈৰৱ
আকাশ ভৈৰৱ বা আজু ভৈৰৱৰ বিভিন্ন ৰূপৰ ভিতৰত অন্যতম ৷ আকাশ ভৈৰৱৰ মন্দিৰটো প্ৰায় ৩১০০–৩৫০০ বছৰ আগতৰ নেপালৰ কিৰাতি ৰজা য়ালাম্বৰৰ ৰাজপ্ৰসাদ বুলি ধৰা হয়। আকাশ ভৈৰৱৰ চৌপাশক নেপালৰ নেৰ প্ৰতীক হিচাপে য়েন নামেৰে জনা যায়।
-
সীতা কুণ্ড
সীতা কুণ্ড হ’ল দেৱী সীতাৰ জন্মস্থানক পৱিত্ৰ জ্ঞান কৰা হিন্দুসকলৰ এক তীৰ্থস্থান৷ বিহাৰৰ সীতামড়ী জিলাৰ পুনৌৰা ধামৰ এক প্ৰাচীন হিন্দু মন্দিৰ হৈছে, জানকী মন্দিৰ। ই সীতামড়ী চহৰৰ পৰা ৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত আৰু দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।