তুৰ্কী দেৱী
৫ প্ৰবন্ধ
-
আক আনা
আক আনা (Ağ Ana বা Ak Ene, "পবিত্ৰ মাতৃ") তুৰ্কী জনগোষ্ঠী আৰু চাইবেৰিয়াৰ খাণ্টি আৰু মানচি জনগোষ্ঠীৰ আদিম সৃষ্টিকৰ্তা-দেৱী। পানীৰ দেৱী বুলিও জনা যায়। কায়ৰা হানৰ পত্নী আৰু কন্যা আছিল তেওঁ। পৃথিৱীতকৈ আগতেই পানীৰ সৃষ্টি হৈছিল। সেয়েহে তাইক পৃথিৱীৰ জ্যেষ্ঠ ভগ্নী বুলি বিশ্বাস কৰা হৈছিল।
-
এটুগেন একে
এটুগেন একে ("মাতৃ পৃথিৱী", বিভিন্নভাৱে ইটুগেন বা এটুগেন একে হিচাপে লিপ্যন্তৰিত) হৈছে তেঙ্ৰিজম আৰু তুৰ্কি পৌৰাণিক কাহিনীত এক পৃথিৱীৰ দেৱী। তেওঁ সদায় কুমাৰী হিচাপে ভাবি লোৱা হৈছিল। "এটুগেন" শব্দটো মহিলা আৰু কৈৰাৰ ছোৱালী হিচাপে সম্পৰ্কিত।
-
কুবাই
কুবাই (তুৰ্কী: Kübey) তুৰ্কী পৌৰাণিক কাহিনীত জন্ম আৰু সন্তানৰ দেৱী। সন্তান জন্ম দিয়া নাৰীক ৰক্ষা কৰে আৰু সন্তানক আত্মা দিয়ে। পৃথিৱীত বিশুদ্ধ আৰু পৰিষ্কাৰ বস্তুবোৰ তাই ৰক্ষা কৰে আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দেৱী হিচাপেও দেখা যায়।
-
বাই বাইআনাই
বাই বাইআনাই হৈছে যাকুত জাতিৰ বন, জন্তু আৰু চিকাৰীৰ পৃষ্ঠপোষক আত্মা। শিকাৰীৰে আগতে জুই জ্বলাই তেওঁলৈ প্ৰাৰ্থনা কৰে যাতে তেওঁলোকৰ শিকাৰ সফল হয় আৰু দুৰ্ঘটনা নঘটে। কিছুমান সংস্কৃতিত, তেওঁ শিশু সকলৰো সুৰক্ষিতা হিচাপে বিবেচিত। তেওঁ বংশধৰসকলৰ ৰক্ষক হিচাপে গণ্য।
-
য়ালচুক
য়ালচুক হৈছে তুৰ্কী ধৰ্ম-গল্পত জোন দেৱী। প্ৰাচীন তুৰ্কী লোক ধৰ্মবিশ্বাস আৰু পৌৰাণিক কাহিনীত, য়ালচুক জোনৰ ঐশ্বৰিক ৰূপ হিচাপে বিবেচিত। তেওঁ সাধাৰণতে সূৰ্যদেৱ কোয়াশৰ স্ত্ৰী-প্ৰতিম ৰূপত কল্পনা কৰা হয়। কোয়াশ আৰু য়ালচুকক দৃশ্যমান দেৱতাৰ অন্তৰ্ভুক্ত কৰা হয়।