চিত্ৰ শৈলী
৪ প্ৰবন্ধ
-
পৌভা
পৌভা নেপালৰ নেৱাৰ লোকসকলে নিৰ্মাণ কৰা এখন পৰম্পৰাগত ধৰ্মীয় চিত্ৰ। পৌভাত দেৱতা, মণ্ডল বা স্মৃতিসৌধৰ চিত্ৰণ কৰা হয় আৰু ধ্যানত সাধকসকলক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয়। সমতুল্য তীব্বতী চিত্ৰক থাংকা বুলি জনা যায়।
-
ইন্দোনেছিয়াৰ চিত্ৰকলা
ইন্দোনেছিয়াৰ চিত্ৰকলা( Indonesian Painting)ৰ পৰম্পৰা আৰু ইতিহাস বহু পুৰণি। ইয়াৰ ইতিহাস অতি দীঘলীয়া যদিও প্ৰতিকূল জলবায়ুৰ বাবে প্ৰাচীন চিত্ৰকলাৰ কম সংখ্যক নিদৰ্শনহে বৰ্তি আছে। বিশ্বৰ কিছুমান পুৰণি চিত্ৰকলাৰ আদিস্থান আছিল ইন্দোনেছিয়া।
-
ফাড় চিত্ৰকলা
ফাড় চিত্ৰকলা বা ফাড় (IAST: Phad, হিন্দী: फड़) ভাৰতৰ ৰাজস্থান ৰাজ্যত প্ৰচলিত ধৰ্মীয় স্ক্ৰল চিত্ৰকলা আৰু লোক চিত্ৰকলাৰ এক শৈলী। এই শৈলীৰ চিত্ৰকলা পৰম্পৰাগতভাৱে দীঘল কাপোৰ বা কেনভাছৰ ওপৰত কৰা হয়, যাক ফাড বুলি জনা যায়।
-
বুনেৰ ৰিলিফ
বুনেৰ ৰিলিফ হৈছে প্ৰাচীন গান্ধাৰৰ বৰ্তমান পাকিস্তানৰ পেছাৱৰ উপত্যকাৰ বুনেৰ জিলাৰ পৰা লোৱা কেইবাটাও শিলৰ ৰিলিফ। ইয়াৰে কিছুমান স্বাত উপত্যকাৰ ওচৰতো দেখিবলৈ পোৱা যায়।