ওড়িশাৰ কলা
৪ প্ৰবন্ধ
-
পট্টচিত্ৰ
পটচিত্ৰ বা পট্টাচিত্ৰ হৈছে পৰম্পৰাগত, কাপোৰত স্ক্ৰল চিত্ৰকলাৰ জৰিয়তে প্ৰস্তুত কৰা এক কাৰুকাৰ্য। এই কলা পূব ভাৰতৰ ৰাজ্য ওড়িশা, পশ্চিম বংগ আৰু বাংলাদেশৰ কিছু অংশত দেখিবলৈ পোৱা যায়। পটচিত্ৰ শিল্পৰূপ ইয়াৰ জটিল বিৱৰণৰ লগতে ইয়াত লিপিবদ্ধ পৌৰাণিক আখ্যান আৰু লোককথাৰ বাবে জনাজাত।
-
সম্বলপুৰী শাৰী
সম্বলপুৰী শাৰী হৈছে পৰম্পৰাগত হাতেৰে বোৱা বন্ধা ( ikat ) শাৰী (স্থানীয়ভাৱে "সম্বলপুৰী বন্ধ" সাধি বা শাৰী বুলি কোৱা হয়) য'ত বোৱাৰ আগতে ৱাৰ্প আৰু ৱেফ্ট বান্ধি ৰং কৰা হয়। ভাৰতৰ ওড়িশাৰ সম্বলপুৰ, বৰগড়, বালাংগীৰ, বৌধ আৰু সোণেপুৰ জিলাত ইয়াৰ উৎপাদন হয়।
-
ওড়িশা ইকাট
ওড়িশা ইকাট (Odisha Ikat) ভাৰতৰ ওড়িশা ৰাজ্যl উৎপত্তি হোৱা এক ৰং কৰাৰ কৌশল। "ওড়িশা বন্ধা" নামেৰে খ্যাত এই কৌশল ২০০৭ চনৰ পৰা ভৌগোলিকভাৱে ওড়িশাৰ এক টেগ কৰা সামগ্ৰী। বোৱাৰ আগতে তাঁতশালত ডিজাইন তৈয়াৰ কৰিবলৈ ৱাৰ্প আৰু ৱেফ্ট সূতা টাই-ডাই কৰা প্ৰক্ৰিয়াৰে ইয়াক তৈয়াৰ কৰা হয়।
-
ওড়িশাৰ শিলৰ খোদাই
ওড়িশাৰ শিলৰ খোদাই (Stone carving in Odisha) শিলক খোদিত কৰি কলা আৰু উপযোগী বস্তুলৈ ৰূপান্তৰ কৰা ওড়িশাৰ প্ৰাচীন হস্তশিল্পৰ অনুশীলন। শিলৰ খোদাই কাৰিকৰসকলে মুখ্যতঃ পুৰী, ভুৱনেশ্বৰ আৰু কটক জিলাৰ ললিতগিৰিত অনুশীলন কৰে। ময়ূৰভঞ্জ জিলাৰ খিচিঙতো কিছু পৰিমাণে এই কলাৰ অনুশীলন কৰা হয়।