অসমৰ ভূগোল
৫ প্ৰবন্ধ
-
ব্ৰহ্মপুত্ৰ উপত্যকা
ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ মুখ্য সমভূমি অঞ্চল, যি ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ বহু উপনৈৰ পলস সঞ্চয়ৰ ফলত গঠিত। সাৰুৱা মাটি, মৌচুমী জলবায়ু, জলপথ আৰু নগৰ-বাণিজ্যিক কেন্দ্ৰসমূহৰ বিকাশৰ বাবে ই অসমৰ সমাজ-অৰ্থনীতি আৰু সংস্কৃতিৰ মূল আধাৰ।
-
অসমৰ বিলসমূহৰ তালিকা
বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিম বংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়।
-
অসমৰ ভূগোল
অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিল'মিটাৰ। ই ভাৰতৰ এখন মজলীয়া আকাৰৰ ৰাজ্য। অসমখনক প্ৰধানকৈ তিনিটা ভৌগোলিক অঞ্চলত ভাগ কৰিব পাৰি। ৰাজ্যখনৰ উত্তৰ অংশ জুৰি আছে ব্ৰহ্মপুত্ৰ সমতল আৰু দক্ষিণ অংশত আছে বৰাক সমতল। এই দুখন সমতলৰ মাজত অৰ্থাৎ মাজভাগত এখন উচ্চভূমি অঞ্চল আছে।
-
বিহালী অভয়াৰণ্য
বিহালী অভয়াৰণ্য (Behali Wildlife Sanctuary) অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এখন অভয়াৰণ্য৷ পূব হিমালয়ৰ পাদদেশৰ অৰ্ধ চিৰসেউজ অৰণ্যখন পূৰ্বতে সংৰক্ষিত বনাঞ্চল আছিল। ২০২২ চনৰ ৪ মে’ত অসম ৰাজপত্ৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিহালী সংৰক্ষিত বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
-
অসমৰ আৰ্দ্ৰভূমি
অসমৰ আৰ্দ্ৰভূমি (Wetland of Assam): বিল, জলাশয়, পিটনি আদি আৰ্দ্ৰভূমিৰে সমগ্ৰ অসম ভৰি আছে। সমীক্ষা অনুসৰি অসমত ৪৩০খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আছে। পঞ্জীয়ন নোহোৱা প্ৰায় ৭০ শতাংশ অঞ্চল খেতি কৰিব পৰা এলেকাৰ ভিতৰত পৰে। অসমত আৰ্দ্ৰভূমিয়ে আগুৰা মুঠ মাটিকালি প্ৰায় ১, ৩৪, ১৩৭ হেক্টৰ।