ৰাজস্থানৰ ইতিহাস
৪ প্ৰবন্ধ
-
ছিছোদিয়া বংশ
ছিছোদিয়া বংশ ভাৰতৰ ৰাজস্থানৰ মেৱাৰ অঞ্চলৰ মেৱাৰ ৰাজ্যত শাসন কৰা বংশৰ অন্তৰ্গত এটা ৰাজপুত বংশ। ছিছোদিয়াসকল গুহিলা বংশৰ এটা শাখা আৰু তেওঁলোকে নিজকে সূৰ্যবংশ (সৌৰ বংশ)ৰ বংশধৰ বুলি দাবী কৰে।
-
মাৰৱাৰ
মাৰৱাৰ (Marwar) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ পশ্চিম অংশত অৱস্থিত এক সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল। ইয়াক যোধপুৰ অঞ্চল বুলিও কোৱা হয়। ৰাজস্থানৰ বিখ্যাত থৰ মৰুভূমিও এই অঞ্চলত অৱস্থিত, যি পশ্চিমে পাকিস্তানৰ সিন্ধু প্ৰদেশলৈকে বিস্তৃত। এই অঞ্চলৰ স্থানীয় ভাষাটি হʼল মাৰোৱাৰী।
-
ৰাণী কৰ্ণাৱতী
ৰাণী কৰ্ণাৱতী বা ৰাণী কৰ্মাৱতী (Rani Karnavati; মৃত্যু: ৮ মাৰ্চ ১৫৩৪) ভাৰতৰ বুন্দিৰ এগৰাকী ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক আছিল। মেৱাৰৰ ৰাণা সংগ্ৰাম সিংহৰ সৈতে তেওঁৰ বিবাহ হয়। পৰৱৰ্তী দুই ৰাণা, ৰাণা বিক্ৰমাদিত্য আৰু ৰাণা উদয় সিংহৰ মাতৃ আৰু মহাৰাণা প্ৰতাপৰ আইতাক।
-
পান্না ধাই
পান্না ধাই বা ধাত্ৰী পান্না (Panna Dai) ষোড়শ শতিকাৰ ৰাণা সংগ্ৰাম সিংহৰ চতুৰ্থ পুত্ৰ দ্বিতীয় উদয় সিংহৰ ধাইমাক আছিল আছিল। তেওঁ আছিল খীচি জনগোষ্ঠীৰ ১৫৩৫ চনত ৰাণী কৰ্ণাৱতীয়ে জৌহৰ ব্ৰত ধাৰণ কৰাৰ পিছত উদয় সিংহক পান্নাৰ তত্বাৱধানত এৰি দিয়া হৈছিল।