শিৱৰ সহধৰ্মিণী
৫ প্ৰবন্ধ
-
পাৰ্বতী
পাৰ্বতী হিন্দু ধৰ্মৰ অন্যতম প্ৰধান দেৱী, শক্তি, শক্তি, পুষ্টি, সম্প্ৰীতি, প্ৰেম, সৌন্দৰ্য্য, ভক্তি, আৰু মাতৃত্বৰ দেৱী হিচাপে পূজনীয়। তেওঁ হিমালয়ৰ পুত্ৰী আৰু ভগৱান শিৱৰ পত্নী। পাৰ্বতীৰ মাতৃৰ নাম মেনকা আছিল। উমা, গৌৰী, অম্বিকা, ভৱানী আদি নামেৰেও এওঁক জনা যায়।
-
সতী
সতী (सती) হৈছে হিন্দুধৰ্মৰ বৈবাহিক সুখ আৰু দীৰ্ঘ দাম্পত্যজীৱনৰ দেৱী। হিন্দু ধৰ্মাৱলম্বী মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু কামনাৰ্থে তেওঁৰ পূজা অৰ্চনা কৰে। সতী দেৱীক শিৱৰ প্ৰথম পত্নী বুলি গণ্য কৰা হয়। পাৰ্বতী, যাক সতীৰ পুনৰ জন্ম বুলি কোৱা হয়।
-
গায়ত্ৰী
গায়ত্ৰী (সংস্কৃত: गायत्री) হৈছে বৈদিক গ্ৰন্থৰ এটা জনপ্ৰিয় স্তুতিগীত “গায়ত্ৰী মন্ত্ৰ”ৰ এক ব্যক্তিকৃত ৰূপ। তেওঁক সাবিত্ৰী আৰু বেদমাতা (বেদৰ মাতৃ) বুলিও কোৱা হয়। গায়ত্ৰীক প্ৰায়ে বেদৰ সৌৰ দেৱতা সাবিত্ৰৰ সৈতেও সম্পৰ্কিত কৰা হয়।
-
মৰিআম্মা
মৰি (மாரி), যাক মৰিআম্মান (மாரியம்மன்) আৰু মৰিয়াই হিচাপেও জনা যায়, যাৰ অৰ্থ হৈছে মাতৃ মৰি আৰু মৰিআম্মা (மாரியம்மா) বা সহজকৈ আম্মান বা আথা (அம்மன், "মাতৃ") বুলি কোৱা হয়, তেখেত হৈছে তামিলনাডু আৰু কাষৰীয়া অঞ্চলত হিন্দু ধৰ্মত পূজিতা বৰষুণৰ দেৱী।
-
চন্দ্ৰঘণ্টা
চন্দ্ৰঘণ্টা (चंद्रघंटा) হৈছে দেৱী পাৰ্বতীৰ (দুৰ্গা) তৃতীয় ৰূপ। চন্দ্ৰঘণ্টাৰ অৰ্থ হৈছে "যাৰ অৰ্ধ চন্দ্ৰ আকৃতিৰ ঘণ্টা আছে।" দেৱীৰ তৃতীয় নয়ন সদায় মুক্ত অৱস্থাত থাকে আৰু তেওঁ সদায় ৰাক্ষসৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাজু থাকে। তেওঁক চন্দ্ৰখণ্ড, চণ্ডিকা বা ৰণচণ্ডী বুলিও জনা যায়।