শংকৰদেৱৰ নাট
৬ প্ৰবন্ধ
-
ৰুক্মিণী হৰণ নাট
ৰুক্মিণী হৰণ নাটখন ভাগৱত আৰু হৰিবংশমৰ পৰা কাহিনী সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। প্ৰেম আৰু মিলন, বিবাদেই হৈছে এই নাটখনৰ মূল সমল। কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল। কিন্তু, জ্যেষ্ঠ ভাতৃ ৰুক্মিয়ে কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে।
-
ৰাম বিজয়
ৰাম বিজয় নাটখন শ্ৰীমন্ত শংকৰদেৱে ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি ৰচনা কৰিছে। ৰাম বিজয় নাটখনৰ নায়িকা হৈছে সীতা।
-
পাৰিজাত হৰণ নাট
পাৰিজাত হৰণ নাটখনি মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ নাট। নাটকীয় দৃষ্টিভংগীৰেও এই নাটখনি উচ্চ পৰ্যায়ৰ। নাটখনিৰ প্ৰত্যেকটো চৰিত্ৰই বিশেষকৈ নাৰী চৰিত্ৰ সমূহ স্বকীয় বৈশিষ্ট্য বিদ্যমান।
-
চিহ্ন-যাত্ৰা
চিহ্ন-যাত্ৰা গুৰু-চৰিত কথামতে জ্ঞাত শংকৰদেৱৰ দ্বাৰা ৰচিত এখনি নাট৷ নাটখনি অৱশ্যে এতিয়াও উদ্ধাৰ হোৱা নাই৷ তুলাপাতত সপ্ত বৈকুণ্ঠৰ চিত্ৰ আঁকি দেখুওৱাৰ পিছত ভক্ত-ৰাইজৰ আগ্ৰহত তেওঁ সেই চিত্ৰৰ কাহিনী অভিনয় কৰি দেখুৱাইছিল৷ চিহ্নমতে অভিনয় কৰিছিল বাবেই নাটখনিৰ নাম চিহ্নযাত্ৰা৷
-
কালিয়দমন নাট
কালিয়দমন নাটখন শ্ৰীমন্ত শঙ্কৰদেৱে ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত ৰচনা কৰিছিল। শংকৰদেৱৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় নাট। পুত্ৰস্নেহী যশোদা আৰু কাণাইপ্ৰেমী গোপীসকলৰ উপৰিও নাগ পত্নীসকল এই নাটৰ নাৰীৰ চৰিত্ৰ আছিল।
-
কেলি গোপাল
কেলি গোপাল শংকৰদেৱ বিৰচিত এখনি অংকীয়া নাট৷ নাটখনি কীৰ্তন আৰু দশমত সন্নিৱিষ্ট ৰাসলীলাৰ কাহিনীৰেই ৰচিত হৈছে৷ শংকৰদেৱৰ অন্যান্য নাটৰ দৰে এই নাটখনি কাহিনীপ্ৰধান নহয়৷ ই গীত আৰু নৃত্য প্ৰধান নাট৷