ম'বাইল ফোন নিৰ্মাতা
৬ প্ৰবন্ধ
-
জিঅ'
জিঅ (চমুকৈ ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেড) হৈছে ভাৰতৰ এখন দূৰসংযোগ সেৱা প্ৰদানকাৰী কোম্পানী।ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ই প্ৰি-পেড, পোষ্ট-পেড, ফিক্সড লাইনৰ দ্বাৰা ৪জি আৰু ৫জি সেৱা আগবঢ়ায়।
-
টেকন' ম'বাইল
টেকন' ম'বাইল (TECNO Mobile) হৈছে চীনৰ শ্বেনজেনত অৱস্থিত ম'বাইল ফোন নিৰ্মাতা কোম্পানী। ২০০৬ চনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। ই ট্ৰেন্সচন হোল্ডিংছৰ এটা সহযোগী কোম্পানী। টেকন'ই আফ্ৰিকা, মধ্যপ্ৰাচ্য, দক্ষিণ-পূব এছিয়া, ভাৰত, লেটিন আমেৰিকা, আৰু পূব ইউৰোপৰ বজাৰত নিজৰ ব্যৱসায় কেন্দ্ৰীভূত কৰিছে।
-
মাইক্ৰ’মেক্স ম’বাইল
মাইক্ৰ’মেক্স গুড়গাও, হাৰিয়ানা, ভাৰতত অৱস্থিত এটা ইলেকট্ৰনিকচ সামগ্ৰী নিৰ্মাতা ব্যৱসায়িক প্ৰতিষ্ঠান। বৰ্তমান ই ম’বাইল ফোন, ডাটাকাৰ্ড, এল ই ডি টেলিভিচন নিৰ্মাণ কৰে।
-
ৰিয়েলমি
ৰিয়েলমি (realme) হৈছে চীনৰ এটা বহুজাতিক গ্ৰাহক ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাতা, যাৰ মুখ্য কাৰ্যালয় শ্বেনজেন, গুৱাংডঙত অৱস্থিত। ইয়াৰ প্ৰতিষ্ঠা ২০১৮ চনৰ ৪ মে’ তাৰিখে লি বিংঝং (স্কাই লি নামেৰে পৰিচিত) আৰু মাধৱ শেঠৰ দ্বাৰা কৰা হৈছিল, যি অপ্প'ৰ পূৰ্বৰ সহ-সভাপতি আছিল।
-
কাৰ্বন ম'বাইল
কাৰ্বন (কাৰ্বন ম'বাইল নামে পৰিচিত) হৈছে এটা ভাৰতীয় বহুজাতিক প্ৰযুক্তি কোম্পানী, যিয়ে ফিচাৰ ফোন, স্মাৰ্টফোন, টেবলেট আৰু ম'বাইল ফোন এক্সেছৰী নিৰ্মাণ কৰে। এই কোম্পানীটো মাৰ্চ ২০০৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় দিল্লী, ভাৰতত অৱস্থিত। কাৰ্বন হৈছে United Telelinks Ltd.
-
ন'কিয়া ৩৫০০ ক্লাছিক
ন'কিয়া ৩৫০০ ক্লাছিক (Nokia 3500 classic) হৈছে এটা ম'বাইল ফোন। ন'কিয়াই নিৰ্মাণ কৰা এই ফোনটো ২০০৭ চনত বিক্ৰীৰ বাবে মুকলি কৰা হৈছিল। যিটো আছিল ২০০৭ চনৰ আৰম্ভণিতে মুকলি কৰা ন'কিয়া ৩১১০ ক্লাছিকৰ উন্নীতকৰণ।